ETV Bharat / bharat

IAF Air Show : শ্বিলঙৰ উৰিয়াম হ্ৰদত সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’ - সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব

ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত প্ৰদৰ্শন কৰে বিখ্যাত এয়াৰ শ্ব’ ৷ স্বৰ্নিম বিজয় বৰ্ষ( Swarnim Vijay Varsh) উদযাপন উপলক্ষে শনিবাৰে অনুষ্ঠিত হয় এই বিশেষ শ্ব’ ৷

শ্বিলঙৰ উৰিয়াম হ্ৰদত সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’
IAF Air Show : শ্বিলঙৰ উৰিয়াম হ্ৰদত সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’
author img

By

Published : Dec 4, 2021, 9:29 PM IST

তেজপুৰ, ৪ ডিচেম্বৰ : ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) স্বৰ্নিম বিজয় বৰ্ষ (Swarnim Vijay Varsh) উদযাপন উপলক্ষে শনিবাৰে শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত বিখ্যাত এয়াৰ শ্ব’ প্ৰদৰ্শন কৰে ৷ শনিবাৰৰ উদযাপনৰ অংশ হিচাপে, অনুষ্ঠানটো স্মৰণ কৰিবলৈ ভাৰতীয় বায়ু সেনাৰ সূৰ্য্যকিৰণ এৰোবেটিক দল (এছকেএটি)ৰ দ্বাৰা আইএএফ(IAF) ৰ যুঁজাৰু আৰু হেলিকপ্টাৰৰ দ্বাৰা এক ফ্লাইপাষ্ট প্ৰদৰ্শন কৰা হয় ৷ অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক ।

উল্লেখযোগ্য যে, সদায় শ্ৰেষ্ঠ মূলমন্ত্ৰৰে আগবঢ়া ভাৰতীয় বায়ু সেনাৰ সূৰ্য্যকিৰণ এৰোবেটিক টীমটো ইয়াৰ পেছাদাৰীতা আৰু কাৰ্য দক্ষতাৰ বাবে জনাজাত । বায়ু সেনাৰ এই দলটোৱে কেৱল তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰাই নহয়, যুৱ-প্ৰজন্মক প্ৰতিৰক্ষা সেৱাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে । ভাৰতীয় বায়ু সেনাৰ সূৰ্য্যকিৰণ এৰোবেটিক টীমটো হৈছে হৈছে বিমান চলাচলৰ দক্ষতাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনা(Indian air force)ৰ শীৰ্ষস্থানীয় এটা দল ।

এই দল 17 জন বিষয়াৰে গঠিত, 1996 চনত 200 জন টেকনিচিয়ানৰে গঠন কৰা হৈছিল আৰু ই ভাৰতীয় বায়ু সেনাৰ 'গৌৰৱেৰে আকাশ স্পৰ্শ কৰক(IAF motto Touch the Sky with Glory)' মূলমন্ত্ৰক আগত ৰাখি কাৰ্য সম্প্ৰাদান কৰে । বিশ্বব্যাপী মাত্ৰ 9 খন বিমানৰে গঠন কৰা এৰোবেটিক দলৰ মাজত থকাৰ গৌৰৱও অৰ্জন কৰিছে ভাৰতীয় বায়ু সেনাৰ এই দলটোৱে ।

লগতে পঢ়ক : Air Force Practice : উত্তৰ-পূৱৰ বিমানবন্দৰত বায়ুসেনাৰ অনুশীলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.