ETV Bharat / bharat

ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন

author img

By

Published : Oct 21, 2021, 12:02 PM IST

বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Mansukh Mandaviya)ই টীকাকৰণ কৰিবলৈ সকলোকে আহ্বান জনায় আৰু এই ঐতিহাসিক সফল যাত্ৰাত যোগদান কৰিবলৈ দেশবাসীক আহ্বান জনায় ।

India hits 100 crore COVID-19 vaccination milestone
ভাৰতত ১০০ কোটি লোকক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ : ক'ভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এক ইতিবাচক খবৰ । বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতত সম্পন্ন হ'ল ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই দেশবাসীক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে টুইটযোগে জনাাইছিল যে, দেশত ক'ভিড-১৯ টীকাকৰণ অভিযানে ১০০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে ।

তেওঁ এই সোণালী সুযোগ গ্ৰহণ কৰি সফল যাত্ৰাত অংশ ল'বলৈ দেশবাসীক আহ্বান জনায় । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰএমএল চিকিৎসালয় পৰিদৰ্শন কৰিছে । এই গুৰুত্বপূৰ্ণ দিনটোত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ কাৰ্যসূচীও ৰূপায়ণ কৰিব । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই লালকিল্লাত এটি গীত আৰু এখন অডিঅ' ভিজুৱেল ছবি মুকলি কৰিব ।

  • देश वैक्सीन शतक बनाने के करीब है।

    इस स्वर्णिम अवसर के सहभागी बनने के लिए देशवासियों से मेरी अपील है कि जिनका वैक्सीनेशन बाकी है वो तत्काल टीका लगवाकर, भारत की इस ऐतिहासिक स्वर्णिम टीकाकरण यात्रा में अपना योगदान दें।

    — Dr Mansukh Mandaviya (@mansukhmandviya) October 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

স্পাইচজেটেও ১০০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ হোৱাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । দিল্লী বিমানবন্দৰত নিয়োজিত কোম্পানীটোৰ কৰ্মচাৰীসকলৰ ভিতৰত যিসকলে প্ৰতিষেধক গ্ৰহণ কৰিছে, তেওঁলোকৰ বাবে এক বিশেষ ইউনিফৰ্ম যোগান ধৰিব । স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু স্পাইচজেটৰ মুখ্য পৰিচালন সঞ্চালক অজয় সিঙে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

চৰকাৰী বিজ্ঞপ্তি অনুসৰি, দেশজুৰি চলা টীকাকৰণ অভিযানৰ অধীনত বুধবাৰ পৰ্যন্ত প্ৰতিষেধকৰ ৯৯,১২ কোটি পালি প্ৰদান কৰা হৈছিল । বৃহস্পতিবাৰে এই সংখ্যাই ১০০ কোটি স্পৰ্শ কৰে । টীকাকৰণ সৰ্বাধিক হোৱা শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশত ১২,২১,৪০,৯১৪, মহাৰাষ্ট্ৰত ৯,৩১০০,৭০৮, পশ্চিমবংগত ৬,৮৫,১২,৯৩২, গুজৰাটত ৬,৭৬,৬৭,৯০০ আৰু মধ্য প্ৰদেশত ৬,৭২,২৪,২৮৬ জনক ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.