ETV Bharat / bharat

PM Modi at Summit for Democracy:'গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰিবলৈ সাজু ভাৰত' - জ' বাইডেনে আৰম্ভ কৰিছে চামিট ফৰ ডেম'ক্ৰেচি

প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে আৰম্ভ কৰিছে 'চামিট ফৰ ডেম'ক্ৰেচি'(Joe Biden launched Summit for Democracy)। এই সন্মিলনত বিশ্বৰ প্ৰায় ৮০ গৰাকী নেতাৰ লগতে ভাৰ্ছুৱেলী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অংশগ্ৰহণ কৰে ।

PM Modi at Summit for Democracy
গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰিবলৈ সাজু ভাৰত
author img

By

Published : Dec 10, 2021, 1:37 PM IST

নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে 'চামিট ফৰ ডেম'ক্ৰেচি' শীৰ্ষক সন্মিলনৰ আৰম্ভ কৰে (Joe Biden launched Summit for Democracy)। ইয়াৰ প্ৰথম কাৰ্যসূচীত বিশ্বৰ প্ৰায় ৮০ গৰাকী নেতাই অংশগ্ৰহণ কৰে । নেতাসকল ফ্ৰান্স, কানাডা, ব্ৰাজিল, আৰ্জেণ্টিনা, উৰুগুৱে, জাপান, ইজৰাইল, ফিলিপাইনছৰ আদি দেশৰ আছিল ।

এই ভাৰ্ছুৱেল সন্মিলনত জ' বাইডেনৰ আমন্ত্ৰণ ৰক্ষা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰে (PM Modi joins in Summit for Democracy)। কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে বিশ্বব্যাপী গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰাৰ বাবে বাকী অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ সাজু আছে । ইফালে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলন সম্পৰ্কত কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আমন্ত্ৰণত এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ যথেষ্ট সুখী ।

ইফালে বিভিন্ন দেশৰ নেতাসকলে অংশগ্ৰহণ কৰা এই সন্মিলনৰ জৰিয়তে গণতন্ত্ৰই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে বিভিন্ন দেশত গণতন্ত্ৰ আৰু মানৱ অধিকাৰ ৰক্ষাৰ বাবে ব্যক্তিগত আৰু সামূহিক প্ৰতিশ্ৰুতি, সংস্কাৰ আৰু বিভিন্ন পদক্ষেপৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি নেতাসকলক এখন মঞ্চ প্ৰদান কৰা ইয়াৰ প্ৰধান উদ্দেশ্য ।

লগতে পঢ়ক :Last rites of Gen Rawat : সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.