ETV Bharat / bharat

Indian origin elderly man jailed in Singapore : ছিংগাপুৰত ভাৰতীয় মূলৰ বৃদ্ধক কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 4:29 PM IST

৭০ বছৰীয়া ভগৱান তুলসীদাস বিনৱানীক ছিংগাপুৰ আদালতৰ দোষী সাব্যস্ত । চাইকেল আৰোহীক খুন্দিয়াই হত্যা কৰাৰ অভিযোগত শাস্তি আদালতৰ । বৈধ ড্ৰাইভিং লাইচেন্স আৰু বীমা অবিহনে বাহন চলাইছিল বিনৱানীয়ে ।

Indian origin elderly man jailed in Singapore
ছিংগাপুৰত ভাৰতীয়মূলৰ বৃদ্ধক কাৰাদণ্ড

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ অক্টোবৰ : ছিংগাপুৰত এগৰাকী ভাৰতীয় মূলৰ লোকক ১২ সপ্তাহৰ কাৰাদণ্ড প্ৰদান কৰা হৈছে । আনহাতে ৮ বছৰৰ বাবে সকলো শ্ৰেণীৰ ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ২০২১ চনত লোকজনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত এগৰাকী চাইকেল আৰোহীৰ মৃত্যু হৈছিল । যাৰ অভিযোগত আদালতে তেওঁক কাৰাদণ্ড ঘোষণা কৰে ।

উল্লেখ্য যে ভাৰতীয়মূলৰ ৭০ বছৰীয়া ভগৱান তুলসীদাস বিনৱানী নামৰ লোকজনে ৬৫ বছৰ হোৱাৰ পাছতো ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ কৰা নাছিল । তেনেকৈয়ে তেওঁ বাহন চলাই আছিল । আদালতে তেওঁক এছজিডি ৩,৮০০ জৰিমনাও বিহিছে ।

আদালতে উল্লেখ কৰা মতে বিনৱানীয়ে যান বাহন আইন উলংঘন কৰিছিল । বিনৱানীৰ বিৰুদ্ধে বৈধ অনুজ্ঞাপত্ৰ আৰু বৈধ বীমা অবিহনে গাড়ী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

জানিব পৰা মতে বস্ত্ৰৰ পাইকাৰী বিক্ৰেতা বিনৱানিছ এণ্টাৰপ্ৰাইজেছ পৰিচালনা কৰা বিনৱানীয়ে কোম্পানীটোৰ পঞ্জীয়ন থকা এখন ভান চলাইছিল । অৱশ্যে, ২০১৮ চনৰ ২২ আগষ্টত ৬৫ বছৰ বয়স হোৱাৰ পাছত তেওঁৰ ড্ৰাইভিং লাইচেঞ্চ অবৈধ হৈ পৰিছিল ।

২০২১ চনৰ ২৭ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত বিনৱানীয়ে ছিংগাপুৰৰ পশ্চিম ঔদ্যোগিক অঞ্চলৰ কৰ্পোৰেচন ৰোডৰ দিশত জুৰং পোৰ্ট ৰোডৰ কাষেৰে ভানখন চলাই আহিছিল । তেওঁ জালান আহমেদ ইব্ৰাহিমৰ স্লিপ ৰোডলৈ বাহনখন চলাই গৈছিল আৰু জেব্ৰা ক্ৰছিঙৰ ওচৰলৈ যোৱাৰ লগে লগে গতি হ্ৰাস কৰা নাছিল । সেই সময়ত ভানখনে জেব্ৰা ক্ৰছিঙত চাইকেল চলাই যোৱা সুৰুজক খুন্দা মাৰে । বাহনখনৰ খুন্দাত সুৰুজ নামৰ শ্ৰমিকজন বাগৰি পৰে ।

সুৰুজক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু পিছদিনা পুৱা প্ৰায় ৪ মান বজাত মগজুৰ গুৰুতৰ আঘাতৰ ফলত তেওঁৰ মৃত্যু হয় । আদালতৰ মতে বিনৱানীৰ মূল দোষ আছিল জেব্ৰা ক্ৰছিঙৰ ওচৰলৈ যোৱাৰ লগে লগে সকলো ফালে দৃষ্টি নৰখা আৰু স্লিপ ৰোডত গতি হ্ৰাস নকৰা । অৱশ্যে, ন্যায়াধীশে উল্লেখ কৰা মতে যে পথৰ নিয়ম অনুসৰি মৃত লোকজনে জেব্ৰা ক্ৰছিং ব্যৱহাৰ কৰাৰ পূৰ্বে ৰোৱা নাছিল আৰু যান-বাহনবোৰ প্ৰত্যক্ষ কৰা নাছিল । যাৰ বাবে বিনৱানীৰ শাস্তি কিছু হ্ৰাস পাইছে ।

উল্লেখ্য যে বিনৱানীয়ে ৬৫ বছৰত ভৰি দিয়াৰ পূৰ্বে যান-বাহন আৰক্ষীয়ে তেওঁৰ ঠিকনালৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁক ড্ৰাইভিং লাইচেঞ্চ বৈধ কৰাৰ বাবে বাধ্যতামূলক চিকিৎসা পৰীক্ষা কৰাবলৈ আহ্বান জনাইছিল । কিন্তু তেওঁ সেয়া কৰা নাছিল ।

লগতে পঢ়ক :Lifetime imprisonment : বন্ধুহন্তা সুনীলক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.