ETV Bharat / bharat

Meghalaya Assembly Election: বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি মেঘালয়ত আৰম্ভ নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰ সভা

author img

By

Published : Jan 12, 2023, 9:34 AM IST

নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও মেঘালয়ত লাহে লাহে তুংগত উঠিছে নিৰ্বাচনী কুচকাৱাজ ৷ বিজেপি, কংগ্ৰেছ, এন পি পি কে ধৰি মেঘালয়ৰ কেইবাটাও ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ সম্ভাব্য প্ৰাৰ্থীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ (Remington G Momin election campaign) ৷

Independent candidate Remington G Momin election campaign
নিৰ্দলীয় প্ৰাৰ্থী ৰেমিংটন জি ম’মিনৰ নিৰ্বাচনী ৰণডংকা

বকো,12 জানুৱাৰী: সমাগত মেঘালয় নিৰ্বাচন (Meghalaya Assembly Election)৷ চলিত বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যখনত ৰাজনৈতিক দল-সংগঠন সমূহে সমাগত নিৰ্বাচনক লৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে ৷ বিজেপি, কংগ্ৰেছ, এন পি পি কে ধৰি মেঘালয়ৰ কেইবাটাও ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ সম্ভাব্য প্ৰাৰ্থীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে নিৰ্বাচনকেন্দ্ৰীক সভা ।

একেধৰণে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব বিচৰা বহুকেইগৰাকী স্থানীয় নেতাইও আৰম্ভ কৰিছে নিৰ্বাচনকেন্দ্ৰীক সভা (Independent candidate Remington G Momin)। বুধবাৰে অসম মেঘালয় সীমান্তত অৱস্থিত মেঘালয়ৰ চিলডুবীত নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ মানসেৰে স্থানীয় নেতা ৰেমিংটন জি. ম'মিনে অনুষ্ঠিত কৰে এখনি প্ৰচাৰ সভা (Remington G Momin election campaign)। এই নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰক কেন্দ্ৰ কৰি এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, অসমৰ বকোৰ গাতে লাগি থকা মেঘালয়ৰ ৰাম্বাৰায় জ্ৰিংগাম বিধানসভা সমষ্টিৰ পৰা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে ম' মিনে ।

সভাত ৰাইজক উদ্দেশ্যি ম' মিনে কয় যে বৰ্তমানৰ বিধায়ক গৰাকীয়ে এতিয়ালৈ দুটাকৈ কাৰ্যকাল পাৰ কৰিলে যদিও সমষ্টিটোত কোনো ধৰণৰ লেখত ল’বলগীয়া উন্নয়নমূলক কাম নকৰিলে । কেৱল নিজৰ স্বাৰ্থ সিদ্ধিতে মগ্ন থাকিল বৰ্তমানৰ বিধায়কগৰাকীয়ে । এতিয়া আকৌ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰি এন পি পি (National Peoples Party) দলত যোগদান কৰাৰ কথাটোৱে বিধায়কগৰাকীৰ সুবিধাবাদী এটা চৰিত্ৰকে প্ৰতিফলিত কৰা বুলি ভাষণত উল্লেখ কৰে ৷

মন কৰিবলগীয়া যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মেঘালয়ৰ ৰাজনীতিত চলিছে দল বাগৰাৰ আন এখন প্ৰতিযোগিতা (Changing of Political parties)৷ ৰাজ্যখনত কোনে কোন বিধায়কক নিজৰ দললৈ আনিব পাৰে, যেন তাৰেই এখন প্ৰতিযোগিতাত নামি পৰিছে প্ৰতিটো দলৰ নেতাসকল ৷

ইফালে মেঘালয়ৰ ৰাজনীতিত শেহতীয়াকৈ মিত্ৰদল বিজেপিৰে মুকলি সংঘাত আৰম্ভ হৈছিল কনৰাড চাংমাৰ দল এনপিপিৰ সৈতে ৷ দুয়োটা দলে এইবাৰৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিক বৈৰী হিচাপেই নিৰ্বাচনী যুঁজত নামিব (Meghalaya NPP MLA to join TMC) ৷ ইয়াৰ বিপৰীতে শাসকীয় নেশ্যনেল পিপলছ পাৰ্টি দলটোৰ আন এজন বিধায়ক এছ জি এছমাতুৰ মমিনে বুধবাৰে বিধানসভাৰ সদস্য পদ আৰু দলৰ পৰা পদত্যাগ কৰিছে ৷ তেওঁ শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে ।

২০১৮ চনৰ নিৰ্বাচনত ফুলবাৰী বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা মমিনে অধ্যক্ষ মেটবাহ লিংডোক বুধবাৰে পদত্যাগ পত্ৰ দাখিল কৰে । তৃণমূলৰ সূত্ৰই জনোৱা মতে, কাইলৈৰ ভিতৰত এন পি পিৰ বিধায়কগৰাকীয়ে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিব । এইজন বিধায়ককে ধৰি এতিয়ালৈ নিৰ্বাচন আসন্ন মেঘালয়ৰ আঠজন বিধায়কে সদন আৰু নিজ নিজ দলৰ পৰা পদত্যাগ কৰি বিভিন্ন দলত যোগদান কৰিছে ।

লগতে পঢ়ক: Owaisi slams RSS Chief: ২০২৪ চনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি মোহন ভাগৱতে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.