ETV Bharat / bharat

PM Modi in Japan: মোডীৰ অটোগ্ৰাফ বিচাৰিলে বাইডেনে

author img

By

Published : May 21, 2023, 8:32 PM IST

ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যসূচীত যোগদানৰ বাবে বিশিষ্ট নাগৰিকসকলৰ পৰা অহা অনুৰোধৰ বন্যাৰ বাবে তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে (US President Joe Biden to PM Modi) ।

US President Joe Biden to Modi
US President Joe Biden to Modi

নিউজ ডেস্ক, ২১ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা অটোগ্ৰাফ বিচাৰে (Joe Biden asked autograph of Modi) । মোডীৰ জনপ্ৰিয়তাত মুগ্ধ বাইডেন । মোডীয়ে কেনেদৰে বৃহৎ জনসমাগম পৰিচালনা কৰি আহিছে সেয়া আৱিষ্কাৰ কৰাৰ পিচত তেওঁৰ এই অনুৰাগ জাগে বুলি সূত্ৰত প্ৰকাশ (US President Joe Biden to PM Modi) । উল্লেখ্য, শনিবাৰে কোৱাড বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোডীৰ ওচৰলৈ আহি কয় যে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ তেওঁলৈ বিশিষ্ট নাগৰিকসকলৰ যিধৰণৰ অনুৰোধ আহিছে, তাৰ বাবে তেওঁ এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে (PM Modi in Quad meeting) ।

আনহাতে, অনুষ্ঠানটোত উপস্থিত থকা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী এলবানিছে (Australian Prime Minister Anthony Albanese) এই প্ৰসংগতে লগতে কয় যে ছিডনীত অনুষ্ঠানৰ বাবে ২০,০০০ ক্ষমতা আছে । কিন্তু ইমানসংখ্যক লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰিছে তেওঁ বিপাঙত পৰিছে । উল্লেখ্য যে ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰধানমন্ত্ৰী এলবানিজ দুয়োৱে প্ৰধানমন্ত্ৰী মোডীৰ ওচৰত তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰী এলবানিছে লগতে স্মৰণ কৰে যে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত (Narendra Modi stadium) বিজয় উৎসৱৰ সময়ত কেনেদৰে ৯০,০০০-তকৈও অধিক লোকে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাইছিল । এই প্ৰসংগতে জো বাইডেনে প্ৰধানমন্ত্ৰী মোডীক কয়, "মই আপোনাৰ অটোগ্ৰাফ লোৱা উচিত ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰুপ অব ছেভেন (Group of Seven summit in Japan) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপান ভ্ৰমণত আছে । প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিডাৰ (Japanese PM Fumio Kishida) আমন্ত্ৰণক্ৰমে পূব এছিয়াৰ দেশখন ভ্ৰমণ কৰিছে (PM Modi Japan visit) ।

উল্লেখ্য যে শক্তিশালী জি-৭ গ্ৰুপৰ বৰ্তমানৰ অধ্যক্ষ হিচাবে জাপানে জি-৭ সন্মিলনৰ আয়োজন কৰিছে (Japan hosting G7 summit) । প্ৰধানমন্ত্ৰী মোডীয়ে ১৯-ৰ পৰা ২১ মে'লৈকে জি-৭ সন্মিলনৰ বাবে হিৰোছিমাত থাকিব । আনহাতে, শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰতে ২০২৪ চনত পৰৱৰ্তী কোৱাড সন্মিলন আয়োজন কৰিবলৈ ইচ্ছুক (India to host Quad summit) ।

ইফালে জাপানৰ হিৰোছিমা চহৰত অনুষ্ঠিত গ্ৰুপ অব ছেভেন ছামিটৰ বৈঠকৰ সময়ত অনুষ্ঠিত কোৱাড বৈঠকৰ প্ৰাৰম্ভিক ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আমি ২০২৪ চনত ভাৰতত কোৱাড সন্মিলন আয়োজন কৰিবলৈ পালে সুখী হ'ম ।"

লগতে পঢ়ক :Rajiv Gandhi death anniversary : ৰাজীৱ গান্ধীক স্মৰণ কংগ্ৰেছৰ, প্ৰধানমন্ত্ৰীৰো শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.