নেশ্যনেল ডেস্ক,২ জুলাই: নাম সলনি কৰাত সিদ্ধহস্ত BJP য়ে সলনি কৰিব হায়দৰাবাদৰ নাম । যদি BJPয়ে তেলেংগানাত শাসনৰ বাঘজৰী দখল কৰে তেন্তে নিশ্চিতভাৱে সলনি কৰা হ'ব হায়দৰাবাদৰ নাম(Hyderabad name to be changed) । ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা ৰঘুবৰ দাসে শুকুৰবাৰে প্ৰকাশ কৰে এই বিস্ফোৰক তথ্য(Ex Jharkhand CM Raghubar Das) । ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে উল্লেখ কৰে যে তেলেংগানাত দলটো শাসনলৈ আহিলে হায়দৰাবাদৰ নাম ভাগ্যনগৰলৈ সলনি কৰা হ'ব(Hyderabad name will be changed to Bhagyanagar) ।
TRS চৰকাৰৰ প্ৰতি তেলেগানাৰ জনসাধাৰণ তথা ব্যৱসায়ীসকল ক্ষোভিত হৈ পৰিছে আৰু সেয়ে এইবাৰ তেলেংগানাত BJP ৰ জয় নিশ্চিত(People angry towards TRS govt in Telangana) । যদি BJP শাসনলৈ আহে তেন্তে হায়দৰাবাদৰ নাম সলনি কৰি ভাগ্যনগৰ ৰখা হ'ব বুলি উল্লেখ কৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা ৰঘুবৰ দাসে । ইফালে TRS চৰকাৰক তীক্ষ্ণ সমালোচনা ৰঘুবৰ দাসৰ(Raghubar Das sharply criticizes TRS government) । তেওঁ TRS চৰকাৰক সমালোচনা কৰি কয় যে এই চৰকাৰে ৰাজবংশৰ ৰাজনীতিত বিশ্বাস কৰে আৰু কেৱল পৰিয়ালৰ বিষয়েহে ভাবে । TRS চৰকাৰে তেলেংগানাৰ জনসাধাৰণৰ কল্যাণৰ বিষয়ে নাভাবে বুলিও মন্তব্য কৰা পৰিলক্ষিত হয় ।
তেওঁ লগতে উল্লেখ কৰে যে তেলেগানাৰ লোকসকল বৰ্তমান BJP ৰ পক্ষত আছে । গতিকে এইবাৰ TRS চৰকাৰৰ ৰাজবংশৰ ৰাজনীতিৰ সমাপ্তিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই প্ৰসংগ উত্থাপন কৰিব । ৰঘুবৰ দাসে শুক্ৰবাৰে চাৰমিনাৰৰ ভাগ্যলক্ষ্মী মন্দিৰ পৰিদৰ্শন কৰি হায়দৰাবাদত দেৱী ভাগ্যলক্ষ্মীৰ আশীৰ্বাদ গ্ৰহণ কৰি এই মন্তব্য কৰে ।
ইফালে উদয়পুৰৰ ঘটনাৰ প্ৰসংগতো তেঁও আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে অতি দৰিদ্ৰ পৰিয়ালৰ দৰ্জী কানহাইয়া লালক নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডৰ সৈতে ISIS আৰু পাকিস্তান জড়িত হৈ আছে । ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে । BJP য়ে সদায় ভাতৃত্ববোধত বিশ্বাস কৰি আহিছে বুলি উল্লেখ কৰি অশোক গেহলটে এটা ৰাজনৈতিক ভোটবেংক গঠনৰ স্বাৰ্থতে এনে হিংসাত্মক ঘটনাৰ সুত্ৰপাত ঘটাই আহিছে বুলি অভিযোগ উত্থাপন কৰে দাসে ।
লগতে ৰঘুবৰ দাসে উল্লেখ কৰে যে ঝাৰখণ্ডৰ লোকসকল তথা মুছলমান সম্প্ৰদায়ে ওৱেইচিক প্ৰত্যাখ্যান কৰিছে । ঝাৰখণ্ডত এখনো আসনতো জয়ী হ'ব পৰা নাছিল ওৱেছি । আনহাতে BJP য়ে প্ৰধানমন্ত্ৰী মোদীৰ শাসন কালত ভাৰতীয় ৰাজনীতিত জনসাধাৰণক বিভাজন কৰিবলৈ চেষ্টা কৰা শক্তিবোৰক কেতিয়াও স্থান নিদিয়ে বুলিও উল্লেখ কৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে ভাৰতীয় জনতা পাৰ্টীয়ে ২ আৰু ৩ জুলাইত হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ কথাও প্ৰকাশ কৰিছে(BJP National Executive Meeting Hyderabad) । য'ত প্ৰধানমন্ত্ৰী মোদীয়ে সভাখন সম্বোধন কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: হায়দৰাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ দুদিনীয়া বৈঠক