ETV Bharat / bharat

INDO CHINA BORDER CONFLICT : কেনেদৰে সাজু হৈছে ভাৰতীয় জোৱান ? - indian security forces are being ready in the INDO CHINA BORDER in zemithan

ভাৰত-চীন সীমান্তৰ সিপাৰে অনুশীলন বৃদ্ধি পাইছে চীনৰ PLA সেনাৰ ৷ শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা বাহিনীয়েও অৱগত কৰিছে অৰুনাচলৰ সীমান্তত চীনৰ আগ্ৰাসী স্থিতিৰ কথা ৷ এনে সময়তে, সীমান্তত ভাৰতেও বৃদ্ধি কৰিছে সামৰিক অনুশীলন ৷ চাওঁ আহক এই সন্দৰ্ভত আমাৰ গ্ৰাউণ্ড জিৰো প্ৰতিবেদন ৷

indian security forces are being ready in the INDO CHINA BORDER in zemithan
INDO CHINA BORDER CONFLICT : কেনেদৰে সাজু হৈছে ভাৰতীয় জোৱান ?
author img

By

Published : Nov 12, 2021, 5:14 PM IST

জেমিথাং, ১২ নৱেম্বৰ : ভাৰত-চীন সীমান্তৰ জেমিথাং অঞ্চলৰ লুম্ফু আৰু ট্ৰাই জংচন এলেকাত সুৰক্ষা বাহিনীৰ বৃহৎ মোটায়েন । ভাৰতীয় সেনা, এছ এছ বি, আই টি বি পি ৰ বাহিনীৰ সীমান্তত মোটায়েন বৃদ্ধি কৰা হৈছে । কামাণ্ডাৰৰ নিৰ্দেশনাৰ লগে লগেই অস্থায়ী তম্বুৰ ভিতৰৰ পৰা অস্ত্ৰ শস্ত্ৰৰ সু-সজ্জিত জোৱান সকলে সীমান্তৰ পোষ্টত থকা প্ৰহৰী সকলক সহায়ৰ বাবে সাজু হৈছে ৷ এইদৰে এতিয়া সীমান্তত চলিছে ব্যাপক অনুশীলন ৷

এই গুৰুত্বপূৰ্ণ সময়চোৱাত এছ এছ বিৰ 67 নং বেটেলিয়নৰ হাততো দিয়া হৈছে বিশেষ দায়িত্ব ৷ চীনৰ পৰা বৈ অহা নাম -গ্যাঙ -চু নামৰ এই নদীখনৰ কাষত সেনাৰ লগত সমানে নিয়োজিত হৈছে এই বেটেলিয়েনটোৰ জোৱান সকলো । জেমিথাঙৰ এক বিশেষ অঞ্চলৰ জোৱান সকলে অনুশীলন কৰিছে এম 81 মৰ্টাৰ আৰু কামাণ্ডৰ নিৰ্দেশ অনুসৰি গুহাৰ ভিতৰত থাকি গুলীচালনা কৰাৰ । অটোমেটিক ইনচান্স ৰাইফলৰ সৈতে ক্ৰলিং কৰি নিজৰ পোষ্ট দখল কৰি শত্ৰু পক্ষক বাধা দিয়াৰ অনুশীলন চলাইছে জোৱান সকলে ।

INDO CHINA BORDER CONFLICT : কেনেদৰে সাজু হৈছে ভাৰতীয় জোৱান ?

মন কৰিব লগীয়া যে, এতিয়া সমগ্ৰ অঞ্চলটোতে আৰম্ভ হৈছে বৰফ আৰু প্ৰচণ্ড শীত । তাৰ বাবে সুৰক্ষা বাহিনী সমূহে নতুন নতুন বি অ পি (Border Operation Post) দখল কৰি ভাৰতৰ ভূ-খণ্ডত কৰ্তব্য অব্যাহত ৰাখিছে । সেনাৰ লগতে এছ এছ বিয়ে চলাইছে যুদ্ধৰ কুচকাৱাজ ।

indian security forces are being ready in the INDO CHINA BORDER in zemithan
INDO CHINA BORDER CONFLICT : কেনেদৰে সাজু হৈছে ভাৰতীয় জোৱান ?

উল্লেখযোগ্য যে, জেমিথাং টাৱাং জিলাৰ লুমলা মহকুমাৰ অন্তৰ্গত । ট্ৰাই জাংছনৰ সমীপত ভূটান আৰু চীন সীমান্ত । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা জেমিথাং অঞ্চললৈ ৫৫ কিলোমিটাৰ আৰু জেমিথাঙৰ পৰা ট্ৰাই জাংছনলৈ ২০ কিলোমিটাৰ আৰু কাষতে অৱস্থিত চীনৰ সীমান্ত । এনে এটা স্থানত চীনৰ PLA সেনা অথবা আন কোনো পক্ষৰ পৰা হ’ব পৰা যিকোনো আক্ৰমণ মষিমূৰ কৰিবৰ বাবে সষ্টম হৈ আছে ভাৰতীয় জোৱান সকল ৷

লগতে পঢ়ক : পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত BSFৰ গুলিত নিহত দুই বাংলাদেশী সৰৱৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.