ETV Bharat / bharat

Paytm on uniform : ইউনিফৰ্মত কিউ আৰ কোড লগাই বকচিচ সংগ্ৰহ কৰা হাইকোৰ্টৰ অৰ্ডালিক নিলম্বন

উচ্চ ন্যায়ালয়ৰ এজন অৰ্ডালিক তেওঁৰ ইউনিফৰ্মত পেটিএমৰ কিউ আৰ কোড (Paytm QR code) লগাই বকচিচ সংগ্ৰহ কৰা আৰু টিপছ লোৱাৰ অভিযোগত নিলম্বিত কৰা হৈছে (High Court ardaly) ।

author img

By

Published : Dec 1, 2022, 6:24 PM IST

paytm
paytm

নিউজ ডেস্ক, ১ ডিচেম্বৰ : ধন সংগ্ৰহৰ বাবে কোনে যে কিমান উপায় অৱলম্বন কৰে তাৰ কোনো সীমা সংখ্যা নাই । বৈধ বা অবৈধ বিভিন্ন উপায়েৰে বহুতে ধন সংগ্ৰহৰ বিভিন্ন অভিযোগ মাজে-সময়ে প্ৰকাশ পায় । আনকি ইয়াৰ বাবে শাস্তি লাভৰো উদাহৰণ পোৱা যায় । এইবাৰ এক অভিনৱ পদ্ধতিৰে বকচিচ বিচাৰি নিলম্বন হ'বলগা হ'ল খোদ এলাহবাদ উচ্চ ন্যায়ালয়ৰে এগৰাকী কৰ্মচাৰী ।

উচ্চ ন্যায়ালয়ৰ এজন অৰ্ডালিক তেওঁৰ ইউনিফৰ্মত পেটিএমৰ কিউ আৰ কোড (paytm qr code) লগাই বকচিচ সংগ্ৰহ কৰা আৰু টিপছ লোৱাৰ অভিযোগত নিলম্বিত কৰা হৈছে (High Court ardaly) । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ।

উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ ওচৰত তেওঁৰ সহায়ৰ বাবে নিযুক্ত এজন অৰ্ডালি ৰাজেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে তেওঁ উকীলসকলৰ পৰা টিপছ বা বাকচিচ সংগ্ৰহ কৰিবলৈ কেইবাদিনো ধৰি তেওঁৰ ইউনিফৰ্মত পেটিএমৰ কিউ আৰ কোড লগাই ঘূৰি ফুৰিছিল (High Court ardaly suspended for qr code on uniform) । যিসকল অধিবক্তাই নগদ বকচিচ নিদিয়ে তেওঁলোকক পেটিএমত অনলাইন ধন প্ৰদান কৰিবলৈ কৈছিল ।

শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে (viral photo of high court ardaly Rajendra Kumar) । উক্ত ফটোখনত এজন ইউনিফৰ্ম পৰিহিত অৰ্ডালিয়ে তেওঁৰ ইউনিফৰ্মত পেটিএমৰ কিউআৰ কোড লগোৱা দেখা গৈছে । অৱশ্যে তেওঁৰ মুখখন ফটোখনত দেখুওৱা হোৱা নাই । অনুসন্ধানত প্ৰকাশ পাইছে যে ফটোখন অৰ্ডালি ৰাজেন্দ্ৰ কুমাৰৰ ।

তাৰ পিছতে ন্যায়াধীশ অজিত কুমাৰে মুখ্য ন্যায়াধীশৰ ওচৰত এই সন্দৰ্ভত অভিযোগ কৰে । আনহাতে, মুখ্য ন্যায়াধীশে মহাপঞ্জীয়কক বিষয়টো তদন্ত কৰিবলৈ আৰু ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পিছত ৰাজেন্দ্ৰ কুমাৰক নিলম্বিত কৰা হয় আৰু নজৰত বিভাগত (Nazarat Department) তেওঁক নতুন কৰ্তব্য প্ৰদান কৰা হয় ।

লগতে পঢ়ক :Pakistan woman vote in Junagadh: গুজৰাটত ভোটদান কৰিলে পাকিস্তানৰ মহিলাই..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.