ETV Bharat / bharat

Indo china border conflict : চলিত বৰ্ষত সীমান্তত বৃদ্ধি পাইছে চীনা সেনাৰ পৰিদৰ্শন

সীমান্তত চীন আৰু ভাৰতৰ মাজত এক উত্তেজনা পৰিবেশ বিৰাজমান ফলস্বৰূপে ভাৰতৰ বিভিন্ন সুৰক্ষা বাহিনীৰ বৃহৎ সংখ্যক মোটায়েন কৰা হৈছে পশ্চিম দিশত । চলিত বৰ্ষত সীমান্তত চীনৰ PLA সেনাৰ সক্ৰিয়তা বৃদ্ধিৰ সম্পৰ্কত বিশেষ মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙৰ ৷

author img

By

Published : Nov 15, 2021, 9:07 PM IST

increase in chinese pla armys visit in indo china border arunachal
Indo china border conflict : চলিত বৰ্ষত সীমান্তত বৃদ্ধি পাইছে চীনা সেনাৰ পৰিদৰ্শন

বুমলা, 15 নবেম্বৰ : অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ শেহতীয়া উত্তেজনাপূৰ্ণ স্থিতিৰ কথাৰে আমি ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আহিছো ৷ শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰ পশ্চিম দিশৰ তিনিটা স্থানত বৃদ্ধি পাইছে চীনৰ PLA সৈন্য বাহিনীৰ সক্ৰিয়তা ৷ চুবুৰীয়া দেশখনৰ সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত বৃদ্ধি পাইছে এই সক্ৰিয়তা ৷ AREA DOMINATING PETROL ৰ জৰিয়তে সীমান্তৰ চীনা সৈন্যই বাবে বাৰে মেকমোহন লাইন পৰিদৰ্শন কৰাৰ তথ্য ইতিমধ্যে সেনা আৰু প্ৰতিৰক্ষা বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ।

চীন আৰু ভাৰতৰ মাজত এক উত্তেজনা পৰিবেশ বিৰাজমান ফলস্বৰূপে ভাৰতৰ বিভিন্ন সুৰক্ষা বাহিনীৰ বৃহৎ সংখ্যক মোটায়েন কৰা হৈছে পশ্চিম দিশত । প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ আৰু বায়ুসেনাৰ যৌথভাৱে স্থাপন কৰা হৈছে Air Defence System , বুমলা পাছত মোটায়েন কৰা হৈছে সেনাৰ অতিৰিক্ত বাহিনী । উল্লেখযোগ্য যে, লুংৰুলা, জেমিথাঙৰ পিছত সীমান্তৰ তৃতীয় স্থান হৈছে বুমলা য’ত চীন আৰু ভাৰতৰ সৈন্যৰ মাজত অনুষ্ঠিত হয় Border Personnel Meeting. এতিয়া এই স্থানতে চীনা সৈন্যৰ সক্ৰিয়তা পূৰ্বতকৈ বৃদ্ধি পাইছে ।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি ২০১৮ আৰু ১৯ চনত ৰঙা চীনৰ PLA সৈন্যই ক্ৰমে ১৭ আৰু ১৬ বাৰ, ইয়াৰ বিপৰীতে ২০২০ চনত ২১ বাৰ আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে মুঠ ১৯ বাৰ এই স্থানত পেট্ৰলিং কৰিছে ৷

ইয়াৰ লগতে PLA সৈন্যৰ শীৰ্ষ বিষয়াই ২০১৮-১৯ এবাৰকৈ পৰিদৰ্শন কৰা এই স্থানত ২০২০ ত ৫ বাৰ আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ শেষলৈ মুঠ ২০ বাৰ পৰিদৰ্শন কৰিছে ৷ স্বাভাৱিকতেই এতিয়া এইয়া ভাৰতীয় প্ৰতিৰক্ষা বিভাগ আৰু সেনা বাহিনীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে ৷ সেয়ে এতিয়া এতিয়া সীমান্তত প্ৰায় ৬০ হাজাৰৰ অধিক ভাৰতীয় সেনা আৰু অন্যান্য সুৰক্ষা বাহিনীৰ লোকো সষ্টম হৈ আছে বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে, ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত অৰুণাচলৰ এগৰাকী বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে(Ninong Ering) জানিবলৈ দিছে যে, যদিও ৰঙা চীনৰ PLA সৈন্যৰ সক্ৰিয়তা সীমান্তত বৃদ্ধি পাইছে তথাপিও এই সম্পৰ্কত বিশেষ চিন্তনীয় নাই ৷ তেওঁ লগতে কয় যে, সীমান্তত ইতিমধ্যে যথেষ্ট সংখ্যক ভাৰতীয় সেনাও মোতায়েন কৰা হৈছে ৷ ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত অৰুণাচল সীমান্ত সুৰক্ষিত বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : মণিপুৰ আৰক্ষী- Assam Rifles ৰ যুটীয়া অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.