ETV Bharat / bharat

Intruder arrested along LoC in Poonch: পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আটক আফগান নাগৰিক - পাকিস্তানী অনুপ্ৰৱেশকাৰী

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আটক অনুপ্ৰৱেশকাৰী ৷ ধৃত অনুপ্ৰৱেশকাৰীটো আফগান নাগৰিক বুলি চিনাক্ত ৷ পুঞ্চৰ মেণ্ডহাৰ মহকুমাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কোনো আফগান নাগৰিকক গ্ৰেপ্তাৰ হোৱা এইটোৱেই প্ৰথম ঘটনা ৷

Intruder arrested along LoC in Poonch
পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আটক আফগান নাগৰিক
author img

By

Published : Aug 9, 2023, 8:59 PM IST

নিউজ ডেস্ক, ৯ আগষ্ট: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সোমবাৰে ভাৰতীয় সেনাই এটা অনুপ্ৰৱেশকাৰীক আটক কৰে ৷ ধৃত অনুপ্ৰৱেশকাৰীটোক প্ৰথমে পাকিস্তান দখলীকৃত কাশ্মীৰৰ (PoK) বাসিন্দা বুলি ধাৰণা কৰা হৈছিল, যিয়ে সীমান্তৰ কাঁটা-তাঁৰেদি লুকা-চুৰকৈ প্ৰৱেশ কৰা সময়তে বালাকোট ছেক্টৰৰ সমীপৰ ডাবি-বছুনি গাঁৱত সেনাৰ হাতত ধৰা পৰে । "জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত এজন ২২ বছৰীয়া পাকিস্তানী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । বালাকোটে ছেক্টৰৰ ডাবি-বছুনি গাঁৱৰ পৰা সেনা আৰু আৰক্ষীৰ যৌথ দলে ৱাহিদক জিম্মাত লৈছিল ।" সোমবাৰে আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

কিন্তু আৰক্ষীৰ জেৰাত অনুপ্ৰৱেশকাৰীটো আফগান নাগৰিক বুলি জানিব পৰা হয় ৷ ধৃত অনুপ্ৰৱেশকাৰীটো আব্দুল ৱাহিদ বুলি চিনাক্ত কৰা হৈছে আৰু আব্দুলৰ বাওঁ ভৰিটো অক্ষম । আৰক্ষী সূত্ৰ অনুসৰি, সোমবাৰে বালাকোট ছেক্টৰৰ সীমান্তৰ ডাবি-বছুনি গাঁৱৰ সমীপৰ পুঞ্চ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখা পাৰ কৰাৰ সময়তে সেনাই আব্দুল ৱাহিদক(২০) আটক কৰে । ইয়াৰ পাচত মঙলবাৰৰ মাজনিশা ৱাহিদক সেনাই আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ ধৃত আফগান নাগৰিকটোৰ পৰা আৰক্ষীয়ে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । সম্প্ৰতি আৰক্ষীয়ে আব্দুলৰ অনুপ্ৰৱেশৰ আঁৰৰ কাৰণ সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে ।

তাৎপৰ্যপূৰ্ণভাৱে পুঞ্চৰ মেণ্ডহাৰ মহকুমাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কোনো আফগান নাগৰিকক গ্ৰেপ্তাৰ হোৱা এইটোৱেই প্ৰথম ঘটনা ৷ ইফালে ভাৰতীয় সেনাই আফগান নাগৰিকটোক গ্ৰেপ্তাৰ কৰাৰ পিছত আইনী আনুষ্ঠানিকতা অনুসৰি ৱাহিদক জেৰা সম্পূৰ্ণ কৰি আৰক্ষীক গতাই দিয়ে । কাবুলৰ আব্দুল ৱাহিদক হোৱাইট নাইট কৰ্পছৰ জোৱানে আটক কৰি পুঞ্চৰ মেন্ধৰ সংমণ্ডলৰ বালাকোট ছেক্টৰত জম্মু কাশ্মীৰ আৰক্ষীক অধিক জেৰাৰ বাবে গতাই দিয়ে ।

লগতে পঢ়ক: Honeytrap: পাকিস্তানী মহিলাৰ হানিট্ৰেপিঙৰ বলি চিআইএছএফ কনিষ্টবল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.