নেশ্যনেল ডেস্ক,১৭ জুন : ঘূৰ্ণীবতাহ বিপৰ্যয়ে তচনচ কৰি থৈ গ'ল গুজৰাটৰ উপকূলীয় অঞ্চল । বিভিন্ন অঞ্চলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে গুজৰাট চৰকাৰে জনোৱা মতে স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ ৩ দিনৰ সময়ৰ প্ৰয়োজন হ'ব । ইফালে গুজৰাট উপকূলত খুন্দা মৰাৰ পাছত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰকোপ কিছু হ্ৰাস হৈছে । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে জিলা প্ৰশাসনক সাহায্যৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্যৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ।
ভাৱনগৰত ভূমিস্খলনৰ সময়ত দুজন লোকৰ মৃত্যু হৈছিল যদিও ঘূৰ্ণীবতাহৰ ফলত কোনো প্ৰাণহানি হোৱা নাই বুলি প্ৰশাসনে জনাইছে । মুখ্যমন্ত্ৰী পেটেলে জনোৱা মতে এক লাখৰো অধিক লোকক আগতীয়া পৰিকল্পনাৰ অধীনত স্থানান্তৰ কৰা হৈছিল ।
ঘূৰ্ণীবতাহ বিপৰ্যয় সন্দৰ্ভত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত মুখ্য সচিবকে ধৰি জ্যেষ্ঠ সচিবসকলৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী পেটেলক সংশ্লিষ্ট জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰকৃত পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হয় ।
মুখ্যমন্ত্ৰীগৰাকীক জিলা অনুসৰি প্ৰাথমিক ক্ষতিৰ পৰ্যালোচনা কৰিবলৈ কোৱা হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক অহা সোমবাৰৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ মুকলি কৰিবলৈ নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যুৎ যোগান, পানী, ৰাস্তা আৰু যোগাযোগ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে । ধুমুহাৰ ফলত উভালি যোৱা গছৰ পৰিমাণত কৈ দুগুণ গছপুলি ৰোপণৰো পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে বৃহস্পতিবাৰে সন্ধিয়া গুজৰাটৰ কচ্ছ উপকূলত খুন্দা মৰাৰ পাছত ঘূৰ্ণীবতাহ বিপৰ্যয় কিছু দুৰ্বল হৈছে । অৱশ্যে উত্তৰ গুজৰাটত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
জানিব পৰা মতে ধুমুহাৰ ফলত বৈদ্যুতিক খুঁটা ভাগি পৰে আৰু প্ৰায় ৪,৬০০ খন গাঁৱত বিদ্যুৎ সংযোগ বিঘ্নিত হয় । বিদ্যুৎ সংযোগ পুনৰুদ্ধাৰৰ বাবে কচ্ছ, দেৱভূমি দ্বাৰকা, জামনগৰ, মৰবি, জুনাগড়, গিৰ সোমনাথ, ৰাজকোট আৰু পোৰবন্দৰ জিলাত ১,১২৭ টা দলে কাম কৰি আছে । প্ৰশাসনে জনোৱা মতে বিপৰ্যয়ৰ ফলত ৬৫ টা ঘৰ ধ্বংস হয় ।
লগতে পঢ়ক :Cyclone Biparjoy : প্ৰকোপ কমিছে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ !