ETV Bharat / bharat

Chandrayaan 3: 23 আগষ্টত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ সম্ভাৱনা চন্দ্ৰযান-3 য়ে

author img

By

Published : Aug 20, 2023, 8:44 AM IST

ইছৰ'ৰ মতে, চন্দ্ৰযান-3 অভিযানত দ্বিতীয় আৰু চূড়ান্ত ডিবুষ্টিং অভিযানে লেণ্ডাৰ মডিউলৰ কক্ষপথ 25 কিলোমিটাৰ x 134 কিলোমিটাৰলৈ সফলতাৰে হ্ৰাস কৰিছে । লেণ্ডাৰ মডিউলৰ কক্ষপথ সফলতাৰে হ্ৰাস কৰি চন্দ্ৰৰ ওচৰলৈ লৈ গৈছে । চন্দ্ৰযান-3 ৰ অৱতৰণৰ বাবে 23 আগষ্ট নিৰ্ধাৰণ কৰা হৈছে ৷

ISRO Chandrayaan 3 mission
23 আগষ্টত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ সম্ভাৱনা চন্দ্ৰযান-3 ৰ

নেশ্যনেল ডেস্ক, 20 আগষ্ট: দেওবাৰে ইছৰো (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা)ই কয় যে চন্দ্ৰযান-3 অভিযানৰ লেণ্ডাৰ মডিউল (এল এম)ৰ কক্ষপথ সফলতাৰে হ্ৰাস কৰি চন্দ্ৰৰ আৰু অধিক ওচৰলৈ লৈ গৈছে । ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱেও কয় যে এতিয়া এল এমৰ আভ্যন্তৰীণ পৰীক্ষা কৰা হ’ব । লেণ্ডাৰ বিক্ৰম’ আৰু ৰভাৰ প্ৰজ্ঞান’ৰে গঠিত এল এম বিমানখনে 23 আগষ্টৰ সন্ধিয়া চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

দ্বিতীয় আৰু চূড়ান্ত ডিবুষ্টিং (স্লোইং ডাউন) অপাৰেচনে এল এম কক্ষপথ 25 কিলোমিটাৰ x 134 কিলোমিটাৰলৈ সফলতাৰে হ্ৰাস কৰিছে । মডিউলটোৰ আভ্যন্তৰীণ পৰীক্ষা কৰা হ’ব আৰু নিৰ্দিষ্ট অৱতৰণ স্থানত সূৰ্য উদয়ৰ বাবে অপেক্ষা কৰা হ’ব । দেওবাৰে ইছৰোৱে বৰ্তমানৰ ‘এক্স’ তথা পূৰ্বৰ টুইটাৰত জনোৱা মতে, 2023 চনৰ 23 আগষ্টৰ বিয়লি প্ৰায় 17.45 বজাৰ পৰা চালিত অৱতৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

14 জুলাইত অভিযান আৰম্ভ হোৱাৰ 35 দিনৰ পাছত বৃহস্পতিবাৰে চন্দ্ৰযান-3 ৰ এল এম প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হয় । ইছৰোৰ সূত্ৰই পূৰ্বে জনাইছিল যে পৃথক হোৱাৰ পিছত লেণ্ডাৰখনে "ডিবুষ্ট" (মন্থৰ হোৱাৰ প্ৰক্ৰিয়া)ৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ অপাৰেচনৰ দ্বাৰা ইয়াক এটা কক্ষপথত স্থাপন কৰা হয়, য'ত পেৰিলুন (চন্দ্ৰৰ পৰা কক্ষপথৰ আটাইতকৈ ওচৰৰ বিন্দু) 30 কিলোমিটাৰ আৰু এপ'লুন (চন্দ্ৰৰ পৰা আটাইতকৈ দূৰৈৰ বিন্দু) 100 কিলোমিটাৰ দূৰত, য'ৰ পৰা চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণৰ বাবে চেষ্টা চলোৱা হ’ব ।

প্ৰায় 30 কিলোমিটাৰ উচ্চতাত লেণ্ডাৰখনে চালিত ব্ৰেকিং পৰ্যায়ত প্ৰৱেশ কৰে আৰু চন্দ্ৰৰ পৃষ্ঠত উপনীত হ’বলৈ নিজৰ থ্ৰাষ্টাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে বুলি তেওঁলোকে কয় ৷ সংস্থাটোৱে লগতে কয় যে প্ৰায় 100 মিটাৰ উচ্চতাত লেণ্ডাৰখনে পৃষ্ঠভাগ স্কেন কৰি পৰীক্ষা কৰিব কোনো বাধা আছে নে নাই আৰু তাৰ পিছত অৱতৰণৰ বাবে নামিবলৈ আৰম্ভ কৰিব ।

14 জুলাইত উৎক্ষেপণৰ পিছত 5 আগষ্টত চন্দ্ৰযান-3 চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰে, তাৰ পিছত আগষ্টত ইয়াৰ দুয়োটা মডিউল পৃথক কৰাৰ পূৰ্বে 6, 9, 14 আৰু 16 আগষ্টত উপগ্ৰহটোত কক্ষপথ হ্ৰাসৰ কৌশল সম্পন্ন কৰা হয় ৷ ইয়াৰ পূৰ্বে 14 জুলাইত উৎক্ষেপণৰ পিছৰ তিনি সপ্তাহৰ ভিতৰত পাঁচটা খোজৰ ভিতৰত ইছৰ’ই চন্দ্ৰযান-3 মহাকাশযানখনক পৃথিৱীৰ পৰা দূৰৈৰ কক্ষপথলৈ লৈ গৈছিল ।

চন্দ্ৰযান-3 অভিযানৰ লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত নিৰাপদভাৱে অৱতৰণ কৰা, চন্দ্ৰত ৰভাৰ ৰভিং প্ৰদৰ্শন কৰা, আৰু স্থানীয়ভাৱে বৈজ্ঞানিক পৰীক্ষা কৰা । এই লেণ্ডাৰখনৰ চন্দ্ৰৰ নিৰ্দিষ্ট স্থানত মসৃণভাৱে অৱতৰণ কৰাৰ ক্ষমতা আছে আৰু ইয়াৰ গতিশীলতাৰ সময়ছোৱাত চন্দ্ৰপৃষ্ঠৰ স্থানীয় ৰাসায়নিক বিশ্লেষণ কৰিব পৰা ৰভাৰখন নিয়োগ কৰে । লেণ্ডাৰ আৰু ৰভাৰত চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষা কৰিবলৈ বৈজ্ঞানিক পেলোড আছে ।

লগতে পঢ়ক: Chandrayaan-3: সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি সুৰক্ষিত অৱতৰণৰ দিশে চন্দ্ৰযান-3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.