ETV Bharat / bharat

ভাৰতত নতুনকৈ ১২,১৪৩ জন COVID-১৯ত আক্ৰান্ত

ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৮,৯২,৭৪৬ জনলৈ বৃদ্ধি । মাত্ৰ এটা দিনতে নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে ১২,১৪৩ জন লোক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ১,০৬,০০,৬২৫ জন আৰোগ্য হৈ উঠিছে ।

ভাৰতত নতুনকৈ ১২,১৪৩ জন COVID-১৯ত আক্ৰান্ত
ভাৰতত নতুনকৈ ১২,১৪৩ জন COVID-১৯ত আক্ৰান্ত
author img

By

Published : Feb 13, 2021, 11:58 AM IST

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী: ভাৰতত অব্যাহত আছে COVID-১৯ৰ সংক্ৰমণ । নিতৌ হাজাৰ হাজাৰ লোক মহামাৰীৰ কবলত পৰিছে । শুকুৰবাৰে ভাৰতত নতুনকৈ ১২,১৪৩ জন লোক COVID-১৯ ত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰিছে যে, ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৮,৯২,৭৪৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে, ২৪ ঘণ্টাত দেশৰ ভিন্ন প্ৰান্তত মহামাৰীৰ কবলত পৰি মৃত্যু হোৱা ১০৩ জন লোকসহ এতিয়ালৈকে দেশত ১,৫৫,৫৫০ জন লোকে প্ৰাণ হেৰুৱাইছে ।

বৰ্তমানলৈকে ১,০৬,০০,৬২৫ গৰাকী লোক সুস্থ হৈ উঠিছে । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৭.৩২ শতাংশলৈ বৃদ্ধি হৈছে । ভাৰতত মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৩ শতাংশ হৈছেগৈ । ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১.৫ লাখত কৈ হ্ৰাস পাইছে আৰু বৰ্তমান দেশত ১,৩৬,৫৭১ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে ।

উল্লেখ্য যে, যোৱা ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

লগতে পঢ়ক:6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.