ETV Bharat / bharat

6 state Bypolls: 6 ৰাজ্যৰ উপ-নিৰ্বাচনত 4 আসনত বিৰোধীৰ বৃহৎ জয়, 3 আসন গ’ল বিজেপিৰ হাতলৈ

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 10:40 PM IST

5 ছেপ্টেম্বৰত 6 ৰাজ্যৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা শুকুৰবাৰে সম্পন্ন হয় ৷ 6খন ৰাজ্যত 7খন বিধানসভা আসনত হৈছিল উপ-নিৰ্বাচন ৷ 4খন আসনত বিৰোধী মিত্ৰজোঁটৰ বৃহৎ জয় ৷

6 state Bypolls
6 state Bypolls

নেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ: শুকুৰবাৰে দেশৰ 6খন ৰাজ্যৰ 7খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হয় ৷ উল্লেখ্য যে 5 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ৷

2024 চনৰ লোকসভা নিৰ্বাচনত আৰু এই বৰ্ষত কেইবাখনো ৰাজ্যত হ’ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে NDAৰ বিৰুদ্ধে I.N.D.I.A ব্লকৰ বাবে এই উপ-নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছিল ৷ ফলাফলত I.N.D.I.A মিত্ৰজোঁটে সাতখন আসনৰ ভিতৰত 4খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে তিনিখন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷

ত্ৰিপুৰাত বিজেপিৰ জয়-

বিজেপিয়ে ত্ৰিপুৰাৰ দুখন আসনতে জয় লাভ কৰিবলৈ সক্ষম হয় ৷ বিজেপি প্ৰাৰ্থী তাফাজ্জল হুছেইন আৰু বিন্দু দেবনাথে ক্ৰমান্বয়ে বক্সানগৰ আৰু ধনপুৰ আসনত 30,237 আৰু 18,871 টা ভোটৰ আকৰ্ষণীয় ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় ৷

কেৰালাৰ পুথুপল্লী আসনত কংগ্ৰেছৰ জয়-

কেৰালাত কংগ্ৰেছৰ প্ৰাৰ্থী চাণ্ডি ওমেনে পুথুপ্পলি আসনখন দখল কৰিবলৈ সক্ষম হয় ৷ পুথুপ্পলি আসনখন চাণ্ডি ওমেনৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীয়ে পাঁচ দশকৰো অধিক সময় ধৰি নিজৰ দখলত ৰাখিছিল ৷ 37 বছৰীয়া কংগ্ৰেছ নেতা চাণ্ডি ওমেনে CPI(M)ৰ প্ৰাৰ্থী জেক চি থমাছক 36,000 তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ জুলাইত ওমেন চাণ্ডিৰ মৃত্যুৰ পিছত এই আসনখনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ মন কৰিবলগীয়া যে কংগ্ৰেছ আৰু CPI(M) I.N.D.I.A মিত্ৰজোঁটৰ সহযোগী ৷

উত্তৰাখণ্ডৰ বাগেশ্বৰ বিজেপিৰ জয়-

বিজেপিয়ে উত্তৰাখণ্ডৰ বাগেশ্বৰ আসনখন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় ৷ বিজেপিৰ প্ৰাৰ্থী পাৰ্বতী দাসে কংগ্ৰেছ প্ৰাৰ্থী বসন্ত কুমাৰক পৰাস্ত কৰি 2,400 তকৈও অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰে ৷

ঝাৰখণ্ডৰ ডুমৰিত JMMৰ বিজয়-

ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চাৰ (Jharkhand Mukti Morcha) বেবি দেৱীয়ে (I.N.D.I.A মিত্ৰজোঁটৰ সহযোগী) ডুমৰি সমষ্টিৰ উপ-নিৰ্বাচনত 17,000 তকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দী AJSUৰ যশোদা দেৱীক পৰাস্ত কৰে ৷

পশ্চিম বংগৰ ধুপগুৰিত তৃণমূলৰ জয়-

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে ধুপগুৰি আসনখন বিজেপিৰ পৰা দখল কৰিবলৈ সক্ষম হয় আৰু 4,300 তকৈও অধিক ভোটৰ ব্যৱধানত তৃণমূলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

উত্তৰ প্ৰদেশৰ ঘোচীত সমাজবাদী পাৰ্টীৰ জয়-

উত্তৰ প্ৰদেশৰ ঘোচী সমষ্টিত I.N.D.I.Aৰ অংশীদাৰ সমাজবাদী পাৰ্টীয়ে 42,000 তকৈও অধিক ভোটৰ ব্যৱধানত বিজেপিক পৰাস্ত কৰি বিজয়ী হয় ।

লগতে পঢ়ক: Lok Sabha Election 2024 : কৰ্ণাটকত বিজেপি-জেডিএছ মিত্ৰতা; প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.