নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : চলিত বছৰটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । একপ্ৰকাৰ ২০২৩ চনটো ইছৰোৰ বাবে সফলতাৰ বছৰ । প্ৰথমে ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযান সফল হয় আৰু তাৰ পাছত ইছৰোৰ প্ৰথমটো সূৰ্য অভিযান আৰম্ভ হয় । এই সফলতাক ইছৰো আৰু ভাৰত চৰকাৰে ব্যাপকভাৱে উদযাপন কৰিছে । তাৰ অংশস্বৰূপে এইবাৰ চন্দ্ৰযান ৩ মহাকুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ইছৰোৰ মুৰব্বী এছ সোমনাথে এই প্ৰতিযোগিতাত দেশবাসীৰ অংশগ্ৰহণৰ কামনা কৰিছে ।
দেশৰ সফল চন্দ্ৰ অভিযান উদযাপন আৰু মহাকাশ সাফল্যৰ বিষয়ে জানিবলৈ ৰাইজৰ কৌতূহল বৃদ্ধি কৰাৰ লক্ষ্যৰে চন্দ্ৰযান ৩ মহাকুইজৰ আয়োজন কৰা হৈছে আৰু সেয়ে ইয়াত অংশগ্ৰহণ কৰিবলৈ এছ সোমনাথে ৰাইজক আমন্ত্ৰণ জনাইছে । তেওঁ উল্লেখ কৰা মতে আগ্ৰহী লোকসকলে চৰকাৰী ৱেব ছাইট MyGov.inত গৈ মহাকুইজত অংশগ্ৰহণ কৰিব পাৰিব ।
-
India is on the moon!
— ISRO (@isro) September 25, 2023 " class="align-text-top noRightClick twitterSection" data="
Hear a special message from the @isro Chief to all Indians: Participate in the #Chandrayaan3MahaQuiz exclusively on @MyGov Let's celebrate this historic lunar landing together.
Visit https://t.co/6f8uxIbyAK#Chandrayaan3 #ISROQuiz pic.twitter.com/hxnzkJdYB8
">India is on the moon!
— ISRO (@isro) September 25, 2023
Hear a special message from the @isro Chief to all Indians: Participate in the #Chandrayaan3MahaQuiz exclusively on @MyGov Let's celebrate this historic lunar landing together.
Visit https://t.co/6f8uxIbyAK#Chandrayaan3 #ISROQuiz pic.twitter.com/hxnzkJdYB8India is on the moon!
— ISRO (@isro) September 25, 2023
Hear a special message from the @isro Chief to all Indians: Participate in the #Chandrayaan3MahaQuiz exclusively on @MyGov Let's celebrate this historic lunar landing together.
Visit https://t.co/6f8uxIbyAK#Chandrayaan3 #ISROQuiz pic.twitter.com/hxnzkJdYB8
চন্দ্ৰযান ৩ মহাকুইজ প্ৰতিযোগিতাত ১০ টা এমচিকিউ প্ৰকাৰৰ প্ৰশ্ন থাকিব । ৫ মিনিট বা ৩০০ ছেকেণ্ডৰ ভিতৰত এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব । ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক চন্দ্ৰযান ৩-ৰ বিষয়ে অধিক অন্বেষণ কৰিবলৈ উৎসাহিত কৰা ।
ইছৰোৰ মুৰব্বীগৰাকীয়ে এক্সত এটা ভিডিঅ' পোষ্ট কৰি কয় যে সকলোৱে mygov.in ৱেব ছাইটলৈ গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । তেওঁ উল্লেখ কৰা মতে ৰাইজে ৱেব ছাইটত লগ ইন কৰি আৰু স্পেচ কুইজ প্ৰ'গ্ৰামত অংশ ল'ব পাৰিব । ইয়াৰ জৰিয়তে তেওঁ ৰাইজক ইছৰোক সমৰ্থন কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে mygov হৈছে ভাৰতৰ চৰকাৰৰ নাগৰিক নিয়োগ মঞ্চ যাৰ উদ্দেশ্য হৈছে দেশৰ শাসন আৰু উন্নয়নত ভাৰতীয় নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰা । চন্দ্ৰযান ৩ মহাকুইজত অংশগ্ৰহণকাৰীসকলে এটা ব্যক্তিগত একাউণ্ট খুলিব লাগিব । আনহাতে এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক ১ লাখ নগদ ধন পুৰস্কাৰ হিচাপে দিয়া হ'ব । দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক ৭৫ হাজাৰ টকা আৰু তৃতীয়গৰাকীক ৫০ হাজাৰ টকা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক :Chandrayaan-3 Mission: বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰৰ পৰা পোৱা নাই কোনো সংকেত-ISRO