ETV Bharat / bharat

সুৰক্ষা বিষয়ত ভাৰত আৰু ভিয়েটনামৰ বৈঠক

author img

By

Published : Sep 14, 2022, 11:37 AM IST

২০১৬ চনত ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয় (National Security Council Secretariat) আৰু ভিয়েটনামৰ জন সুৰক্ষা মন্ত্ৰালয়ৰ মাজত স্বাক্ষৰিত এক বুজাবুজি চুক্তিয়ে প্ৰতিষ্ঠানগত প্ৰণালী স্থাপন কৰিছিল ।

India
India

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভাৰত আৰু ভিয়েটনামে মঙলবাৰে নতুন দিল্লীত নিৰাপত্তাৰ বিষয় সন্দৰ্ভত এক আলোচনাত মিলিত হয় (India and Vietnam talks on security issue) । উক্ত আলোচনাত সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে । এই বিষয়টোৰ সৈতে সম্পৰ্কিত লোকসকলে এই তথ্য প্ৰদান কৰিছে । তেওঁলোকে কয় যে, ভাৰতে আন্তৰ্জাতিক আইন অনুসৰি নৌ-চলাচল আৰু 'অভাৰফ্লাইট'ৰ স্বাধীনতাৰ বাবে দৃঢ় স্থিতিৰ কথা পুনৰ দোহাৰে ।

উক্ত উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা/উপ মন্ত্ৰী পৰ্যায়ত দ্বিতীয় ভাৰত-ভিয়েটনাম নিৰাপত্তা আলোচনাত (second India Vietnam Security Dialogue) ভাৰতীয় পক্ষক নেতৃত্ব দিয়ে উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বিক্ৰম মিছৰীয়ে (Deputy National Security Advisor Vikram Misri) । আনহাতে, ভিয়েটনামৰ পক্ষক নেতৃত্ব প্ৰদান কৰে উপ জনসুৰক্ষা মন্ত্ৰী আৰু জ্যেষ্ঠ লেফটেনেণ্ট জেনেৰেল লুয়ং তাম কোৱাঙে (Lieutenant General Luong Tam Kwang) ।

সুৰক্ষা বিষয়ত ভাৰত আৰু ভিয়েটনামৰ বৈঠক
সুৰক্ষা বিষয়ত ভাৰত আৰু ভিয়েটনামৰ বৈঠক

ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয় (National Security Council Secretariat) আৰু ভিয়েটনামৰ জন সুৰক্ষা মন্ত্ৰালয়ৰ মাজত ২০১৬ চনত স্বাক্ষৰিত এক বুজাবুজি চুক্তিয়ে তাত প্ৰতিষ্ঠানগত প্ৰণালী স্থাপন কৰে ।

উল্লেখ্য যে, ইয়াৰে উদ্বোধনী অনুষ্ঠান ২০১৮ চনৰ এপ্ৰিলত হানয়ত অনুষ্ঠিত হৈছিল । বিষয়টোৰ সৈতে জড়িত লোকসকলে কয় যে মিছৰীয়ে সামুদ্ৰিক খণ্ডক ভালদৰে পৰিচালনা, সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত কৰাৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যোগৰ (Indo Pacific Ocean Initiative) কথা পুনৰ দোহাৰে ।

তেওঁ কয় যে, ভিয়েটনামে অঞ্চলটোত শান্তি আৰু নিৰাপত্তা বৃদ্ধিত ভাৰতৰ ভূমিকাক প্ৰশংসা কৰে । মঙলবাৰৰ আলোচনাৰ সময়ত দুয়োপক্ষই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা আগবঢ়াবলৈ সন্মত হয় । দুয়োপক্ষই একমত হয় যে অঞ্চলটোত মৌলবাদ, সন্ত্ৰাসবাদ আৰু ড্ৰাগছ আৰু অস্ত্ৰ উৎপাদন আৰু চোৰাং ব্যৱসায়ৰ সম্পৰ্কৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিতে প্ৰচেষ্টাৰ প্ৰয়োজন । লেফটেনেণ্ট জেনেৰেল কোৱাঙে (লেফটেনেণ্ট জেনেৰেল লুয়ং তাম কোৱাং) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবকো (পূৱ) সাক্ষাৎ কৰে । তেওঁৰ এই ভাৰত ভ্ৰমণৰ সময়ছোৱাত বুদ্ধগয়াও ভ্ৰমণ কৰিব ।

লগতে পঢ়ক :আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হ’ব আজাদী কা অমৃত মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.