ETV Bharat / bharat

Mayonnaise Side effects: মেয়নেজ খাই ভাল পাই নেকি ? তেন্তে সাৱধান মেয়নেজে মাতিব পাৰে বিপদ ! - মেয়নেজ

বৰ্তমান সময়ত মানুহে বাৰ্গাৰ ম'মো খাবলৈ বহুত ভাল পায় । এই সকলোবোৰৰ লগতে আজিকালি মানুহৰ মাজত মেয়নেজৰ জনপ্ৰিয়তা বহু পৰিমাণে বৃদ্ধি পাইছে । মানুহে প্ৰায়ে ফাষ্ট ফুড বা আবেলিৰ জলপানৰ লগত মেয়নেজ ব্যৱহাৰ কৰে যদিও অত্যধিক পৰিমাণে সেৱন কৰিলে ই শৰীৰৰ বাবে কেনেধৰণৰ বিপদ মাতিব পাৰে জানি লওক...

If the taste of mayonnaise is tempting then be careful excessive consumption of it is harmful for the body
মেয়নেজ খাই ভাল পাই নেকি ? তেন্তে সাৱধান মেয়নেজে মাতিব পাৰে বিপদ!
author img

By

Published : Feb 24, 2023, 12:54 PM IST

বৰ্তমান সময়ত সকলোৱে নিজৰ নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰিছে যে মানুহৰ বাবে এক মুহূৰ্তৰ শান্তি পোৱাটো অতি কঠিন । ব্যস্ততাৰে ভৰা এই জীৱনত সকলোৱে জীৱনৰ কামবোৰত খৰধৰ কৰিব বিচাৰে(Mayonnaise Side effects)। আজিকালি মানুহে বেছিভাগ সময় ঘৰৰ বাহিৰত কটায় । এনে পৰিস্থিতিত ফাষ্ট ফুড তেওঁলোকৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে(veg mayonnaise side effects)। বেছিভাগ সময়তে বাহিৰত থকাৰ বাবে মানুহে প্ৰায়ে ফাষ্ট ফুড খায় । মমো, পিজ্জা, বাৰ্গাৰ আদি আজিকালি বহুত সাধাৰণ হৈ পৰিছে(Is mayo harmful for health?)। মানুহে এই কেৱল বাহিৰতে আনন্দৰে খোৱাই নহয়, ঘৰতো উপভোগ কৰিবলৈ আৰম্ভ কৰিছে । ফাষ্ট ফুডৰ লগতে মানুহৰ মাজত মেয়নেজ খোৱাৰ ধাৰাও বহু পৰিমাণে বৃদ্ধি পাইছে(Ugly Side Effects of Eating Too Much Mayo)।

বিশেষকৈ ম'মৰ লগত পোৱা মেয়নেজ আজিকালি বহু জনপ্ৰিয় হৈ পৰিছে । বাৰ্গাৰ, চেণ্ডুইচ আদি বহুতো বস্তুত মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু আপুনি জানেনে যে মেয়নেজৰ অত্যধিক সেৱনে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে । যদি আপুনিও ইয়াক খাবলৈ ভাল পায়, তেন্তে নিশ্চিতভাৱে মেয়নেজৰ অপকাৰিতাসমূহ জানি লোৱাটো প্ৰয়োজনীয়(What are the benefits of eating mayonnaise?)।

মেয়নেজে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে

অতি আমেজ লৈ খোৱা মেয়নেজত ওমেগা-৬ ফেটি এচিডৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়(Does mayonnaise increase belly fat?)। এনে পৰিস্থিতিত ইয়াৰ অত্যধিক সেৱনে স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে । ইয়াক গ্ৰহণ কৰিলে ৰক্তচাপ বৃদ্ধিৰ সমস্যা হ’ব পাৰে । উচ্চ ৰক্তচাপৰ লগতে সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা মেয়নেজ অত্যধিক সেৱনৰ বাবে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পায়(What happens if you only eat mayonnaise everyday?)।

ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে

মেয়নেজত বহুত কেলৰি পোৱা যায় । এনে পৰিস্থিতিত ইয়াৰ অত্যধিক আৰু অবিৰতভাৱে সেৱন কৰিলেও ওজন বৃদ্ধিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । মেয়নেজ তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ তেল ব্যৱহাৰ কৰা হয়, যাৰ বাবে ইয়াত প্ৰচুৰ পৰিমাণে চৰ্বিও থাকে, যাৰ ফলত ওজন দ্ৰুত বৃদ্ধি হ’ব পাৰে । এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে সীমিত পৰিমাণত মেয়নেজ সেৱন কৰক ।

তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়

মেয়নেজ অত্যধিক সেৱনে আপোনাৰ স্বাস্থ্যৰ বাবে বহু দিশত ক্ষতিকাৰক হ’ব পাৰে । অত্যধিক পৰিমাণৰ মেয়নেজ সেৱন কৰিলেও আপোনাৰ শৰীৰত তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । এনে পৰিস্থিতিত তেজত শৰ্কৰাৰ মাত্ৰা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে ডায়েবেটিছৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পায় ।

হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়

এক চামুচ মেয়নেজত ১.৬ গ্ৰাম চেচুৰেটেড ফেট থাকে । এনে পৰিস্থিতিত ইয়াৰ অবিৰত সেৱনে আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ইয়াক অবিৰতভাৱে সেৱন কৰিলে আপোনাৰ শৰীৰত চৰ্বিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব, যাৰ বাবে হৃদৰোগৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক: Parvovirus: আপোনাৰো পোহনীয়া কুকুৰ আছে নেকি ? তেন্তে জানি লওক মাৰাত্মক পাৰ্ভো ভাইৰাছৰ বিষয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.