ETV Bharat / bharat

দ্বি-পাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত-ইটালী

author img

By

Published : Jul 10, 2021, 11:07 AM IST

ভাৰত আৰু ইটালীয়ে দ্বি-পাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা আৰু দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে । ভাৰত-ইটালী অৰ্থনৈতিক সহযোগিতা আয়োগৰ যুটীয়া অধিৱেশনৰ ২১ তম অধিৱেশনত এই বিষয়ে আলোচনা কৰা হয় ।

bilateral economic ties
দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত আৰু ইটালী

নেশ্যনেল ডেস্ক, 10 জুলাই : ভাৰত এখন এনেকুৱা দেশ যিয়ে বিশ্বৰ বহু দেশৰ লগত এক সু-সম্পৰ্ক ৰক্ষা কৰি চলি আছে । বহু দেশৰ লগত অৰ্থনৈতিক, সাংস্কৃতিক, বাণিজ্যিক আদি বিভিন্ন দিশত চুক্তি সম্পাদন কৰি সেই দেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখি আহিছে । সেই দেশসমূহৰ ভিতৰত অন্যতম হৈছে ইটালী ।

ভাৰত আৰু ইটালীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে ভাৰত চৰকাৰ আৰু ইটালী চৰকাৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ আধাৰতে ভাৰত আৰু ইটালীয়ে শুকুৰবাৰে দ্বি-পাক্ষিক অৰ্থনৈতিক সম্পৰ্ক (Economic Cooperation) শক্তিশালী কৰা আৰু দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে । ভাৰত-ইটালী অৰ্থনৈতিক সহযোগিতা আয়োগৰ (India-Italy Joint Commission for Economic Cooperation) যুটীয়া অধিৱেশনৰ ২১ তম অধিৱেশনত এই বিষয়ে আলোচনা কৰা হয় ।

বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল (Union Minister Piyush Goyal) আৰু ইটালীৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী লুইগি দি মায়োৰ (Luigi Di Maio) যুটীয়া সভাপতিত্বত ভাৰ্চুৱেলী অনুষ্ঠিত হয় ।

পীযুষ গোৱেলে এক টুইটযোগে এই কথা সদৰী কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বি-পাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ অংশীদাৰী প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে । ইয়াৰ পূৰ্বে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত বিংশতম ভাৰত-ইটালী যুটীয়া অৰ্থনৈতিক সহযোগিতা আয়োগ (JCEC) অনুষ্ঠিত হৈছিল । এই অধিৱেশনত ভাৰত আৰু ইটালীয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰৰ বাবে অভিযান্ত্ৰিক, আন্তঃগাঁথনি আৰু কৃষিক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰিছিল ।

লগতে পঢ়ক : দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.