নিউজ ডেস্ক, ৬ ডিচেম্বৰ : গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ তথাকথিত ষড়যন্ত্ৰৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ কেইদিনমান পিছতে খালিস্তানী সন্ত্ৰাসবাদীজনে এটা ভিডিঅ'ত ১৩ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ সংসদত আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে । উল্লেখ্য যে এই দিনটো হৈছে ২০০১ চনত সন্ত্ৰাসবাদীৰ দ্বাৰা সংসদ আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকী ।
পান্নুন হৈছে আমেৰিকাৰ শিখছ ফৰ জাষ্টিছৰ (এছএফজে) মুৰব্বী । তেওঁক ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু ভাৰতীয় তদন্তকাৰী সংস্থাবোৰৰ বাবে ম'ষ্ট ৱাণ্টেড । ২০০১ চনৰ সংসদ আক্ৰমণৰ দোষী আফজল গুৰুৰ 'দিল্লী বনেগা খালিস্তান' শীৰ্ষক এখন পোষ্টাৰ প্ৰদৰ্শন কৰা ভিডিঅ'টোত পান্নুনে ভাৰতীয় সংস্থাসমূহৰ দ্বাৰা তেওঁক হত্যা কৰিবলৈ কৰা ষড়যন্ত্ৰ বিফল হোৱাৰ কথা উল্লেখ কৰি উল্লাস কৰিছে । পান্নুনে লগতে ঘোষণা কৰিছে যে তেওঁ ১৩ ডিচেম্বৰ বা তাৰ পূৰ্বে সংসদত আক্ৰমণ কৰি ইয়াৰ প্ৰতিশোধ ল'ব ।
পান্নুনৰ এই ভাবুকি সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশনৰ মাজত আহিছে । এই অধিবেশন ২২ ডিচেম্বৰলৈকে চলিব ।
এই ভিডিঅ'টো প্ৰচাৰৰ পিছতে এতিয়া নিৰাপত্তা সংস্থাবোৰে উচ্চ সতৰ্কতা অৱলম্বন কৰিছে । সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, নিৰাপত্তা সংস্থাসমূহে প্ৰকাশ কৰিছে যে পাকিস্তানৰ আইএছআইৰ কে-২ (কাশ্মীৰ-খালিস্তান) ডেস্কে পান্নুনক তেওঁৰ ভাৰতবিৰোধী ঘৃণা বৃদ্ধি কৰিবলৈ উচটনি দি আছে ।
উল্লেখ্য যে নৱেম্বৰ মাহত ফাইনেন্সিয়েল টাইমছে এক অজ্ঞাত সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদন প্ৰকাশ কৰিছিল যে আমেৰিকান কৰ্তৃপক্ষই পান্নুনক হত্যা কৰাৰ ষড়যন্ত্ৰ বিফল কৰিছে । আনহাতে, আমেৰিকাই এই ষড়যন্ত্ৰত ভাৰত চৰকাৰ জড়িত থকাৰ উদ্বেগজনক বিষয়টো ভাৰত চৰকাৰৰো দৃষ্টিগোচৰ কৰিছে ।
আনহাতে, আমেৰিকাৰ ন্যায় বিভাগে পূৰ্বতে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছিল, "গুপ্তাকে ধৰি অন্যান্যসকলৰ সৈতে ভাৰত আৰু ভাৰতৰ বাহিৰত একেলগে কাম কৰি থকা ভাৰত চৰকাৰৰ এগৰাকী কৰ্মচাৰীয়ে আমেৰিকাৰ ভূমিত এজন এটৰ্ণী আৰু ৰাজনৈতিক কৰ্মীক হত্যাৰ ষড়যন্ত্ৰৰ নিৰ্দেশ দিছিল, যিগৰাকী হৈছে নিউয়ৰ্ক চহৰত বাস কৰা ভাৰতীয় বংশোদ্ভূৱ আমেৰিকান নাগৰিক ।"
ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতে এজন চৰকাৰী বিষয়া ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে । আনহাতে, ভাৰতে আমেৰিকাক দেশখনে প্ৰকাশ কৰা উদ্বেগবোৰ আনুষ্ঠানিকভাৱে অনুসন্ধান কৰিবলৈ আৰু ১৮ নৱেম্বৰত স্থাপন কৰা পেনেলৰ ফলাফলৰ ওপৰত প্ৰয়োজনীয় অনুসৰণমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।
লগতে পঢ়ক :সংসদৰ শীতকালীন অধিবেশন; আজি লোকসভাত জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনা