ETV Bharat / bharat

ক’ভিত প্ৰতিষেধৰ প্ৰদানৰ আঁৰত চাইবাৰ প্ৰবঞ্চক - ভুৱা ক’ভিত প্ৰতিষেধৰ

চাইবাৰ চোৰসকলে কৰ’ণাৰ প্ৰতিষেধ লাভৰ বাবে নাম দাখিলৰ ভুৱা প্ৰক্ৰিয়াৰে যিকোনো লোকৰে ব্যক্তিগত সকলো তথ্য সংগ্ৰহ কৰি সেইসমূহ অন্য হেকাৰক বিক্ৰী কৰে ৷ ইয়াৰ উপৰিও নাম অন্তৰ্ভিক্তিৰ নামতো ধন সংগ্ৰহ কৰে চাইবাৰ চোৰে ৷ চাইবাৰ চোৰসমূহে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে কৰ’ণা ভেকচিনৰ বাবে নাম পঞ্জীয়নৰ ক্ষেত্ৰত এটি লিংক প্ৰেৰণ কৰে ৷ ব্যৱহাৰকাৰীয়ে এই লিংকটোত ক্লিক কৰি নিজৰ সকলো ব্যক্তিগত তথ্য প্ৰদান কৰাৰ লগে লগেই এই তথ্যসমূহ ‘ডিপ ৱেব’ৰ জৰিয়তে অন্য হেকাৰলৈ উচ্চ মূল্যত বিক্ৰী কৰা হয় ৷ ইয়াৰ সামান্তৰলাকৈ নাম অন্তৰ্ভূক্তিৰ বাবে ‘পেটি এম’ৰ দ্বাৰা ধন সংগ্ৰহ কৰা হয় ৷

Hackers behind fake Covid vaccination sites
ক’ভিত প্ৰতিষেধৰ প্ৰদানৰ আঁৰত চাইবাৰ প্ৰবঞ্চক
author img

By

Published : Feb 3, 2021, 7:02 PM IST

নিউজ ডেস্ক,3 ফেব্ৰুৱাৰী: কৰ’ণা মহামাৰীয়ে সৰ্বত্ৰে বিভীষিকাৰ সৃষ্টি কৰাৰ মাজতেইচাইবাৰ অপৰাধীসলে কৰ’ণা ভেকচিন প্ৰদানৰ নামত ৰাইজৰ পৰা ভুৱাকৈ সৰকাইছে ধন ৷ চৰকাৰে কৰ’ণাৰ প্ৰতিষেধক মুকলি কৰাৰ সমান্তৰলাকৈ চাইবাৰ অপৰাধী সকলেও একে কথাৰে ৰাইজক ঠগিবলৈ আৰম্ভ কৰিছে ৷

চাইবাৰ চোৰসকলে কৰ’ণাৰ প্ৰতিষেধ লাভৰ বাবে নাম দাখিলৰ ভুৱা প্ৰক্ৰিয়াৰে যিকোনো লোকৰে ব্যক্তিগত সকলো তথ্য সংগ্ৰহ কৰি সেইসমূহ অন্য হেকাৰক বিক্ৰী কৰে ৷ ইয়াৰ উপৰিও নাম অন্তৰ্ভিক্তিৰ নামতো ধন সংগ্ৰহ কৰে চাইবাৰ চোৰে ৷ চাইবাৰ চোৰসমূহে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে কৰ’ণা ভেকচিনৰ বাবে নাম পঞ্জীয়নৰ ক্ষেত্ৰত এটি লিংক প্ৰেৰণ কৰে ৷ ব্যৱহাৰকাৰীয়ে এই লিংকটোত ক্লিক কৰি নিজৰ সকলো ব্যক্তিগত তথ্য প্ৰদান কৰাৰ লগে লগেই এই তথ্যসমূহ ‘ডিপ ৱেব’ৰ জৰিয়তে অন্য হেকাৰলৈ উচ্চ মূল্যত বিক্ৰী কৰা হয় ৷ ইয়াৰ সামান্তৰলাকৈ নাম অন্তৰ্ভূক্তিৰ বাবে ‘পেটি এম’ৰ দ্বাৰা ধন সংগ্ৰহ কৰা হয় ৷

এই সমগ্ৰ প্ৰক্ৰিয়াতে ধন সংগ্ৰহৰ পৰিমাণ ক্ষুদ্ৰ হোৱা বাবে ব্যৱহাৰকাৰীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰাৰ কথা পোহৰলৈ অহা নাই ৷ কিন্তু ইতিমধ্যে বহু লোক এই প্ৰবঞ্চনাৰ বলি হৈছে ৷ যাৰ ফলত সামগ্ৰিকভাৱে এক মোটা অংকৰ ধন সংগ্ৰহ কৰিছে চাইবাৰ প্ৰবঞ্চকে ৷

