নিউজ ডেস্ক, 19 অক্টোবৰ: গাজাৰ এখন চিকিৎসালয়ত সংঘটিত আক্ৰমণে বিশ্বব্যাপী ক্ষোভৰ সৃষ্টি কৰাৰ কিছুদিন পিছতে বৃহস্পতিবাৰে ভাৰতে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ভাৰত সাধাৰণ লোকৰ মৃত্যু আৰু মানৱীয় পৰিস্থিতিক লৈ চিন্তিত ।
এই সপ্তাহত চিকিৎসালয়খনত হোৱা আক্ৰমণৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ সংবাদ মাধ্যমক কয়, ‘‘আমি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাম৷’’ ‘‘ইজৰাইলৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছোঁ’’ বুলি উল্লেখ কৰি বাগচীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সমাজে সন্ত্ৰাসবাদৰ সকলো ধৰণৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে থিয় দিব লাগিব ।
পেলেষ্টাইন বিবাদ সন্দৰ্ভত তেওঁ কয় যে ভাৰতে দুখন ৰাষ্ট্ৰৰ বিবাদ সমাধানৰ বাবে প্ৰত্যক্ষ আলোচনাৰ সপক্ষে নিজৰ স্থিতি পুনৰবাৰ প্ৰকাশ কৰিছে । মঙলবাৰে গাজাৰ আল-আহলী আৰব হাস্পতালত সংঘটিত হোৱা বিস্ফোৰণত প্ৰায় ৪৭০ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷ এই ঘটনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ নিন্দা হৈছে ।
পেলেষ্টাইন কৰ্তৃপক্ষই চিকিৎসালয়খনত হোৱা বিস্ফোৰণৰ বাবে ইজৰাইলৰ বিমান আক্ৰমণক দোষাৰোপ কৰাৰ বিপৰীতে ইজৰাইলে কয় যে উগ্ৰপন্থী সংগঠন পেলেষ্টাইন ইছলামিক জেহাদে গাজাৰ পৰা ভুলভাৱে নিক্ষেপ কৰা ৰকেটৰ ফলত এই আক্ৰমণ সংঘটিত হৈছে ।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাজা চিকিৎসালয়ত হোৱা আক্ৰমণত বহু সংখ্যক লোকে প্ৰাণ হেৰুওৱা ঘটনাক লৈ আশ্চৰ্য প্ৰকাশ কৰে ৷ লগতে এই সংঘাতত সাধাৰণ লোকৰ মৃত্যুৰ সৈতে জড়িতসকলক জগৰীয়া কৰা উচিত বুলি উল্লেখ কৰে ।
মোদীয়ে এক্সত কয়, "গাজাৰ আল আহলি হাস্পতালত হোৱা কৰুণ মৃত্যুত গভীৰভাৱে স্তম্ভিত । নিহতসকলৰ পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা, আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা । অব্যাহত থকা সংঘাতত নাগৰিকৰ মৃত্যু গুৰুতৰ তথা গভীৰ চিন্তাৰ বিষয় । ইয়াৰ লগত জড়িতসকলক জগৰীয়া কৰা উচিত ।’’
যোৱা ৭ অক্টোবৰৰ পৰা গাজাৰ পৰা হামাছৰ উগ্ৰপন্থীয়ে ইজৰাইলৰ বিৰুদ্ধে অভূতপূৰ্ব আৰু বহুমুখী আক্ৰমণ কৰাৰ ফলত এই সংঘাতৰ সূচনা হৈছে । এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলে গাজাত ব্যাপক প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি গাজাত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা ৩৩০০ৰো অধিক লোক নিহত হৈছে আৰু ১২ হাজাৰৰো অধিক লোক আহত হৈছে । ইজৰাইলত ৭ অক্টোবৰৰ পৰা উগ্ৰপন্থী সংগঠন হামাছৰ মাৰাত্মক আক্ৰমণত প্ৰায় ১৪০০ লোক নিহত হোৱাৰ লগতে ৩৮০০ লোক আহত হৈছে । হামাছে আন প্ৰায় ২০০ জন লোকক অপহৰণ কৰিছে ।
লগতে পঢ়ক: Protest urging ceasefire in Gaza : গাজাত যুদ্ধবিৰতিৰ দাবীত আমেৰিকাত প্ৰতিবাদ