ETV Bharat / bharat

Covid 19 update : ভাৰতত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা - indias active cases

ক্ৰমান্বয়ে ভাৰতত হ্ৰাস পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ(Covid 19 update) । দৈনিক ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বিগত ৫০ দিন ধৰি ২০ হাজাৰতকৈ কম হৈয়ে আছে(Covid-19 daily new cases in India) । আনহাতে, যোৱা ১৫৩ দিন ধৰি দেশত দৈনিক ৫০ হাজাৰতকৈ কম লোক মহামাৰীৰ কবলত পৰিছে ।

India Covid latest report
ভাৰতত হ্ৰাস পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ
author img

By

Published : Nov 27, 2021, 1:52 PM IST

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : ভাৰতত যোৱা ২৪ ঘণ্টাত ৮,৩১৮ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে(Covid-19 infection in India latest update) । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বৰ্তমান ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩,৪৫,৬৩,৭৪৯ জনলৈ বৃদ্ধি পাইছে(Health Ministry's data on Covid-19 infection) ।

আনহাতে সক্ৰিয় আক্ৰান্তৰ ঘটনা ১,০৭,০১৯ লৈ হ্ৰাস পাইছে আৰু ৫৪১ দিনৰ ভিতৰত শুকুৰবাৰৰ দিনটোত আটাইতকৈ কম সক্ৰিয় ৰোগী থকাৰ তথ্য পোৱা গৈছে(Covid-19 active cases in India) । শনিবাৰে পুৱা ৮ বজাত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত মহামাৰীৰে যুঁজি ৪৬৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।

এই পৰ্যন্ত দেশত ৪,৬৭,৯৩৩ জন লোকৰ মৃত্যু হৈছে । বিগত ৫০ দিন ধৰি ভাৰতত দৈনিক ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২০ হাজাৰতকৈ কম হৈয়ে আছে । আনহাতে, যোৱা ১৫৩ দিন ধৰি দেশত দৈনিক ৫০ হাজাৰতকৈ কম লোক কৰ'ণাত আক্ৰান্ত হৈছে । মুঠ আক্ৰান্তৰ ভিতৰত ভাৰতত বৰ্তমান ০.৩১ শতাংশ সক্ৰিয় আক্ৰান্তৰ ঘটনা আছে ।

২০২০ চনৰ মাৰ্চ মাহৰ পাচত এই হাৰ সৰ্বনিম্ন বুলি উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে । আনহাতে, ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৩৪ শতাংশ হৈছেগৈ । ক্ৰমান্বয়ে ভাৰতত হ্ৰাস পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ(Covid 19 update) ।

২৪ ঘণ্টাৰ ব্যৱধানত সক্ৰিয় কৰ'ণা আক্ৰান্তৰ ৩,১১৪টা ঘটনা হ্ৰাস হৈছে বুলিও জানিবলৈ দিছে মন্ত্ৰালয়ে । দৈনিক পজিটিভিটীৰ হাৰ ০.৮৬ শতাংশ হৈছেগৈ । যোৱা ৫৪ দিন ধৰি পজিটিভিটীৰ হাৰ ২ শতাংশত কম হৈ আছে । সাপ্তাহিক পজিটিভিটীৰ হাৰো ০.৮৮ শতাংশ বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, যোৱা ১৩ দিন ধৰি এই হাৰ ১ শতাংশতকৈ কম হৈ আছে । বৰ্তমানলৈকে ভাৰতত ৩,৩৯,৮৮,৭৯৭ জন ৰোগী সুস্থ হৈ উঠিছে । ইফালে, দেশজুৰি ক'ভিড-১৯ৰ টীকাকৰণ অভিযান অব্যাহত আছে ।

এতিয়ালৈকে দেশত প্ৰতিষেধকৰ ১২১.০৬ কোটি পালি প্ৰদান কৰা হৈছে(Vaccination Drive underway in India) । ২০২০ চনৰ ৭ আগষ্টত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । বিগত বৰ্ষৰ ১১ অক্টোবৰত মুঠ আক্ৰান্তৰ সংখ্যাই ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত এক কোটিৰ ঘৰ অতিক্ৰম কৰে ।

লগতে পঢ়ক: স্বাস্থ্যৰ বুজ ল'বলৈ ড৹ মনমোহন সিঙৰ বাসগৃহত উপস্থিত ছোনিয়া গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.