ETV Bharat / bharat

INDIA meet: বাঘেল-গেহলটক নতুন দায়িত্ব অৰ্পণ খাৰ্গেৰ - Lok Sabha seat sharing

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে ৷ যিয়ে এতিয়া ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে লোকসভাৰ আসনৰ আলোচনাত মিলিত হ’ব বুলি ইটিভি ভাৰতৰ অমিত অগ্নিহোত্ৰীয়ে প্ৰকাশ কৰিছে ।

Mallikarjun Kharge
Lok Sabha seat sharing
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:16 PM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ: কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে ৷ দুয়োগৰাকী নেতাই এতিয়া ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে লোকসভাৰ আসন ভাগ-বাটোৱাৰাৰ বাবে আলোচনাত মিলিত হ’ব ।

ৰাজ্যিক নিৰ্বাচনত পৰাস্ত হোৱাৰ পিচত প্ৰবীণ নেতা দুগৰাকীৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ব্যাপক জল্পনা-কল্পনা হৈছিল আৰু খাৰ্গেই শেহতীয়াকৈ ৰাজ্যিক দলৰ নবীন নেতাৰ নাম উল্লেখ কৰিছে ।

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ কিছু সময় পূৰ্বে খাৰ্গেই ঘোষণা কৰে যে মুকুল ৱাছনিকক আহ্বায়ক হিচাপে লৈ গেহলট, বাঘেল, ছলমান খুৰ্ছিদ, মোহন প্ৰকাশকৰ নেতৃত্বত এখন পাঁচজনীয়া কংগ্ৰেছ ৰাষ্ট্ৰীয় মিত্ৰজোঁট সমিতি গঠন কৰা হৈছে ।

ফলস্বৰূপে গেহলট আৰু বাঘেল আৰু অন্যান্য পেনেল সদস্যসকলে এতিয়া নিজৰ ৰাজনৈতিক অভিজ্ঞতা আৰু দক্ষতা ব্যৱহাৰ কৰি ইণ্ডি মিত্ৰজোঁটৰ সদস্য যেনে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, সমাজৱাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, টিএমচিৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ডিএমকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰ আৰু আৰজেডি নেতা লালু যাদৱৰ সৈতে ২০২৪ চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে আলোচনাত মিলিত হ’ব ।

‘‘দলৰ মুৰব্বীগৰাকীৰ এয়া অতি উল্লেখযোগ্য পদক্ষেপ আৰু এই পদক্ষেপে ইণ্ডি মিত্ৰজোঁটৰ প্ৰতি তেওঁৰ দায়বদ্ধতা প্ৰকাশ কৰে । পাঁচজনীয়া পেনেলত আছে দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী গেহলট আৰু বাঘেল ৷ যিসকলৰ নিৰ্বাচনত যুঁজ দিয়াৰ অভিজ্ঞতা আছে আৰু ৰাষ্ট্ৰীয় ৰাজনীতি ভালদৰে জানে । তেওঁলোকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাজ্যিক দায়িত্বত থকা প্ৰভাৰীসকলৰ পৰা প্ৰতিবেদন সংগ্ৰহ কৰিব আৰু তাৰ পিছত কংগ্ৰেছৰ মুৰব্বীক সেয়া অৱগত কৰিব ।

ইণ্ডি মিত্ৰজোঁটৰো এখন কমিটী আছে য'ত জ্যেষ্ঠ নেতা কে চি বেনুগোপাল কংগ্ৰেছৰ প্ৰতিনিধি । এই কমিটীয়ে মিত্ৰতাৰ বিষয়ে আলোচনা কৰিব । কিন্তু পেনেলত আমাৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিয়ে মমতা বেনাৰ্জী, লালু প্ৰসাদ, নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ দৰে প্ৰবীণ মিত্ৰ আৰু অখিলেশ যাদৱৰ দৰে নবীন নেতাৰ সৈতেও আলোচনা কৰাত সহায় কৰিব ।’’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় ঝাৰখণ্ডৰ দায়িত্বত থকা এআইচিচিৰ প্ৰবাৰী অবিনাশ পাণ্ডেয়ে ।

‘‘ইণ্ডি মিত্ৰজোঁটে অতি শীঘ্ৰে পৰৱৰ্তী লোকসভাৰ বাবে আসন ভাগ-বাটোৱাৰা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি বিজেপিৰ বিৰুদ্ধে একক প্ৰাৰ্থী থিয় কৰাম । দিল্লীত অনুষ্ঠিত হোৱা বৈঠকখন কিছু ডাঙৰ সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত হৈছে ।’’ তেওঁ লগতে কয় ৷

কংগ্ৰেছে মিত্ৰতা পেনেল গঠনৰ এই পদক্ষেপ লোৱাৰ এদিন পিছতে ৰাহুল আৰু প্ৰিয়ংকাৰ সভাপতিত্বত উত্তৰ প্ৰদেশত দলটোৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পুনৰীক্ষণৰ বৈঠক অনুষ্ঠিত হয় ৷ য’ত কংগ্ৰেছে এছ পি আৰু আৰ এল ডিৰ সৈতে নিৰ্দিষ্ট মিত্ৰতা হোৱাৰ আশা কৰিছে ।

মহাৰাষ্ট্ৰত কংগ্ৰেছে এনচিপি আৰু শিৱসেনা ইউবিটিৰ সৈতে মিত্ৰতা কৰিছে ৷ গতিকে আসন ভাগ-বাটোৱাৰা কৰাটো বিশেষ সমস্যা নহ’ব বুলি দলৰ ভিতৰুৱা সূত্ৰই কয় । ঝাৰখণ্ডত কংগ্ৰেছৰ আৰজেডি আৰু জেএমএমৰ সৈতে মিত্ৰতাৰ বাবে প্ৰচেষ্টা চলি আছে ।

লগতে পঢ়ক: বিৰোধী মিত্ৰজোঁটৰ দিল্লী বৈঠক আৰম্ভ; ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.