ETV Bharat / bharat

Wrestlers protest : দিল্লীৰ প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষত নীৰজ চোপ্ৰা

author img

By

Published : Apr 28, 2023, 1:00 PM IST

ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ প্ৰতিক্ৰিয়া (Neeraj Chopra reacts over wrestlers protest)। প্ৰতিবাদক লৈ উদ্বিগ্ন তাৰকাগৰাকী । এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃপক্ষক আহ্বান খেলুৱৈগৰাকীৰ ।

Wrestlers protest
প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষত নীৰজ চোপ্ৰা

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে (Wrestlers protest against WFI President)। ন্যায়ৰ দাবীত একাংশ মল্লযুঁজাৰুৱে প্ৰতিবাদ কৰা দেখি উদ্বিগ্ন অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা (Neeraj Chopra concerned over wrestlers protest)। মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক সমৰ্থন জনাই তেওঁ কয় যে ন্যায়ৰ দাবীত ৰাজপথত খেলুৱৈসকলক দেখি তেওঁ মৰ্মাহত হৈছে ।

খেলুৱৈসকলক তেনেকৈ ৰাজপথত দেখি তেওঁ দুখিত হৈছে বুলি উল্লেখ কৰিছে । টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চোপ্ৰাই এক টুইটযোগে কয় যে সেইসকল খেলুৱৈয়ে ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি আমাক গৌৰৱান্বিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে (Neeraj Chopra reacts over wrestlers protest)।

তেওঁ কয় যে এখন ৰাষ্ট্ৰ হিচাবে আমি প্ৰতিজন ব্যক্তি, খেলুৱৈৰ অখণ্ডতা আৰু মৰ্যাদা সুৰক্ষিত কৰাৰ বাবে দায়বদ্ধ । তেওঁ উল্লেখ কৰা মতে যি হৈ আছে সেয়া কেতিয়াও হোৱা উচিত নহয় । এইটো এক স্পৰ্শকাতৰ বিষয় আৰু ইয়াক নিৰপেক্ষ আৰু স্বচ্ছভাৱে মোকাবিলা কৰিব লাগিব বুলিও তেওঁ দাবী কৰে । কৰ্তৃপক্ষই এই ক্ষেত্ৰত সোনকালে পদক্ষেপ ল'ব লাগে বুলিও তেওঁ কয় ।

উল্লেখ্য যে খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে একাংশ মল্লযুঁজাৰুৱে । প্ৰতিবাদত শীৰ্ষ ভাৰতীয় মল্লযুঁজাৰু যেনে বিনেশ ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়া আৰু আন বহুতো মল্লযুঁজাৰুক দেখা গৈছে । তিনি মাহৰ অন্তত পুনৰ বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াৰ দৰে তাৰকা মল্লযুঁজাৰু দেওবাৰে ডব্লিউএফআইৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে । প্ৰতিবাদকাৰী খেলুৱৈসকলৰ অভিযোগ যে বিষয়টোত এতিয়ালৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই ।

নীৰজ চোপ্ৰাৰ উপৰিও কেইবাগৰাকীও খেলুৱৈয়ে মল্লযুঁজাৰুসকলৰ এই প্ৰতিবাদক সমৰ্থন জনোৱা দেখা গৈছে । ভাৰতৰ প্ৰথম ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ তথা অলিম্পিক এথলীট কমিছনৰ সদস্য অভিনৱ বিন্দ্ৰাইও প্ৰতিবাদ কৰি থকা ভাৰতীয় মল্লযুঁজাৰুসকলৰ প্ৰতি সমৰ্থন জনাইছে ।

লগতে পঢ়ক :Wrestlers protest : WFIৰ নিৰ্বাচন স্থগিত, অলিম্পিক সংস্থাই গঠন কৰিব সমিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.