ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা - এডভান্সাৰ

এডভেন্সাৰ ট্যু’ৰ অপাৰেটৰছ এছ'চিয়েছন অৱ কাশ্মীৰ আৰু মাউণ্টেইন বাইকিং এছ'চিয়েছন আৰু পৰ্যটন বিভাগে দুঃসাহসিক পৰ্যটনৰ প্ৰসাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে দুদিনীয়া অনুষ্ঠানৰ আয়োজন কৰে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা

author img

By

Published : Dec 14, 2020, 7:39 PM IST

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱসৰ লগত সংগতি ৰাখি কাশ্মীৰৰ পৰ্যটন সঞ্চালকালয়ে গুলমাৰ্গত স্ন' চাইক্লিং আৰু স্কী মাইণ্টেইনিৰীং প্ৰতিযোগিতাৰ আয়োজন কৰে । পৰ্বতাৰোহী তথা সন্মানীয় টেনজিং নৰগে দুঃসাহসিক বঁটা বিজয়ী অপৰ্ণা কুমাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে । প্ৰতিযোগীসকলক উত্‍সাহ যোগাই অপৰ্ণা কুমাৰে কয় যে, 'পৰ্যটন সঞ্চালকালয়ে আয়োজিত কৰা দুঃসাহসিক ক্ৰীড়াত বহু যুৱক-যুৱতীয়ে অংশ লোৱা পৰিলক্ষিত হৈছে আৰু জম্মু-কাশ্মীৰৰ নৱ প্ৰজন্মৰ দুঃসাহসিক ক্ৰীড়াৰ বাবে যথেষ্ট আগ্ৰহী আৰু তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনত মই অভিভূত হৈছো ।'

আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা
আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা

লগতে তেওঁ কয় যে, সমগ্ৰ দেশৰ যুৱক-যুৱতী জম্মু-কাশ্মীৰলৈ অহা উচিত আৰু গুলমাৰ্গত উপলব্ধ স্কী মাইণ্টেইনিৰীঙৰ সুবিধা লোৱা উচিত । দেশৰ কোনো লোকেই এনেকুৱা ৰোমাঞ্চকৰ দৃশ্য উপভোগ কৰাৰ সুযোগ এৰি দিব নালাগে বুলিও তেওঁ মন্তব্য কৰে । পূৰ্বে কাশ্মীৰৰ বহু চাইকেল আৰোহীয়ে প্ৰশাসনে আয়োজন কৰা স্ন' চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । সীমান্তত দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰৰ বাবে পৰ্যটন বিভাগৰ সহযোগত এডভান্সাৰ ট্যু’ৰ অপাৰেটৰছ এছ'চিয়েছন অৱ কাশ্মীৰ আৰু মাউণ্টেইন বাইকিং এছ'চিয়েছনে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে ।

লগতে পঢ়ক:গুজৰাটত মঙলবাৰে কেবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.