ETV Bharat / bharat

Israel Hamas war: কংগ্ৰেছক সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল আখ্যা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ সভাত ইজৰাইল আৰু হামাছৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰসংগ । কাৱৰ্ধাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক হামাছৰ সন্ত্ৰাসবাদীৰ সমৰ্থক বুলি অভিহিত কৰে ।

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:54 PM IST

Israel Hamas war
Chhattisgarh assembly election

নিউজ ডেস্ক, 18 অক্টোবৰ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ছত্তিশগড়ৰ নিৰ্বাচনী সভাত ইজৰাইল-হামাছ যুদ্ধৰ কথা উল্লেখ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায় । হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী বিজয় শৰ্মাৰ মনোনয়ন দাখিলৰ সভাত অংশগ্ৰহণ কৰিবলৈ কাৱৰ্ধত উপস্থিত হয় । এই সময়ছোৱাত ড৹ শৰ্মাই ছত্তিশগড়ৰ নিৰ্বাচনত ইজৰাইল-হামাছ যুদ্ধৰ কথা উল্লেখ কৰে ৷ কিছুদিন পূৰ্বে সংঘটিত হোৱা এই ভয়ংকৰ যুদ্ধক লৈ কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ড৹ শৰ্মাই । নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্তই কংগ্ৰেছে সন্ত্ৰাসবাদীক সমৰ্থন কৰা বুলি অভিযোগ কৰে ।

  • इजराइल पर आतंकी हमले हुए पर कांग्रेस ने किया किसका समर्थन ?

    📍कवर्धा @BJP4CGState pic.twitter.com/yi66cohEfy

    — Himanta Biswa Sarma (@himantabiswa) October 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

হামাছৰ সৈতে কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে । এই যুদ্ধত প্ৰথমে হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল, য'ত বৃদ্ধৰ পৰা শিশুলৈকে বহুলোককে হত্যা কৰিছিল । এতিয়া ইজৰাইলে হামাছৰ বিৰুদ্ধে যুঁজিছে । হামাছৰ ওপৰত প্ৰতিশোধ লৈ গাজা ষ্ট্ৰিপ আক্ৰমণ কৰিছে ইজৰাইলে । ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইজৰাইলক সমৰ্থন কৰিছিল যদিও কংগ্ৰেছৰ সমৰ্থন সন্ত্ৰাসবাদীৰ লগত আছিল ।

‘‘গাজা আক্ৰমণৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন বৈঠক আহ্বান কৰে । ইয়াৰ পিছত তেওঁ কয় যে আমি হামাছৰ সৈতে আছোঁ । পেলেষ্টাইনৰ প্ৰতি কংগ্ৰেছ যে সহানুভূতিশীল সেয়া স্পষ্ট । সন্ত্ৰাসবাদীৰ প্ৰতি কংগ্ৰেছে সহানুভূতিশীল ৷’’ হিমন্ত বিশ্ব শৰ্মা ৷

কংগ্ৰেছৰ স্থিতি কি আছিল: ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ সন্দৰ্ভত কংগ্ৰেছে কয় যে পেলেষ্টাইনী জনসাধাৰণৰ উদ্বেগ কেৱল আলোচনাৰ জৰিয়তেহে সমাধান কৰিব লাগে । যিকোনো ধৰণৰ হিংসাৰ পৰা কোনো সমাধান নাহে । এতিয়া বিজেপিয়ে পেলেষ্টাইনৰ বিষয়ত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে ।

কাৱাৰ্ডাত কংগ্ৰেছক আক্ৰমণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে 60 বছৰ ভাৰতত শাসন কৰিছিল । এই সময়ছোৱাত কংগ্ৰেছে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰি দেশৰ পৰা ভগৱান ৰামৰ অস্তিত্ব ধ্বংস কৰাৰ কাম কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে যি কৈছিল তাকেই কৰিলে আৰু উত্তৰ প্ৰদেশত এটা ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । সেয়াই প্ৰমাণ কৰে যে বিজেপিয়ে যি কয় তাকেই কৰে । সভাৰ অন্তত বিজেপিৰ প্ৰাৰ্থী বিজয় শৰ্মাৰ সৈতে হিমন্ত বিশ্ব শৰ্মায়ো এক সমাৱেশত যোগদান কৰে । তাৰ পিছতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

লগতে পঢ়ক: Assam CM slams Raga: ৰাহুল গান্ধীৰ দৰে ‘ঘাটিয়া’ নেতা ক’তো দেখা নাই: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.