ETV Bharat / bharat

দিল্লীত যুটীয়া নদী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত আৰু বাংলাদেশৰ কেবিনেট পৰ্যায়ৰ যুটীয়া নদী আয়োগৰ বৈঠকত দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি চূড়ান্ত । ভাৰত আৰু বাংলাদেশে কুশিয়াৰা নদীৰ অন্তৱৰ্তীকালীন জল বিনিময় সন্দৰ্ভত এক বুজাবুজি চুক্তি চূড়ান্ত (MoU on Interim Water Sharing of Kushiyara river)। ত্ৰিপুৰাত ফেনি নদীৰ পানী যোগান প্ৰকল্প স্থাপনৰ সিদ্ধান্তক আদৰণি বৈঠকত ।

author img

By

Published : Aug 27, 2022, 1:40 PM IST

Tripura
দিল্লীত যুটীয়া নদী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

আগৰতলা,২৭ আগষ্ট : নতুন দিল্লীত অনুষ্ঠিত হৈছে ভাৰত আৰু বাংলাদেশৰ কেবিনেট পৰ্যায়ৰ যুটীয়া নদী আয়োগৰ (JRC) ৩৮ সংখ্যক বৈঠকত (Joint River Commission meeting 2022)। ২৫ আগষ্টত অনুষ্ঠিত এই বৈঠকত ভাৰত আৰু বাংলাদেশে কুশিয়াৰা নদীৰ অন্তৱৰ্তীকালীন জল বিনিময় সন্দৰ্ভত এক বুজাবুজি চুক্তি চূড়ান্ত কৰে (MoU on Interim Water Sharing of Kushiyara river)। লগতে চুবুৰীয়া দেশখনৰ সৈতে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুম চহৰৰ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে ফেনি নদীৰ পৰা পানী গ্ৰহণৰ (Water intake point on Feni River) বাবে বিশেষ স্থান বাছনি সন্দৰ্ভত লোৱা সিদ্ধান্তক আদৰণি জনোৱা হয় এই বৈঠকত ।

এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে জল শক্তিৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে । বাংলাদেশৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে ৰাজ্যিক জল সম্পদ মন্ত্ৰী জাহিদ ফাৰুকে । জলসম্পদ বিভাগৰ মন্ত্ৰী এ কে এম এনামুল হক চামিমও বৈঠকত উপস্থিত থাকে ।

লক্ষণীয়ভাৱে এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো ১২ বছৰৰ অন্তত এই যুটীয়া নদী আয়োগৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকৰ পূৰ্বে ২৩ আগষ্টত জলসম্পদ সচিব পৰ্যায়ৰো এক বৈঠক অনুষ্ঠিত হয় ।

দ্বিপাক্ষিক বৈঠকখনত উমৈহতীয়া নদীৰ পানীৰ ব্যৱহাৰ, বানপানীৰ তথ্য, নদী প্ৰদূষণ ৰোধ, পলস ব্যৱস্থাপনা, নদী সুৰক্ষা আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয় । বৈঠকত দুয়োখন দেশৰ মাজত থকা উমৈহতীয়া নদী বিশেষকৈ পশ্চিম বংগৰ গংগা, তিস্তা আৰু দুধকুমাৰ, ত্ৰিপুৰাৰ মনু, মুহুৰী, খোৱাই, গুমটি আৰু অসমৰ ধলা, কুশিয়াৰা নদীৰ ওপৰত আলোচনা কৰা হয় ।

লগতে পঢ়ক :ত্ৰিপুৰাত উপস্থিত বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.