ETV Bharat / bharat

IMF projects on Growing Economy : ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ: IMF

author img

By

Published : Apr 12, 2023, 11:11 AM IST

ভাৰত হ'ব বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ (IMF projects India to be fastest growing economy) । এই পূৰ্বানুমান আন্তৰ্জাতিক মুদ্ৰানিধিৰ । আইএমএফে মঙলবাৰে ২০২৩-২৪ বৰ্ষৰ বাবে ইয়াৰ বিকাশৰ পূৰ্বানুমান পূৰ্বৰ ৬.১ শতাংশৰ পৰা ৫.৯ শতাংশলৈ হ্ৰাস কৰিলেও ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হৈ আছে বুলি আইএমএফৰ পূৰ্বানুমানত প্ৰকাশ ।

IMF
IMF

নিউজ ডেস্ক, ১২ এপ্ৰিল : আন্তৰ্জাতিক মুদ্ৰানিধি চমুকৈ আইএমএফে বিশ্বৰ নেতৃত্ব বহনকাৰী অৰ্থনীতিৰ ক্ষেত্ৰত পূৰ্বানুমান কৰিছে বিত্তীয় খণ্ডৰ অস্থিৰতা, উচ্চ মুদ্ৰাস্ফীতি, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ চলিত প্ৰভাৱ আৰু তিনি বছৰৰ ক’ভিডৰ মাজতো ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হ'ব (India to be fastest growing economy in world) । আইএমএফে মঙলবাৰে ২০২৩-২৪ বৰ্ষৰ বাবে ইয়াৰ বিকাশৰ পূৰ্বানুমান পূৰ্বৰ ৬.১ শতাংশৰ পৰা ৫.৯ শতাংশলৈ হ্ৰাস কৰিছে । কিন্তু এই গুৰুত্বপূৰ্ণ হ্ৰাস সত্ত্বেও ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হৈ আছে । ৱৰ্ল্ড ইকনমিক আউটলুকৰ পৰিসংখ্যাই এই কথা প্ৰকাশ কৰিছে (IMF projects India to be fastest growing economy) ।

উল্লেখ্য, আইএমএফে (International Monetary Fund, IMF) চলিত বৰ্ষত ভাৰতৰ মুদ্ৰাস্ফীতি ৪.৯ শতাংশলৈ আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত ৪.৪ শতাংশলৈ হ্ৰাস হোৱাৰ পূৰ্বানুমান কৰিছে । অৱশ্যে আইএমএফৰ বিকাশৰ পূৰ্বানুমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India, RBI) অনুমানতকৈ কম । কেন্দ্ৰীয় বেংকটোৱে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৭ শতাংশ আৰু ১ এপ্ৰিলত আৰম্ভ হোৱা চলিত বিত্তীয় বৰ্ষত ৬.৪ শতাংশ জিডিপি বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছিল । চৰকাৰে এতিয়াও 2022-23 বৰ্ষৰ বাবে সম্পূৰ্ণ বছৰৰ জিডিপিৰ সংখ্যা প্ৰকাশ কৰা নাই । ইফালে আন্তৰ্জাতিক ঋণদাতাই মুদ্ৰাস্ফীতি, ঋণ আৰু বিত্তীয় খণ্ডৰ প্ৰতি বৰ্ধিত সুদৰ হাৰৰ পৰা বিপদাশংকাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে । ই সতৰ্ক কৰি দিছে যে যদি বেঙ্কবোৰে ঋণ আৰু হ্ৰাস কৰে, 2023 চনত বিশ্বব্যাপী উৎপাদন আৰু 0.3 শতাংশ হ্ৰাস হ'ব ।

"খাদ্য আৰু শক্তিৰ মূল্য হ্ৰাস হোৱা আৰু যোগান-শৃংখলা উন্নত হোৱা সত্ত্বেও শেহতীয়া বিত্তীয় খণ্ডৰ অস্থিৰতাৰ পৰা বৰ্ধিত অনিশ্চয়তাৰ সৈতে বিপদাশংকাবোৰ দৃঢ়ভাৱে নেতিবাচক দিশত আছে ।" প্ৰতিবেদনত এনেদৰে কোৱা হৈছে । উল্লেখ্য, আইএমএফে ২০২৩ চনত বৃদ্ধি ২.৮ শতাংশলৈ হ্ৰাস হোৱাৰ পূৰ্বানুমান কৰিছে, যিটো ২০২৪ চনত ৩ শতাংশলৈ বৃদ্ধি পাব । মুদ্ৰাস্ফীতি বছৰটোৰ বাকী সময়ছোৱাত 7 শতাংশত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আনহাতে, অহা বছৰ ই 4.9 শতাংশলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

যোগান-শৃংখলা ব্যাহত হোৱা আৰু বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাই বিপদাশংকা আৰু সাম্ভাব্য লাভালাভ আৰু ভূ-অৰ্থনৈতিক বিভাজনৰ ব্যয়ক নীতি বিতৰ্কৰ কেন্দ্ৰলৈ আহিছে । প্ৰতিবেদনখনত লগতে কোৱা হৈছে । এফ ডি আই (FDI) প্ৰবাহ ভূ-ৰাজনৈতিকভাৱে সংৰেখিত দেশবোৰৰ মাজত বিশেষকৈ কৌশলগত ক্ষেত্ৰত ক্ৰমান্বয়ে কেন্দ্ৰীভূত হৈ আছে । ভূ-ৰাজনৈতিকভাৱে দূৰৱৰ্তী দেশসমূহৰ পৰা এফ ডি আইৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতি এফ ডি আই স্থানান্তৰৰ বাবে অত্যন্ত অসুৰক্ষিত ।

দীৰ্ঘম্যাদী সময়ত ভূ-ৰাজনৈতিক খণ্ডৰ উত্থানৰ ফলত উদ্ভৱ হোৱা এফডিআই বিভাজনে বৃহৎ উৎপাদন লোকচানৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিৰ বাবে । প্ৰতিবেদনখনত এই কথাও যোগ দিয়া হৈছে । কেন্দ্ৰীয় বেংকবোৰে সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত যদিও মুদ্ৰাস্ফীতি হ্ৰাস পাইছে আৰু খাদ্য আৰু শক্তিৰ মূল্য হ্ৰাস পাইছে, অন্তৰ্নিহিত মূল্যৰ চাপ কিন্তু এতিয়াও আছে ।

লগতে পঢ়ক :Chalk out a plan for retirement : চাপমুক্ত অৱসৰৰ পৰিকল্পনা কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.