ETV Bharat / bharat

অসম-মিজোৰাম সীমান্ত বিবাদক লৈ অমিত শ্বাহক সমালোচনা ৰাহুল গান্ধীৰ - অসম মিজোৰাম সীমান্ত

অমিত শ্বাহে দেশবাসীৰ মাজত সৃষ্টি হোৱা ঘৃণা আৰু অন্ধবিশ্বাস আঁতৰোৱাত বিফল হৈছে । যাৰ ফলত ভাৰতে এতিয়া ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব বুলি দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ।

Rahul on Assam Mizoram border violence
সীমান্ত বিবাদকলৈ অমিত শ্বাহক সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : Jul 27, 2021, 2:15 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুলাই : সীমান্ত বিবাদৰ চৰম পৰ্যায় । সীমান্ত বিবাদ সমাধানৰ বাবে যোৱা অসম আৰক্ষীৰ (Assam Police) ওপৰত মিজো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলতে সোমবাৰে অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border Conflict) সংঘৰ্ষৰ সূত্ৰপাতৰ সৃষ্টি হৈছিল । আৰক্ষী অধীক্ষকসহ প্ৰায় ৬০ গৰাকী আৰক্ষীৰ লোক আহত হোৱাৰ বিপৰীতে এই ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লৈছে ৫ গৰাকী আৰক্ষী জোৱানে ।

অসম-মিজোৰাম সীমান্তৰ এই হিংসাত্মক ঘটনাকলৈ সম্প্ৰতি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী কংগ্ৰেছেও এই ঘটনাক গৰিহণা দিয়াৰ লগতে সীমান্ত সমস্যা সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰক সমালোচনা কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) কয় যে, অমিত শ্বাহে দেশবাসীৰ মাজত সৃষ্টি হোৱা ঘৃণা আৰু অন্ধবিশ্বাস আঁতৰোৱাত বিফল হৈছে । যাৰ ফলত ভাৰতে এতিয়া ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

  • Heartfelt condolences to the families of those who’ve been killed. I hope the injured recover soon.

    HM has failed the country yet again by sowing hatred and distrust into the lives of people. India is now reaping its dreadful consequences. #AssamMizoramBorder pic.twitter.com/HJ3n2LHrG8

    — Rahul Gandhi (@RahulGandhi) July 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগে নিহত সকলৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকল সোনকালেই আৰোগ্য হ'ব বুলি আশা প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

সোমবাৰে এক বিবৃতিযোগে অসম চৰকাৰে অভিযোগ কৰে যে, মিজোৰাম আৰক্ষীয়ে বিষয়া আৰু সাধাৰণ লোকসকলৰ ওপৰত লাইট মেচিনগানসহ (LMG) স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰ জৰিয়তে দুটা স্থানৰ পৰা গুলীচালনা কৰে । অৱশ্যে, মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাই এই অভিযোগ নস্যাৎ কৰে আৰু কয় যে, অসম আৰক্ষীৰ ২০০ গৰাকী কৰ্মীয়ে বলপূৰ্বকভাৱে চিআৰপিএফ জোৱানৰ দ্বাৰা পৰিচালিত এটা কৰ্তব্য চকী অতিক্ৰম কৰিছিল আৰু অগ্নিসংযোগ কৰাৰ লগতে নিৰস্ত্ৰ লোকসকলক গুলীচালনা কৰিছিল । মিজোৰাম আৰক্ষীয়ে গুলীৰ প্ৰত্ত্যুতৰহে দিছিল ।

অৱশ্যে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু তেওঁৰ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাৰ (Zoramthanga) সৈতে কথা পাতি বিতৰ্কিত সীমান্তত শান্তি সুনিশ্চিত কৰিবলৈ আৰু এক সৌহাৰ্দ্যপূৰ্ণ মীমাংসা কৰিবলৈ আহ্বান জনায় । অসমৰ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা মিজোৰামৰ তিনিখন জিলা আইজল, কোলাচিব আৰু মমিতৰ সৈতে ১৬৪ কিলোমিটাৰ সীমান্ত ভাগবতৰা কৰি আছে । উল্লেখ্য যে, ২০২০ চনৰ আগষ্ট আৰু এই বছৰৰ ফেব্ৰুৱাৰী মাহতো আন্তঃৰাজ্যিক সীমান্তত সংঘৰ্ষ হৈছিল ।

লগতে পঢ়ক :কিয় এই সীমা বিবাদ : অসমক জগৰীয়া কৰিলে মিজোৰামৰ গৃহমন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.