ETV Bharat / bharat

আজমেৰৰ এটা ঐতিহাসিক দূৰ্গৰ ইতিহাস - BRITISH EMPIRE

১৬১৬ চনত থমাছ ৰো আৰু মোগল সম্ৰাট জাহাংগীৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল । স্থান আছিল ৰাজস্থানৰ আজমেৰ দূৰ্গ । এই ঐতিহাসিক স্থানত হোৱা বৈঠকখনত প্ৰকৃততে কি বিষয়ৰ ওপৰত আলোচনা হৈছিল ? থমাছ ৰোই কি বিচাৰিছিল মোগল সম্ৰাট জাহাংগীৰৰ পৰা ? জানিবলৈ চাও আহক এই প্ৰতিবেদন ৷

আজমেৰৰ এটা ঐতিহাসিক দূৰ্গৰ ইতিহাস
আজমেৰৰ এটা ঐতিহাসিক দূৰ্গৰ ইতিহাস
author img

By

Published : Aug 28, 2021, 8:03 AM IST

নিউজ ডেস্ক, 28আগষ্ট : প্ৰতিবেদনত উল্লেখ কৰা এই ৰাজ্যিক সংগ্ৰাহালয়টো অৱস্থিত আজমেৰ চহৰত সোঁমাজত । আকবৰৰ ৰাজত্বকালতে নিৰ্মাণ কৰা হৈছিল এই দূৰ্গটো । ভাৰতত ব্ৰিটিছৰ আধিপত্য বিস্তাৰৰ প্ৰথম অধ্যায়টো আৰম্ভ হৈছিল আজমেৰৰ এই দূৰ্গৰ পৰাই । ১৬১৬ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছ (১)ৰ নিৰ্দেশমৰ্মে থমাছ ৰোয়ে এই দূৰ্গতে সাক্ষাৎ কৰিছিল মোগল সম্ৰাট জাহাংগীৰক । এই বৈঠকৰ উদ্দেশ্য আছিল ভাৰতত বাণিজ্য কৰাৰ অনুমতি লাভ কৰা ।

সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহিছিল আৰু কোম্পানীটোৱে ভাৰতত ব্যাৱসায় আৰম্ভ কৰিবলৈ প্ৰয়াস কৰি আছিল । এই সংক্ৰান্ততে ইংলেণ্ডৰ ৰাজদূত হিচাপে থমাচ ৰো ভাৰতলৈ আহিছিল । ভাৰতত ব্যৱসায় কৰাৰ বাবে যিকোনো উপায়েৰে অনুমতি লাভ কৰিবলৈ থমাচ ৰোক দায়িত্ব অৰ্পণ কৰা হৈছিল । ভাৰতত সেই সময়ত শাসন কৰি থকা মুখ্য শাসকগোষ্ঠী মোগল সৈতে এই সন্দৰ্ভত আলোচনা কৰিবলৈও তেওঁক নিৰ্দেশ দিয়া হৈছিল ।

আজমেৰৰ এটা ঐতিহাসিক দূৰ্গৰ ইতিহাস

ভাৰতৰ চুৰাট আৰু আন কেইবাটাও স্থানত কাৰাখানা স্থাপনৰ বিশেষ অধিকাৰ বিচাৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে । কেইবাখনো বৈঠকৰ অন্তত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰস্তাৱত সন্মতি দিছিল মোগল সম্ৰাট জাহাংগীৰে । এই চুক্তিয়েই চিৰদিনৰ বাবে সলনি কৰিছিল ভাৰতবৰ্ষৰ ইতিহাস । সেই সময়ত কোনেও জনা নাছিল যে, বাণিজ্য আৰু কাৰখানা স্থাপনৰ উদ্দেশ্যে ভাৰত ভূমিত পদাৰ্পণ কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ দেশতে নিজৰ সাম্ৰাজ্য স্থাপন কৰিব । ক্ৰমান্বয়ে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ দেশতে নিজৰ কু-অভিসন্ধিৰ জাল বিয়পালে আৰু ভাৰতৰ শাসনৰ বাঘজৰী ব্ৰিটিছৰ হাতলৈ গ'ল ।

চৌহান বংশৰ শাসনৰ পিছত ৰাজপুত, মোগল, মাৰাঠা আৰু ব্ৰিটিছে পৃথ্বীৰাজ চৌহানৰ চহৰ আজমেৰত শাসন কৰিছিল । বহু ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ আছে এই দূৰ্গটো । আকবৰে এই দূৰ্গৰ পৰাই হালদিঘাটৰ যুদ্ধৰ তদাৰকী কৰিছিল আৰু মান সিংহক যুদ্ধৰ বাবে প্ৰেৰণ কৰিছিল ।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সেই ঐতিহাসিক ক্ষণৰ সাক্ষ্য বহন কৰি আছে এই আজমেৰ দূৰ্গই । ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা ১২ বজাত ভাৰত স্বাধীন হোৱাৰ কথা ঘোষণা কৰা হৈছিল । তদানীন্তন কংগ্ৰেছ সভাপতি জিতমল লুনিয়াই শ শ লোকৰ উপস্থিতিত ১৫ আগষ্টত এই দুৰ্গতে ব্ৰিটিছৰ পতাকা নমাই ভাৰতৰ তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাৰতৰ স্বাধীনতাৰ জয়গান গাইছিল ।

ৰাজস্থানৰ মাজমজিয়াত অৱস্থিত হোৱাৰ বাবেও আজমেৰ চহৰে গুৰুত্ব লাভ কৰি আহিছে । আজমেৰৰ পৰা সমগ্ৰ ৰাজপুতনাক নিয়ন্ত্ৰণ কৰা সহজ আছিল । সেয়ে, আজমেৰ কেৱল মোগলৰে নহয়, ব্ৰিটিছৰো প্ৰথম পছন্দ হিচাপে বিবেচিত হোৱাৰ মুখ্য কাৰণ আছিল । স্বাধীনতা আন্দোলনৰ সময়তো আজমেৰ বিপ্লৱীসকলৰ বাবে গুৰুত্বপূৰ্ণ গড় সদৃশ আছিল ।

লগতে পঢ়কঃ ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.