ETV Bharat / bharat

Sikkim cloud burst : আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলে মূল্যাঙ্কন কৰিব ছিকিমৰ ক্ষয়-ক্ষতিৰ

author img

By ANI

Published : Oct 6, 2023, 4:04 PM IST

ছিকিমৰ ক্ষয়-ক্ষতিৰ মূল্যাঙ্কন কৰিবলৈ গৃহ মন্ত্ৰালয়ে আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল গঠন কৰিছে । দলটোৱে ৰাজ্যখনৰ ক্ষতিৰ মূল্যাঙ্কন কৰিবলৈ ছিকিম ভ্ৰমণ কৰিব ।

Sikkim cloud burst
আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে মূল্যাঙ্কন কৰিব ছিকিমৰ ক্ষতি

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । ভয়ংকৰ বান পৰিস্থিতিৰ ফলত এতিয়ালৈ প্ৰায় ১৮ গৰাকী লোকৰ মৃত্যু হৈছে । চৰকাৰেও এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে । গৃহ মন্ত্ৰালয়ে ক্ষতিৰ মূল্যাঙ্কন কৰিবলৈ এক আন্তঃ-মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ দুটাকৈ কিস্তি ছিকিমলৈ মুকলি কৰিবলৈ অনুমোদন জনাইছে । ২০২৩-২৪ বৰ্ষৰ বাবে আগতীয়াকৈ ৪৪.৮০ কোটি টকাত অনুমোদন জনাইছে যাতে ছিকিমক ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য ব্যৱস্থা প্ৰদান কৰাত সহায় কৰিব পাৰি ।

গৃহ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি আইএমচিটিৰ সদস্যসকলে শীঘ্ৰেই ছিকিমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব । আইএমচিটিৰ মূল্যাঙ্কনৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) পৰা ছিকিমলৈ অতিৰিক্ত কেন্দ্ৰীয় সাহায্য অনুমোদন জনোৱা হ'ব বুলিও বিবৃতিত কোৱা হৈছে । বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈ আছে আৰু ছিকিম চৰকাৰক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে ।

কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে সময়মতে লজিষ্টিক সম্পদ সংগ্ৰহ কৰি ছিকিম চৰকাৰক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে । পৰ্যাপ্ত সাহায্যৰ লগতে এনডিআৰএফ, ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ আৰু সেনা জোৱানৰ পৰ্যাপ্ত দল মোতায়েন কৰা হৈছে ।

লগতে, শক্তি, দূৰ সংযোগ আৰু পথ, ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ কাৰিকৰী দলে ৰাজ্যখনত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা সময়মতে পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা হাতত লৈছে ।

৪ অক্টোবৰৰ পুৱতি নিশা হঠাতে অহা বানৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । তিস্তা নদীত হঠাতে অহা জলপ্ৰলয়ে কেইবাখনো দলং, ৰাষ্ট্ৰীয় ঘাইপথ-১০ৰ কিছু অংশ, চুংথাং বান্ধ নিমিষতে চূৰ্ণ বিচূৰ্ণ কৰি থৈ যায় । ইফালে ছিকিমৰ নদী উপত্যকাৰ কেইবাখনো সৰু চহৰ আৰু কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প প্ৰভাৱিত হয় ৷ চৰকাৰী বিবৃতি অনুসৰি সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে সেনা আৰু বিভাগীয় কৰ্তৃপক্ষই অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Sikkim Flash Flood: ছিকিমত বানত ১৪ জনৰ মৃত্যু; ১০২ জন সন্ধানহীন, মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.