ETV Bharat / bharat

২৪ ঘন্টাত দেশত ১ লাখৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 5, 2021, 11:34 AM IST

অপ্ৰতিৰোধ্যভাৱে বৃদ্ধি পাইছে দেশত কৰ'ণা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা । বিগত ২৪ ঘন্টাত দেশত ১ লক্ষাধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ।

২৪ ঘন্টাত ১ লাখৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: দেশত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা । শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত দেশত ১ লক্ষাধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ।

কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ১,০৩,৫৫৮ জন লোক আক্ৰান্ত হৈছে কৰ'ণাত । ফলত মুঠ আক্ৰান্তৰ সংখ্যা ১,২৫,৮৯,০৬৭ জনলৈ বৃদ্ধি পায় । ইফালে, এই সময়চোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ৫২,৮৪৭ জন লোকে । এতিয়ালৈ ১,১৬,৮২,১৩৬ জন লোক সুস্থ হৈ উঠিছে ।

উদ্বেগজনক কথাটো এয়ে যে, ২৪ ঘন্টাত ৪৭৮ জন লোকে প্ৰাণ হেৰুয়ায় । এই মূহূৰ্তলৈ দেশত ১,৬৫,১০১ জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, দেশত সক্ৰিয় ঘটনা ৭,৪১,৮৩০ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: কৰ’ণাৰ হটস্পটলৈ পৰিণত ৰাজধানী দিল্লীৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.