ETV Bharat / bharat

আহমেদাবাদত দৃশ্যমান ভাৰতৰ প্ৰথমটো ৰহস্যময় শিলাস্তম্ভ - মনোলিথ

বৃহস্পতিবাৰে পুৱাৰ ভাগত আহমেদাবাদৰ চিম্ফনী পাৰ্কত দৃশ্যমান এটা ৰহস্যময় শিলাস্তম্ভ ৷ ভাৰতত এনে শিলাস্তম্ভ দেখাৰ এয়া প্ৰথম উদাহৰণ ৷

Indias first monolith
ৰহস্যময় শিলাস্তম্ভ
author img

By

Published : Jan 1, 2021, 7:45 AM IST

Updated : Jan 1, 2021, 7:51 AM IST

নেশ্যনেল ডেস্ক,1 জানুৱাৰী : গুজৰাটৰ আহমেদাবাদৰ থলতেজ এলেকাত অৱস্থিত চিম্ফনী পাৰ্কত দৃশ্যমান হৈছে এটা ৰহস্যময় শিলাস্তম্ভ ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই শিলাস্তম্ভটো আহমেদাবাদত মনোলিথ ধাতুৰে নিৰ্মিত আৰু প্ৰায় ই 6 ফুট উচ্চতাৰ ৷ ভাৰতত এনেকুৱা শিলাস্তম্ভ দেখা পোৱাৰ এয়া প্ৰথমটো উদাহৰণ ৷

বৃহস্পতিবাৰে পুৱাৰ ভাগত এই শিলাস্তম্ভটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ শিলাস্তম্ভটো উদ্ধাৰ হোৱা উদ্যানখন আহমেদাবাদ পৌৰনিগম আৰু চিম্ফনী লিমিটেডৰ দ্বাৰা পৰিচালিত ৷ উদ্যানখনৰ আচাৰামে জনোৱা মতে, তেওঁ এই উদ্যানখনত এনে ধৰণৰ কেতিয়াও দেখা নাছিলো । যেতিয়া তেওঁ সন্ধিয়া ঘৰলৈ গৈছিল তেতিয়া শিলাস্তম্ভটো নাছিল। কিন্তু যেতিয়া তেওঁ পিছদিনা ৰাতিপুৱা কাম কৰিবলৈ উভটি আহে এই শিলাস্তম্ভটো দেখি তেওঁ আচৰিত হয় ৷

ই তিনিটা বহল আৰু উজ্জ্বল ধাতুৰ চাপৰিৰে নিৰ্মিত । অৱশ্যে, ইয়াৰ ওপৰত খোদিত সংখ্যাবোৰৰ অৰ্থ কি সেয়া স্পষ্ট নহয় । উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহৰ এক দূৰৱৰ্তী মৰুভূমিত কেইদিনমান পূৰ্বে এনেধৰণৰ তিনিটা ৰহস্যময় ষ্টিলৰ স্তম্ভ দৃশ্যমান হৈ পাচত অদৃশ্য হৈ যায় ।

লগতে পঢ়ক : চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

Last Updated : Jan 1, 2021, 7:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.