ETV Bharat / bharat

IND vs AUS 3rd ODI : তৃতীয় এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 66 ৰাণত পৰাস্ত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:03 PM IST

Updated : Sep 27, 2023, 11:02 PM IST

বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে 66 ৰাণত বিজয় সাব্যস্ত কৰিছে ৷ অষ্ট্ৰেলিয়াই শক্তিশালী বেটিঙেৰে নিৰ্ধাৰিত 50 অভাৰত 7 টা উইকেট হেৰুৱাই 352 ৰাণ সংগ্ৰহ কৰিছিল ৷

IND vs AUS 3rd ODI
ভাৰত-অষ্ট্ৰেলিয়াৰ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ : ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েশ্যন ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত অষ্ট্ৰেলিয়াই ভাৰতক 66 ৰাণত পৰাস্ত কৰে ৷ 353 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে 49.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 286 ৰাণ হে কৰিবলৈ সক্ষম হয় ৷

353 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি ৰোহিত শৰ্মাৰ 81 ৰাণেৰে এক সন্মানজনক স্থিতিত উপনীত হয় যদিও অৱশেষত 66 ৰাণত পৰাজয় বৰণ কৰে ৷ ৰোহিত শৰ্মাই অধিনায়কোচিত 57 টা বলত 81 ৰাণৰ বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় ৷ 81 ৰাণ কৰি মেক্সৱেলৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে অধিনায়কজনে ৷

আনহাতে ৱাশ্বিংটন সুন্দৰে 30 টা বলত 18 ৰাণ সংগ্ৰহ কৰি মেক্সৱেলৰ বলত আউট হয় ৷ বিৰাট কোহলীয়ে 61 টা বলত 56, শ্ৰেয়াছ আয়াৰে 43 বলত 48 ৰাণ, কে.এল ৰাহুল 30টা বলত 26 ৰাণ, ৰবীন্দ্ৰ জাডেজাই 36 বলত 35 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ ভাৰতে 49.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 286 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ হৈ গ্লেন মেক্সৱেলে সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ মিশ্বেল ষ্টাৰ্ক, পেট কামিনচ, কেমেৰুণ গ্ৰীণ আৰু তনবীৰ সাংঘাই 1টাকৈ উইকেট দখল কৰে ৷ জছ হেজেলউডে 2 টা উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই শক্তিশালী বেটিঙেৰে নিৰ্ধাৰিত 50 অভাৰত 7 টা উইকেট হেৰুৱাই 352 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ হৈ মিচেল মাৰ্শ্বে সৰ্বাধিক 96 ৰাণ সংগ্ৰহ কৰে ৷ 84 টা বলত 96 ৰাণ কৰি কুলদীপ যাদৱৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে বেটছমেনজনে ৷ ইফালে ডেভিড ৱাৰ্ণাৰে 34 বলত 56 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ষ্টিভেন স্মিথে 61 বলত 74 ৰাণ সংগ্ৰহ কৰে ৷ মাৰ্নাছ লাবুশ্বানে 58 টা বলত 72 ৰাণ, এলেক্স কেৰীয়ে 19 টা বলত 11 ৰাণ, গ্লেন মেক্সৱেলে 7 টা বলত 5 ৰাণ, কেমেৰুণ গ্ৰীণে 13 টা বলত 9 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : India vs Australia 3rd ODI : বিশ্বকাপৰ পূৰ্বে নিৰংকুশ শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ

পেট কামিনছে 22 টা বলত 19 ৰাণ আৰু মিটছেল ষ্টাৰ্কে 2টা বলত 1ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে 10 অভাৰত 81 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱে 6 অভাৰত 48 ৰাণ খৰছ কৰি 2 টা উইকেট দখল কৰে ৷ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই 1 টাকৈ উইকেট দখল কৰে ৷

উল্লেখ্য যে, এই তিনিখনীয়া এদিনীয়া শৃংখলাৰ পূৰ্বৰ দুখন মেচত ভাৰতে জয়লাভ কৰি 2-0 ব্যৱধানত ইতিমধ্যে শৃংখলা দখল কৰিছে ৷ প্লেয়াৰ অব দ্য মেচ হিচাবে গ্লেন মেক্সৱেল বিবেচিত হোৱাৰ বিপৰীতে প্লেৱাৰ অব দ্য চিৰিজ হিচাবে বিবেচিত হয়, শৃংখলাৰ প্ৰথম দুখন মেচত বিস্ফোৰক বেটিঙেৰে দলৰ জয়ত মুখ্য ভূমিকা লোৱা শুভমন গীল ৷ ইফালে অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা পুৰুষ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন কেনে হয় তাক লৈ এতিয়া উৎকণ্ঠিত হৈ আছে অনুৰাগী ৷

লগতে পঢ়ক : Asian Games 2023 : উদ্বোধনী মেচত বৃহৎ জয় ভাৰতীয় মহিলা হকী দলৰ

Last Updated : Sep 27, 2023, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.