ৰাইজৰ ঠগাৰ প্ৰক্ৰিয়া-

ব্যক্তিগত তথ্য প্ৰদানৰ বাবে লিংক প্ৰেৰণ:

চাইবাৰ চিকিউৰিটি বিশেষজ্ঞ আয়ুষ ভৰদ্বাজে কৈছে যে, কৰ’ণা ভেকচিনৰ প্ৰতিষেধকৰ বাবে নাম অন্তৰ্ভূক্ত কৰিবলৈ চাইবাৰ প্ৰবঞ্চকে বিভিন্ন সামাজিক মাধ্যমযোগে ব্যৱহাৰকাৰী সকলক এটি লিংক প্ৰেৰণ কৰে ৷ এই লিংকটো চৰকাৰীভাৱে প্ৰতিষেধকৰ বাবে নাম অন্তৰ্ভূক্তি বুলি প্ৰেৰণ কৰা হয় ৷ ব্যৱহাৰকাৰীয়ে লিংকটোত ক্লিক কৰি নিজৰ সকলো ব্যক্তিগত তথ্য যেনে ফোন নম্বৰ, আধাৰ কাৰ্ড, পিন কাৰ্ড আদি প্ৰদানৰ পিছতেই সমগ্ৰ তথ্য ‘ডিপ ৱেব’ৰ দ্বাৰা অন্যান্য হেকাৰক বিক্ৰী কৰা হয় ৷

নাম অন্তৰ্ভক্তিৰ বাবদ পেটিএমৰ জৰিয়তে ধন সংগ্ৰহ:

চাইবাৰ চিকিউৰিটি বিশেষজ্ঞ আয়ুষ ভৰদ্বাজে জনোৱা অনুসৰি নিজৰ ব্যক্তিগত তথ্যসমূহ প্ৰদানৰ পিছতেই ব্যৱহাৰকাৰীক এটি ধন জমা কৰিবলৈ কোৱা হয় ৷ এই ধনৰাশিৰ পৰিমাণ 200ৰ পৰা 500 টকা পৰ্যন্ত হয় ৷ চাইবাৰ প্ৰবঞ্চক সকলে এই ক্ষেত্ৰত ‘পেটিএম’ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় কাৰণ ‘পেটিএম’ৰ দ্বাৰা ধনৰ লেনদেন কৰিলে সেই ধন উভটাই পোৱা নাযায় ৷

নিজক কেনেদৰে সুৰক্ষিত কৰিব-

নিজৰ ব্যক্তিগত তথ্য প্ৰদানৰ পূৰ্বে ৱেবচাইটোৰ বিষয়ে ভালদৰে জানি লওক:

চাইবাৰ চিকিউৰিটি বিশেষজ্ঞ আয়ুষ ভৰদ্বাজে জনোৱা অনুসৰি চৰকাৰৰ দ্বাৰ ৰূপায়িত আঁচনিৰ লিংক কেৱল চৰকাৰী ৱেবচাইট সমূহতহে পোৱা যায় ৷ ইয়াৰ সমান্তৰালকৈ চাইবাৰ প্ৰবঞ্চকে ব্যৱহাৰ কৰা ৱেবচাইটসমূহ চৰকাৰী ৱেবচাইটৰ দৰে একে যদিও কিছু পৃথক ৷ এই ক্ষেত্ৰত ব্যৱহাৰকাৰী সকলে ৱেবচাইটটোৰ ডোমেইন পৰীক্ষা কৰিব লাগে ৷ যিকোনো চৰকাৰী ৱেবচাইটৰ অন্তত ‘.gov.in’ অথবা ‘.nic.in.’ লিখা থাকে ৷ ইয়াৰ বিপৰীতে ভুৱা চৰকাৰী ৱেবচাইটত ‘.com’ ‘.org’ ‘.net’ বা ‘.cn’ আদি লিখা থাকে ৷

Paytmৰ জৰিয়তে কোনোধৰণৰ লেনদেন নকৰিব:

চাইবাৰ চিকিউৰিটি বিশেষজ্ঞ আয়ুষ ভৰদ্বাজে জনোৱা অনুসৰি কৰ’ণা ভেকচিনৰ বাবে নাম অন্তৰ্ভূক্তিৰ বাবাদ কেবল Paytmৰ জৰিয়তেহে ধন লেনদেন কৰিব বিচাৰে ৷ ইয়াৰ বিপৰীতে চৰকাৰীভাৱে কোনো ধন লেনদেন কৰা নহয় ৷

লগতে পঢ়ক-দিল্লীৰ কাৰাগাৰত আৱদ্ধ ১১৫ গৰাকী কৃষক: কেজৰিৱাল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.