ETV Bharat / bharat

Nuh violence : আৰক্ষীৰ সৈতে সংঘৰ্ষৰ পিছত নুহ সংঘৰ্ষৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ - communal violence in Haryana Nuh district

আৰক্ষীয়ে নুহ হিংসাৰ অভিযুক্তক লুকুৱাই ৰখাৰ তথ্য লাভৰ পিছত টাউৰুত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে । তেনেতে অভিযুক্তই গুলীচালনা আৰম্ভ কৰে । প্ৰত্যুত্তৰত আৰক্ষীয়েয়ে গুলীচালনা কৰে । কিছু সময়ৰ সংঘৰ্ষৰ পিছত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

Nuh violence
Nuh violence
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:36 PM IST

নিউজ ডেস্ক, ২২ আগষ্ট : হাৰিয়ানাৰ নুহ জিলাত সংঘটিত সাম্প্ৰদায়িক হিংসাত জড়িত এজন লোকক জিলাখনৰ টাউৰু অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীৰ সৈতে সংঘটিত এক চমু সংঘৰ্ষৰ পিছতে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । আটক কৰা অভিযুক্তজনক দিধাৰা গাঁৱৰ বাসিন্দা আমিৰ বুলি চিনাক্ত কৰা হৈছে । চৰকাৰী সূত্ৰত সোমবাৰে এই কথা কোৱা হৈছে ।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, অভিযুক্ত ব্যক্তিজনে তেওঁৰ সহযোগীসকলৰ সৈতে টাউৰুৰ ওচৰৰ আৰাৱল্লী পাহাৰত লুকাই থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে এক তালাচী অভিযান আৰম্ভ কৰে । এই তালাচীৰ সময়তে অভিযুক্তই আৰক্ষীৰ ওপৰত গুলীচালনা কৰে । লগে লগে আৰক্ষীয়েও অভিযুক্তৰ ওপৰত প্ৰত্যাক্ৰমণ চলায় ।

আৰক্ষীৰ গুলীচালনাত অভিযুক্তৰ ভৰিত গুলী লাগে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । ইয়াৰ পিছতে অভিযুক্তক তৎক্ষণাৎ দমন কৰি কৰায়ত্ত কৰা হয় । আৰক্ষীয়ে পিছত অভিযুক্ত আমিৰক গ্ৰেপ্তাৰ কৰে । তেওঁক চিকিৎসাৰ বাবে নালহাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

আনহাতে, আৰক্ষীয়ে লগতে কৈছে যে পাহাৰত লুকাই থকা সাম্প্ৰদায়িক হিংসাৰ আন অভিযুক্তসকলৰ সন্ধান চলি আছে । আমিৰৰ পৰা এটা দেশীয় পিষ্টল আৰু পাঁচটা কাৰ্টিজ উদ্ধাৰ কৰা বুলিও আৰক্ষী বিষয়াসকলে জনাইছে । পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, ৩১ জুলাইত বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাত জনতাৰ আক্ৰমণৰ সময়ত নুহত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত দুজন গৃহৰক্ষী আৰু এজন ধৰ্মগুৰুসহ ছয়জন লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত ৬ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ, বিধানসভা অধিবেশন অনুষ্ঠিত নকৰাত কংগ্ৰেছৰ ক্ষোভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.