ETV Bharat / bharat

ইম্ফল বিমানবন্দৰত আতংকময় পৰিস্থিতি; তিনি ঘণ্টাৰ বাবে বন্ধ বিমানৰ উৰণ - বিমান বন্দৰটোত বিমানৰ উৰণ বন্ধ

ইম্ফল বিমানবন্দৰত অচিনাক্ত বস্তু প্ৰত্যক্ষ কৰাৰ পিচত 3 ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হয় বিমানৰ উৰণ ৷ কেবাখনো বিমানৰ গতিপথ সলনি কৰা হয় ৷

Imphal Airport on high alert after unidentified object spotted
ইম্ফল বিমানবন্দৰত আতংকময় পৰিস্থিতি
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:09 AM IST

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : মণিপুৰৰ ৰাজধানী ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আতংকময় পৰিস্থিতি ৷ সন্দেহজনক বস্তু এটা প্ৰত্যক্ষ কৰাৰ পাচতে বিমান বন্দৰটোত বিমানৰ উৰণ বন্ধ কৰি দিয়া হয় ৷ এই পৰিস্থিতিৰ বাবে দেওবাৰে কেইবা ঘণ্টা ধৰি ব্যাহত হৈ পৰে বন্দৰটোৰ কাম-কাজ ।

উল্লেখ্য যে, বিমান বন্দৰটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে দিনৰ প্ৰায় 2.30 বজাত সন্দেহজনক বস্তুটো প্ৰত্যক্ষ কৰে । নাম প্ৰকাশ নকৰাকৈয়ে বিমান বন্দৰ কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰে ৷ ইয়াৰ ফলত প্ৰায় তিনি ঘণ্টা ধৰি বন্দৰটোৰ কাম-কাজত অচলাৱস্থাৰ সৃষ্টি হয় ৷ এই সতৰ্কবাণীৰ ফলত তিনিখন আউটবাউণ্ড বিমান আৰু ইম্ফললৈ যোৱা দুখন বিমান ডাইভাৰ্ট কৰা হয় ।

বিমানবন্দৰৰ এজন বিষয়াই কয়, "বিমানবন্দৰৰ ওপৰত অচিনাক্ত বস্তুটো দেখা পোৱাৰ বাবে দুপৰীয়া 2.30 বজাৰ পৰা বিয়লি 5.50 বজালৈ বিমান চলাচল বন্ধ হৈ থাকে । সেই সময়ছোৱাত ইম্ফলৰ পৰা যাত্ৰা কৰা তিনিখন বিমান পলম হৈছিল আৰু দুখন ইন-বাউণ্ড বিমান ডাইভাৰ্ট কৰা হৈছিল’’ ।

ইম্ফলৰ পৰা যাত্ৰা কৰিবলগীয়া তিনিখন বিমান আগৰতলা, গুৱাহাটী আৰু কলিকতা অভিমুখে আছিল । সেই তিনিখন বিমানৰ প্ৰায় 500 যাত্ৰী তিনি ঘণ্টাৰো অধিক সময় আৱদ্ধ হৈ পৰে । নতুন দিল্লীৰ পৰা ইম্ফললৈ যোৱা এখন বিমান কলিকতালৈ ডাইভাৰ্ট কৰা হয় আৰু গুৱাহাটীৰ পৰা আন এখন বিমান তিনি ঘণ্টাৰো অধিক সময় পলম হয় ।

নিৰাপত্তাৰক্ষীয়ে অনুমতি প্ৰদান কৰাৰ পিচত সন্ধিয়া পুনৰ আৰম্ভ হয় বিমান উৰণৰ যাত্ৰা । বিমানবন্দৰৰ ওপৰত দেখা উৰণীয়া বস্তুটো কি সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই বুলি জনায় বিমানবন্দৰৰ বিষয়াসকলে । বিষয়টো সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷

উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰত মে’ মাহৰ পৰা মেইটেই আৰু জনজাতীয় কুঁকি জনগোষ্ঠীৰ মাজত অব্যাহত জাতিগত সংঘৰ্ষ । এই হিংসাৰ ফলত কমেও 178 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 50 হাজাৰ লোক গৃহহীন হৈছে ।

লগতে পঢ়ক : মণিপুৰত অসম ৰাইফলছৰ বাহনত পিএলএ উগ্ৰপন্থীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.