ETV Bharat / bharat

কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সদনত উপস্থিত ৰাহুল গান্ধী - যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী

সোমবাৰে ট্ৰেক্টৰ চলাই সংসদলৈ গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhi) । তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে এইদৰে সংসদলৈ যাত্ৰা কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে । বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কৃষকৰ প্ৰতি সমৰ্থন জনাই আহিছে কংগ্ৰেছে । সোমবাৰেও কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই ট্ৰেক্টৰ চলাই সংসদলৈ ৰাওনা হয় ৰাহুল গান্ধী ।

Rahul Gandhi drives tractor to Parliament
কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সংসদলৈ গ'ল ৰাহুল গান্ধী
author img

By

Published : Jul 26, 2021, 12:42 PM IST

নেশ্যনেল ডেস্ক, ২৬ জুলাই : কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কৃষকসকলৰ প্ৰতি কংগ্ৰেছে সদায় সমৰ্থন আগবঢ়াই আহিছে । এতিয়াও দিল্লীৰ সীমান্তত আৰু যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । কৃষি আইনৰ বিৰোধিতাৰে সোমবাৰে বৰ্ষাকালীন অধিৱেশনৰ (Monsoon Session) সময়ত সদনলৈ ট্ৰেক্টৰ চলাই যাত্ৰা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ট্ৰেক্টৰ চলাই সংসদত উপস্থিত হৈ তেওঁ কয় যে, কৃষকসকলৰ কণ্ঠস্বৰ দমন কৰা হৈছে ।

কৃষকে বিতৰ্কিত কৃষি আইন (Farm Law) নিবিচাৰে । কিন্তু চৰকাৰে তেওঁলোকৰ আহ্বানক গুৰুত্ব দিয়া নাই । আনহাতে, বিজেপি নেতাই সমালোচনা কৰি কয় যে ৰাহুল গান্ধীৰ এই কাম গণতান্ত্ৰিক মূল্যবোধ বিৰোধী । উল্লেখ্য যে, সোমবাৰে যন্তৰ মন্তৰত সদৌ কৃষক মহিলা সংসদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।

লগতে পঢ়ক- যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীক খাকী পোছাক পিন্ধাৰ নিৰ্দেশ

যোৱা ২২ জুলাইৰ পৰাই কৃষক সংগঠনসমূহে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ইফালে, কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খন কৃষি আইন বাতিলৰ দাবীত বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰাই কৃষকসকলে দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে ।

কৃষি আইন বাতিলৰ বিষয়টোক লৈ চৰকাৰ সৈতে কেইটাও পৰ্যায়ৰ বৈঠকতো মিলিত হৈছে কৃষক প্ৰতিনিধিসকল । কিন্তু আজিলৈ এই সমস্যাৰ সমাধান হোৱা নাই । চৰকাৰেও কৃষি বাতিল কৰা নাই আৰু কৃষকেও অক্লান্তভাৱে প্ৰতিবাদ সাব্যস্ত কৰিয়েই আছে । ইফালে, আৰম্ভণিৰে পৰা কৃষকৰ প্ৰতিবাদৰ প্ৰতি মুকলিকৈ সমৰ্থন জনাই আহিছে কংগ্ৰেছে আৰু সময়ে সময়ে দলটোৱে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক:আজিৰ পৰা পুনৰ আৰম্ভ সদনৰ বৰ্ষাকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.