ETV Bharat / bharat

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত উৰিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা - ৰাষ্ট্ৰসংঘত ভাৰতৰ পতাকা

সোমবাৰৰ পৰা ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ হ’ব ভাৰতৰ ৷ 2021 বৰ্ষৰ প্ৰথম কাৰ্যদিৱসৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা কাউঞ্চিলৰ বাহিৰত থকা ৰাষ্ট্ৰীয় পতাকাস্থলীত উৰিল ভাৰতৰ পতাকা ৷

Indian tricolour to be installed at UN Security Council stakeout as country begins 2-yr tenure
ৰাষ্ট্ৰসংঘৰ সুৰক্ষা কাউঞ্চিলৰ ষ্টেকআউটত প্ৰতিষ্ঠিত হ’ব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
author img

By

Published : Jan 4, 2021, 11:57 AM IST

নেশ্যনেল ডেস্ক,4 জানুৱাৰী: সোমবাৰে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা কাউঞ্চিলৰ বাহিৰত থকা ৰাষ্ট্ৰীয় পতাকাস্থলীত উৰিল ভাৰতৰ পতাকা ৷ সোমবাৰৰ পৰা ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ হ’ব ভাৰতৰ ৷ 2021 বৰ্ষৰ প্ৰথম কাৰ্যদিৱসৰ দিনটোতে এটি বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ নতুন পাঁচখন অস্থায়ী সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পতাকাসমূহ প্ৰতিষ্ঠা কৰা হ’ব ৷

ভাৰতৰ জাতীয় পতাকাখন প্ৰতিষ্ঠা কৰিব ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত টি.এছ ত্ৰিমূৰ্তিয়ে ৷ ভাৰতৰ উপৰিও ৰাষ্ট্ৰসংঘৰ নতুন অস্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল নৰৱে', কেনিয়া, আয়াৰলেণ্ড আৰু মেক্সিকো ৷ এই 6 খন দেশে পূৰ্বৰ অস্থায়ী সদস্য এষ্টোনিয়া, নাইজেৰ, চেইন্ট ভিনচেন্ট, গ্ৰেনাডাইনছ, টানিছিয়া, ভিয়েটনামৰ লগতে স্থায়ী সদস্য চীন, ফ্ৰান্স, ৰাছিয়া, ইংলেণ্ড আৰু আমেৰিকাক সহযোগ কৰিব ৷

উল্লেখ্য যে, এই পতাকা প্ৰতিষ্ঠা কৰা অনুষ্ঠানটো 2018 চনত কাজাখাস্তানত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল ৷ প্ৰহৰী সলনি কৰাৰ দৰে এই অনুষ্ঠানৰ জৰিয়তে পুৰণি অস্থায়ী সদস্যসকলক বিদায় দি নতুনকৈ নিৰ্বাচিত সদস্যসকলৰ পতাকা প্ৰতিষ্ঠা কৰা হয় ৷ এই অনুষ্ঠানে নতুনকৈ নিৰ্বাচিত সদস্যসকলক এইটো বিশ্বাস প্ৰদান কৰে যে তেওঁলোক এই স্থানৰ যোগ্য ৷

লগতে পঢ়ক-ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.