নিউজ ডেস্ক,27 ডিচেম্বৰঃ সম্প্ৰতি ক’ৰণা মহামাৰীৰ মাজতে বিশ্বই 2020 বিদায় জনাই 2021 আদৰিবলৈ সাজু হৈছে ৷ তাৰ মাজতে মহামাৰী ক’ৰণাৰ প্ৰতিষেধক নিৰ্মাণ কৰি এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন দেশে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তাৰ সমান্তৰল ভাৱে ভাৰতৰ হায়দৰাবাদস্থিত ভাৰত বায়টেক নামৰ কোম্পানীটোৱে ভেকছিন প্ৰস্তুত কৰণৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে ৷
হায়দৰাবাদস্থিত ভাৰত বায়টেকত সম্প্ৰতি ক’ৰণাৰ প্ৰতিষেধক ভেকছিন নিৰ্মাণ কৰি থকা হৈছে ৷ ইয়াকে লৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰ দূতে হায়দৰাবাদস্থিত ভাৰত বায়টেকৰ ভেকছিনৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ ক্ষতিয়ান ল’বলৈ উপস্থিত হৈছে ৷ উল্লেখযোগ্য যে, ক’ৰণাৰ প্ৰতিষেধক নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বায়টেক আগবাঢ়ি আছে ৷ আশা কৰা হৈছে যে বিশ্বৰ বিভিন্ন ক্ষেত্ৰলৈ ভেকছিনৰ যোগান ধৰাত ভাৰত বায়টেক কেন্দ্ৰ হ’বলৈ গৈ আছে ৷ তাৰ সমান্তৰভাবে বিশ্বত ক’ৰণাত বৰ্তমান পৰ্যন্ত 77 কোটি আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় 2কোটিয়ে মৃত্যুক আঁকোবালি লৈছে ৷
উল্লেখযোগ্য যে, ভাৰত বায়টেক বায়’লজিকেল ই লিমিটেড আৰু অৰবিন্দ ফাৰ্মাৰ ভেকছিন প্ৰস্তুত কৰণৰ প্ৰক্ৰিয়া সম্প্ৰতি অন্তিম পৰ্য়াযত আছে ৷ ঠিক তেনেদৰে ডাঃ ৰেড্ডী আৰু হেটেৰোবে যুটীয়া ভাৱে ভেকছিন প্ৰস্তুত কৰণত কাম কৰি আছে ৷ সম্প্ৰতি ভেকছিন নিৰ্মাণ প্ৰক্ৰিয়া কোম্পোনী সমূহে অত্যাধুনিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰণৰ পৰিকল্পনা কৰিছে ৷ আনহাতে ভেকছিন নিৰ্মাতা কোম্পানী সমূহে ভেকছিন সমূহ প্ৰস্তুত কৰণ কৰি বিভিন্ন ৰাষ্ট্ৰলৈ আন্তজাৰ্তিক বিমান যোগে পৰিবহন কৰিবলৈ বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ তাৰ সমান্তৰল ভাৱে জি এম আৰ হায়দৰাবাদৰ এয়াৰ কাৰ্গো (জি.এ. চি) ক’ভিড-19 ভেকছিন আমদানি ৰূপ্তানি কৰিবলৈ ইতিমধ্যে বিভিন্ন কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে ৷
ভাৰতীয় জনস্বাস্থ্য বিভাগৰ পৰিচাক জি নিবাস ৰাওৱে কয় যে, যদিও কোম্পোনী সমূহে ভেকছিন নিৰ্মাণ কৰি আছে, ইয়াত কেন্দ্ৰীয় চৰকাৰৰ সৰ্ম্পূণ নিয়ন্ত্ৰণ থাকিব ৷ ৰাজ্য সমূহে কোনো প্ৰদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব ৷ একেদৰে ভেকছিন বিতৰণৰ ক্ষেত্ৰতো ৰাজ্যৰ কোনো ভূমিকা নাথাকিব ৷ সৰ্ম্পূণ ৰূপে কেন্দ্ৰৰ নিয়ন্ত্ৰণ থাকিব আৰু ৰাজ্য সমূহৰ ক’ভিড আক্ৰান্তৰ সংখ্যা আৰু ৰাজ্যৰ খনৰ পৰিস্থিতিৰ ভিত্তিত কেন্দ্ৰই যোগান ধৰিব ৷
লগতে পঢ়কঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান