ETV Bharat / bharat

সূৰ্য নমস্কাৰেৰে বিশ্ব অভিলেখ গুজৰাটৰ - Surya Namaskar

গুজৰাটত পুৱা ১০৮ টা স্থান আৰু ৫১ টা বিভিন্ন শ্ৰেণীত ৪,০০০ ৰো অধিক লোক সূৰ্য নমস্কাৰ কৰে (Gujarat Surya Namaskar)। লগে লগে ৰাজ্যখনে বিশ্বত নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

Gujarat sets Guinness Record
সূৰ্য নমস্কাৰেৰে বিশ্ব অভিলেখ গুজৰাটৰ
author img

By ANI

Published : Jan 1, 2024, 3:20 PM IST

নেশ্যনেল ডেস্ক,১ জানুৱাৰী : সুস্বাস্থ্য আৰু ঐক্যৰ অন্যতম নিদৰ্শন দাঙি ধৰিলে গুজৰাটে । সৰ্বাধিক লোকে সূৰ্য নমস্কাৰত অংশ লৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে গুজৰাটে ।

ইংৰাজী বৰ্ষৰ পহিলা দিনটোৰ পুৱা ১০৮ টা স্থান আৰু ৫১ টা বিভিন্ন শ্ৰেণীত ৪,০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে সূৰ্য নমস্কাৰ যোগ ক্ৰম প্ৰদৰ্শন কৰে । ইয়াৰ জৰিয়তে ৰাজ্যখনে সুস্থতা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰে ।

ঐতিহাসিক মোধেৰা সূৰ্য মন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত শিক্ষাৰ্থী, যোগৰ প্ৰতি আগ্ৰহী আৰু জ্যেষ্ঠ নাগৰিকৰ বিভিন্ন গোটে অংশগ্ৰহণ কৰা দেখা গৈছে । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীয়েও মোধেৰাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়া স্বপ্নিল ডাংগাৰিকাৰে আনুষ্ঠানিকভাৱে অভিলেখৰ সফল প্ৰচেষ্টাৰ কথা ঘোষণা কৰাৰ লগে লগে আনন্দময় পৰিৱেশে বিৰাজ কৰে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়া স্বপ্নিল ডাংগাৰিকাৰে কয় যে তেওঁ সূৰ্য নমস্কাৰ কৰা সৰ্বাধিক লোকৰ অভিলেখ পৰীক্ষণৰ বাবে তাত উপস্থিত হৈছে । তেওঁৰ মতে এয়া এক নতুন অভিলেখ কিয়নো পূৰ্বে কোনেও এই অভিলেখ ভংগ কৰা চেষ্টা চলোৱা নাছিল ।

গুজৰাটৰ গৃহ মন্ত্ৰী সংঘৱীয়ে ৰাজ্যখনৰ এই বিশেষ সফলতাৰ মুহূৰ্তত আনন্দ প্ৰকাশ কৰি কয় যে গুজৰাটে দেশ আৰু বিশ্বৰ প্ৰথমটো বিশ্ব অভিলেখ পঞ্জীয়ন কৰিছে । য'ত হাজাৰ হাজাৰ লোকে একেলগে ১০৮ টা স্থানত আৰু ৫১ টা বিভিন্ন স্থানত যোগাভ্যাস কৰিছে । তেওঁ লগতে যোগৰ বিশ্বব্যাপী আকৰ্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ বিশ্বতে যোগাভ্যাস কৰা হৈছে ।

লগতে পঢ়ক :নৱবৰ্ষত ইছৰোৰ নতুন সূচনা; প্ৰথমটো এক্স-ৰে মহাকাশ পৰ্যবেক্ষণালয় মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.