ETV Bharat / bharat

HC on live in relationship : HC ৰ মতে লিভ ইন ৰিলেচনশ্বিপত থকা আন্তঃধৰ্মীয় দম্পতীৰ সম্পৰ্ক কেৱল টাইম পাছহে - আন্তঃধৰ্মীয় দম্পতীৰ সম্পৰ্ক কেৱল টাইম পাছহে

লিভ-ইন ৰিলেচনশ্বিপত থকা এটা দম্পতীয়ে দাখিল কৰা আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ ৰাহুল চতুৰ্বেদী আৰু ন্যায়াধীশ মহম্মদ আজহাৰ হুছেইন ইদ্ৰিছীৰ বিচাৰপীঠে প্ৰদান কৰা ৰায় অনুসৰি, এনে সম্পৰ্ক কোনো আন্তৰিকতা নোহোৱাকৈ কেৱল বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণৰ দ্বাৰা পৰিচালিত হয় ।

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:35 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰি আন্তঃধৰ্মীয় দম্পতীয়ে দাখিল কৰা আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ কাৰণ তেওঁলোক লিভ ইন ৰিলেচনশ্বিপত আছে । উচ্চ ন্যায়ালয়ে কয় যে এনে সম্পৰ্ক কোনো আন্তৰিকতা নোহোৱাকৈ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণৰ দ্বাৰা পৰিচালিত হয় । অৱশ্যে উচ্চতম ন্যায়ালয়ে বহু গোচৰত লিভ-ইন ৰিলেচনশ্বিপক বৈধতা প্ৰদান কৰিছে ৷

এই নিৰ্দেশ ন্যায়াধীশ ৰাহুল চতুৰ্বেদী আৰু ন্যায়াধীশ মহম্মদ আজহাৰ হুছেইন ইদ্ৰিছীৰ বিচাৰপীঠে প্ৰদান কৰিছে । খণ্ডপীঠয়ে কয় যে দুমাহৰ পাচত আৰু ২০-২২ বছৰ বয়সত আদালতে আশা কৰিব নোৱাৰে যে দম্পতীটোৱে এনে অস্থায়ী সম্পৰ্কৰ বিষয়ে গুৰুত্বসহকাৰে কোনো বিচাৰ বিবেচনা কৰিব পাৰিব ।

স্থিৰতা আৰু সততাৰ তুলনা

আদালতৰ মতে এই ধৰণৰ সম্পৰ্কত স্থিৰতা আৰু সততাতকৈ মোহ বেছি । যদিহে দম্পতীটোৱে বিয়া হৈ নিজৰ সম্পৰ্কক নাম নিদিয়ে বা ইজনে সিজনৰ প্ৰতি সৎ নহয়, তেন্তে এই ধৰণৰ সম্পৰ্কত আদালতে কোনো মতামত প্ৰকাশ কৰিব নোৱাৰে । এগৰাকী হিন্দু যুৱতী আৰু এজন মুছলমান যুৱকেই যৌথভাৱে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে ।

আবেদনখনত IPC ৰ ৩৬৬ ধাৰাত ল’ৰাজনৰ বিৰুদ্ধে ছোৱালীজনীৰ পেহীয়ে দাখিল কৰা FIR ক প্ৰত্যাহ্বান জনাইছে । আবেদনখনত তেওঁলোকে আৰক্ষীৰ পৰাও সুৰক্ষা বিচাৰিছে ৷ কাৰণ দম্পতীটোৱে লিভ ইন ৰিলেচনশ্বিপত থকাৰ সিদ্ধান্ত লৈছে ।

যুৱতীগৰাকীৰ অধিবক্তাই আদালতৰ সন্মুখত যুক্তি দিছিল যে যুৱতীগৰাকীৰ বয়স ২০ বছৰৰ ওপৰত ৷ প্ৰাপ্তবয়স্ক হোৱাৰ বাবেই যুৱতীগৰাকীয়ে নিজৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । তাই আবেদনকাৰী ল’ৰাটোক প্ৰেমিক হিচাপে বাছি লৈছে ৷ যাৰ লগত তাই লিভ-ইন ৰিলেচনশ্বিপত থাকিব বিচাৰে ।

আনহাতে, যুৱতীগৰাকীৰ পেহীয়েকৰ অধিবক্তাই এই আবেদনৰ বিৰোধিতা কৰি কয় যে যুৱকজনৰ বিৰুদ্ধে UP গেংষ্টাৰ এক্টৰ ২/৩ ধাৰাত এফআইআৰ আছে আৰু তেওঁ এজন ৰোড ৰোমিঅ’ । তেওঁৰ ভৱিষ্যত নাই আৰু নিশ্চিতভাৱে ছোৱালীজনীৰ জীৱন ধ্বংস কৰিব ।

নিৰাপত্তা দিবলৈ অস্বীকাৰ কৰিলে

কিন্তু আদালতে লগতে কয় যে তেওঁৰ মতামতক কোনো মন্তব্য কৰা বা আবেদনকাৰীৰ এনে সম্পৰ্কক বৈধতা প্ৰদান কৰা বা আইনখনৰ পিচত আৰম্ভ হোৱা কোনো আইনী কাৰ্যবিধিৰ পৰা ৰক্ষা কৰা বুলি ভুল ব্যাখ্যা কৰা উচিত নহয় । তদুপৰি এই কথা বিবেচনা কৰিলে যে এনে সম্পৰ্ক আন্তৰিকতা অবিহনে অধিক মোহ আৰু ইয়াৰ ফলত প্ৰায়ে টাইমপাছ হয় ৷ যিটো সাময়িক আৰু ভংগুৰ । ইয়াৰ লগতে আদালতে আলোচনাৰ সময়ত আবেদনকাৰীক কোনো ধৰণৰ নিৰাপত্তা দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক : Dussehra 2023: ৰাৱণ দাহনৰ উদ্দেশ্যৰে সন্ধিয়া ৰামলীলা মৈদানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.