ETV Bharat / bharat

ভাৰত চৰকাৰে লুকুৱাইছে ক’ভিডত মৃত্যুৰ প্ৰকৃত তথ্য: আছাদুদ্দিন ওৱেইছি - Covid 19 India

AIMIM প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছি (Asaduddin Owaisi)ৰ অভিযোগ ভাৰতত ক’ভিড 19ত মৃত্যু হোৱা লোকৰ চৰকাৰী তথ্য কোনো ক্ষেত্ৰতে প্ৰকৃত তথ্যৰ সৈতে মিল নাই ৷ ভাৰত চৰকাৰে এই তথ্য লুকুৱাইছে ৷

AS-ntl-indias-official-covid-19-death-toll-nowhere-close-to-real-extent-of-damage-asaduddin-owaisi-img
ভাৰত চৰকাৰে লুকুৱাইছে ক’ভিডত মৃত্যুৰ প্ৰকৃত তথ্য
author img

By

Published : Jun 14, 2021, 11:42 AM IST

নেশ্যনেল ডেস্ক, 14 জুন : ভাৰতত ক’ভিড 19 (Covid 19)ত মৃত্যু হোৱা লোকৰ চৰকাৰী তথ্য কোনো ক্ষেত্ৰতে প্ৰকৃত তথ্যৰ সৈতে মিল নাই ৷ শাসকীয় চৰকাৰখনে প্ৰকৃত তথ্য লুকুৱাইছে ৷ এই অভিযোগ AIMIM প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছি (Asaduddin Owaisi)ৰ ৷

সাংসদ গৰাকীয়ে টুইটযোগে কয়, "মই যি কৈ আহিছে এই কথাখিনি তাৰেই পুনৰাবৃত্তি: ভাৰতৰ #ক’ভিডত মৃত্যুৰ চৰকাৰী তথ্য কোনো ক্ষেত্ৰতে প্ৰকৃত ধ্বংসৰ ওচৰা-ওচৰি নহয় ৷ কেতিয়ালৈকে চৰকাৰে নিজৰ ভাল অনুভৱ কৰাবলৈ এই সংখ্যাত তাৰতম্য ঘটাই থাকিব ? যিসকল পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে তেওঁলোকো গণনাত অহাৰ যোগ্য"৷ তেওঁ ভাৰতত ক’ভিড (Covid 19)ত মৃত্যুৰ হাৰ চৰকাৰী তথ্যতকৈ বহুগুণে বেছি বুলি দাবী কৰি এটি প্ৰৱন্ধও শ্বেয়াৰ কৰিছে ৷ তেওঁ আৰু কয় ক’ভিড 19 (Covid 19)ৰ মৃত্যু সন্দৰ্ভত প্ৰকাশ পোৱা প্ৰতিটো লেখনিয়ে অগণন মৃত্যুৰ তথ্য পোহৰলৈ আনিছে ৷

উল্লেখ্য যে, ভাৰতত বিগত 24 ঘন্টাত 80,834 গৰাকী লোক ক’ভিড 19 (Covid 19)ত আক্ৰান্ত হোৱা বুলি সদৰী কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৷

লগতে পঢ়ক- 30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.