ETV Bharat / bharat

Indian students harassment Ukraine : ইউক্ৰেইন সীমান্তত ভাৰতীয় শিক্ষাৰ্থীৰ দুৰৱস্থা - যুদ্ধ বিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ বহু ভাৰতীয় শিক্ষাৰ্থী

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ বহু ভাৰতীয় শিক্ষাৰ্থী । বহু সংখ্যকক ইতিমধ্যে কৰা হৈছে উদ্ধাৰ । কিন্তু ইউক্ৰেইন সীমান্তত কি পৰিস্থিতিৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল । জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Indian students cry foul over assault by soldiers at Ukraine border
ইউক্ৰেইন সীমান্তত ভাৰতীয় শিক্ষাৰ্থীৰ দুৰৱস্থা
author img

By

Published : Feb 28, 2022, 1:49 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ ফ্ৰেব্ৰুৱাৰী : যুদ্ধপীড়িত ইউক্ৰেইন সীমান্তত ভাৰতীয় শিক্ষাৰ্থী নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ । ৰোমানিয়া আৰু পোলেণ্ড সীমান্তত নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন (Indian students harassment Ukraine) কৰিছে বহু ভাৰতীয় শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থীসকলৰ ভিতৰত থকা বহুকেইগৰাকী ছোৱালীও সীমান্তত নিয়োজিত সৈনিকৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পৰিস্থিতি সাপেক্ষে সংঘৰ্ষক্ষেত্ৰৰ পৰা আঁতৰি পোলেণ্ড, ৰোমানিয়া আৰু হাংগেৰীৰ সীমান্তৱৰ্তী পশ্চিম অঞ্চললৈ যাবলৈ পৰামৰ্শ দিছিল । সেই অনুসাৰে সীমান্তত উপস্থিত হোৱা শিক্ষাৰ্থীসকলে জনাইছে যে প্ৰতিটো দিন বাগৰাৰ লগে লগে সীমান্তৰ বাংকাৰবোৰত পৰিস্থিতি অৱনতি ঘটিছে ।

তেওঁলোকে প্ৰকাশ কৰা ভিডিঅ' অনুসৰি যিসকল শিক্ষাৰ্থীক সুৰক্ষিতভাৱে কিয়েভৰ পৰা পশ্চিম সীমান্তলৈ লৈ যোৱা হৈছিল তেওঁলোক ৰাছিয়ান সেনাৰ দ্বাৰা পোলেণ্ড আৰু ৰোমানিয়াৰ সীমাত বৰ্বৰতাৰ সন্মুখীন হৈছিল ।

ইউক্ৰেইন বাহিনীয়ে ভাৰতীয় শিক্ষাৰ্থীসকলক পাৰ হ'বলৈ দিয়া নাছিল আৰু তেতিয়াই ৰাছিয়ান সেনাই গুলীচালনা কৰিছিল । এনে পৰিস্থিতিৰ মাজতে ৰাছিয়াৰ সেনাই কেইবাগৰাকীও যুৱতীক কাঢ়ি লৈ যায় । আনকি বহুকেইগৰাকীৰ ওপৰত আক্ৰমণো চলায় । এনে পৰিস্থিতিত ভাৰতীয় শিক্ষাৰ্থীসকলে ভাৰতীয় দূতাবাসক অৱগত কৰাৰ পাছতো তেওঁলোকৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱাৰো অভিযোগ উত্থাপন হৈছে ।

শেহতীয়া তথ্য অনুসৰি খাৰকিভ, চুমি আৰু কিয়েভত তীব্ৰ যুঁজ চলি আছে । যাৰ ফলশ্ৰুতিত বিভিন্ন প্ৰান্তত সান্ধ্য আইন জাৰি কৰা হৈছে । ফলস্বৰূপে ভাৰতীয় শিক্ষাৰ্থীসকল ওচৰৰ ৰে’ল ষ্টেচনবোৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হোৱা বুলিও তেওঁলোকে সদৰী কৰে ।

খাৰকিভত আৱদ্ধ এজন ভাৰতীয় ছাত্ৰ আমিনে উল্লেখ কৰা অনুসৰি, তেওঁলোক খাদ্য আৰু পানীৰ অভাৱৰ সন্মুখীন হৈছে । তেওঁলোকে খাদ্য সামগ্ৰী ভাগ-বতৰা কৰি খাইছে যদিও খাদ্য সামগ্ৰী তথা পানীৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাইছে ৷ পৰৱৰ্তী পৰ্যায়ত কি পৰিস্থিতিৰ সন্মুখীন হয়, তেওঁলোকে নাজানে বুলিও উল্লেখ কৰিছে ।

ভাৰতীয় দূতাবাসে তেওঁলোক য'ত আছে তাতে থাকিবলৈ পৰামৰ্শ দিছে, কিন্তু তেওঁলোক তেনে স্থানত থাকিলে তেওঁলোকৰ স্থানান্তৰ কিদৰে নিশ্চিত কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

আনহাতে, বুডাপেষ্টৰ পৰা ২৪০ জন ভাৰতীয় নাগৰিকক লৈ দেওবাৰ AIR India ৰ তৃতীয়খন বিমান ভাৰতত উপস্থিত হয় । দেওবাৰে পুৱাতেই ২৫০ জন ভাৰতীয় নাগৰিকক লৈ AIR India ৰ দ্বিতীয়খন বিমান দিল্লী বিমানবন্দৰত উপস্থিত হৈছিলহি ।

এই সমস্যাৰ মোকাবিলা কৰিবলৈ আৰু ইউক্ৰেইনত আৱদ্ধ সকলো ভাৰতীয় নাগৰিকক ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে দেওবাৰে নিশা এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে । বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাৰ সৈতে অন্যান্য সকলো উপস্থিত থাকে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে টুইট কৰে যে, "পোলেণ্ড, ৰোমানিয়া, হাংগেৰী আৰু শ্লোভাক গণৰাজ্যৰ সৈতে সীমান্ত অতিক্ৰম কৰা স্থানৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাত সহায় কৰিবলৈ 24x7 নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে" ৷

লগতে পঢ়ক: Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.