নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : যেতিয়া বজাৰত ফোনৰ নতুন মডেল আহে বহুতৰে সেইটো ক্ৰয় কৰাৰ হাবিয়াস থাকে । কিন্তু পুৰণি ফোনটোৰ কি হ'ব ? ইয়াক পুৰণি ফোন বুলি বৈদ্যুতিক আৱৰ্জনা হিচাপে পেলাই দিয়া হ'ব । যিবোৰ পাছত আৱৰ্জনা হৈ পৰি থাকিব আৰু ই পৰিৱেশ আৰু আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব । কিন্তু হায়দৰাবাদৰ দুগৰাকী কিশোৰী ক্ৰমে দিয়া লোকা আৰু সাহিথী ৰাধাই ইয়াৰ সমাধান বিচৰাৰ চেষ্টা কৰিছে । এই ক্ষেত্ৰত তেওঁলোকে সমগ্ৰ বিশ্বৰ ৪৫০ টা দলৰ সৈতে প্ৰতিদ্বন্দিতা কৰিছিল । অৱশেষত তেওঁলোকে প্ৰতিযোগিতাটোত ইয়ং ভইচ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
আমাৰ দেশত ইলেক্ট্ৰনিক সঁজুলিৰ ব্যৱহাৰ বৃদ্ধি পাইছে । লগতে, সেইবোৰৰ পৰা মুকলি হোৱা কাৰ্চিনোজেন অৰ্থাৎ কৰ্কট ৰোগ আৰু পাৰিপাৰ্শ্বিক প্ৰদূষকৰ কাৰকো বৃদ্ধি হৈ আছে । সাহিথী আৰু দিয়াই লক্ষ্য কৰিছিল যে এনে বিপদজনক ইলেক্ট্ৰনিক সঁজুলিৰ আৱৰ্জনা ৰাস্তাত পৰি থাকে । চাফাই কৰ্মী আৰু শিশু শ্ৰমিকসকলে কোনো সাৱধানতা অৱলম্বন নকৰাকৈ সেইবোৰ হাতেৰে আঁতৰাই দিয়ে । সেয়া লক্ষ্য কৰাৰ পাছত দুই বান্ধৱী সাহিথী আৰু দিয়াই 'ই-চাইকেল'ৰ ধাৰণাটো আনিছিল । ই এটা স্বেচ্ছাসেৱী সংগঠন । তেওঁলোক নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তে এই সংগঠনটো গঠন কৰিছিল ।
ই-চাইকেলৰ মুখ্য উদ্দেশ্য হৈছে বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজৰ পৰা এই ইলেক্ট্ৰনিক সঁজুলিৰ আৱৰ্জনা সংগ্ৰহ কৰা । এতিয়ালৈকে তেওঁলোকে তেনেকুৱা ১০ টা অভিযান চলাইছে আৰু ১০০০ কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰিছে । সাহিথী আৰু দিয়াই উল্লেখ কৰা মতে তেওঁলোকে 'ৰিচাইকল আৰু ক্ৰপবিন' নামৰ দুটা সংগঠনৰ সহায়ত কাম কৰি আছে । তেওঁলোকে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চেমিনাৰো অনুষ্ঠিত কৰি আছে আৰু তেওঁলোকক আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কে সজাগ কৰিছে ।
তেওঁলোকে উল্লেখ কৰা মতে প্ৰথমতে শিক্ষাৰ লগতে বেচৰকাৰী সংগঠন চলাই যোৱাটো কঠিন আছিল । ক'ভিড মহামাৰীৰ সময়ত তেওঁলোকে কিছু সময় পাইছিল । তেতিয়াই তেওঁলোকে এই ক্ষেত্ৰত অধিক পৰিকল্পনা কৰিছিল । প্ৰথমতে বহুলোকে তেওঁলোকৰ এই ধাৰণাটোক লৈ আওকাণ কৰিছিল । তেওঁলোকৰ কোনো অভিজ্ঞতা নাই বুলিও উপহাস কৰিছিল । কিন্তু তেওঁলোকে ইয়াক এৰি দিয়া নাছিল ।
আমেৰিকাৰ 'টিচ দ্য ফিউচাৰ' আৰু 'স্কুল অফ ইণ্টাৰনেচনেল ফিউচাৰ'য়ে ইলেক্ট্ৰনিক আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত এখন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । ১২-১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে । বিশ্বজুৰি এই প্ৰতিযোগিতাত ৪৫০ টা দলে প্ৰতিদ্বন্দিতা কৰিছিল । অৱশেষত ভাৰতৰ সাহিথী আৰু দিয়াৰ সংগঠন 'ই-চাইকেল'য়ে তৃতীয় স্থান লাভ কৰে । তেওঁলোকক বহনক্ষম উন্নয়ন লক্ষ্যৰ শ্ৰেণীত 'পৰৱৰ্তী প্ৰজন্মৰ দূৰদৰ্শিতা অনুশীলনকাৰী: ইয়ং ভইচেছ (এনজিএফপি-ৱাইভি) ২০২৩ বঁটা প্ৰদান কৰা হয় ।
তেওঁলোকে শেহতীয়াকৈ ইউনেস্কোৰ সৈতে অংশীদাৰিত্ব কৰিছে আৰু অনাময় আৰু বৈদ্যুতিক আৱৰ্জনা ব্যৱস্থাপনাত শিশু শ্ৰমিক আঁতৰাবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে । তেওঁলোকে চৰকাৰী বিদ্যালয়ৰ শিশুসকলক পুৰণি বৈদ্যুতিক সঁজুলি দান কৰে আৰু সেইবোৰ ব্যৱহাৰ কৰিবলৈ কয় ।
লগতে পঢ়ক :আজি অন্ত পৰিব তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰচাৰ, ৩০ নৱেম্বৰত ভোটগ্ৰহণ