ETV Bharat / bharat

নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে সৰৱ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা

author img

By

Published : Mar 11, 2022, 5:50 PM IST

পাঞ্জাৱত শোচনীয় পৰাজয় কংগ্ৰেছ দলৰ (Congress party defeats Punjab assembly elections)। ইয়াৰ পাছতে কংগ্ৰেছৰ আন্তঃকন্দল আৰম্ভ । দলৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে জাঙুৰ খাই উঠে উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা । সিদ্ধুৰ বিৰুদ্ধে দলীয় নিয়ম উলংঘনৰ অভিযোগ ৰান্ধৱাৰ ।

sukhjinder randhawa
নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে সৰৱ উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা

নেশ্যনেল ডেস্ক,১১ মাৰ্চ : পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ হাতত শোচনীয়ভাৱে পৰাজিত হ'ল কংগ্ৰেছ (Congress loses Punjab assembly elections to AAP)। শাসনত থকা কংগ্ৰেছৰ এনে দুৰৱস্থা দেখি এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে দলটোৰ ভিতৰ চ'ৰাতো আৰম্ভ হৈছে বিবাদ (Internal fight begins within Punjab Congress)। পূৰ্বৰে পৰা দলটোৰ নেতাসকলৰ মাজত মতানৈক্য চলি আছিল যদিও শোচনীয় পৰাজয়ৰ পাছত এই মতানৈক্য পুনৰ আৰম্ভ হৈছে ।

পৰাজয়ৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে মন্তব্য কৰিছিল যে যিসকলে তেওঁক গাঁতত পেলাব বিচাৰিছিল তেওঁলোকে আৰু ১০ গুণ গভীৰতাৰ গাঁতত পৰিছে । অন্যায় কৰা সকলে ফল পাবই আৰু ৰাইজৰ আদালতত সেইসকলে শিক্ষা পোৱা বুলি দাবী কৰে সিদ্ধুৱে । ইফালে যি হৈছে সকলো পাহৰিবলৈ আহ্বান জনাইছিল । এয়া এক নতুন দিগন্ত বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ উল্লেখ কৰা মতে আম আদমি পাৰ্টিৰ ওপৰত মানুহৰ আশা আৰু আকাংক্ষা আছে, যাৰ বাবে ৰাইজে তেওঁলোকক ভোট দিছে । বিজয়ী দলটোক অভিনন্দন জনায় সিদ্ধুৱে (Sidhu congratulates AAP)।

নিজ দলৰে একাংশ নেতাক এনেদৰে পৰোক্ষভাৱে আক্ৰমণ কৰাত কংগ্ৰেছৰ একাংশ নেতা সিদ্ধুৰ বিৰুদ্ধে সৰৱ হৈ উঠা দেখা গৈছে । সিদ্ধুক এইবাৰ উভতি ধৰিলে চৰঞ্জিত চান্নী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱাই (Deputy CM Sukhjinder Singh Randhawa criticizes Navjot Singh Sidhu)। সিদ্ধুৱে কংগ্ৰেছ দল আৰু একাংশ নেতাৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ কৰে ৰন্ধাৱাই ।

সিদ্ধুৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দলৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ৰান্ধৱাই কয় যে সভাপতিগৰাকী এনে কৰ্মৰ বাবে ৰাইজৰ মাজত প্ৰভাৱ পেলাইছে । দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধুৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায় । উল্লেখ্য যে ৰাজ্যখনৰ ১১৭ খন আসনৰ ভিতৰত মাত্ৰ ১৮ খনতহে কংগ্ৰেছ জয়ী হ'বলৈ সক্ষম হৈছে । ইফালে মুখ্যমন্ত্ৰীকে ধৰি বহু প্ৰভাৱশালী নেতাও আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছে ।

লগতে পঢ়ক:Punjab Election Results Updates : পঞ্জাৱত উৰিছে আপৰ বিজয় ধজ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.