ETV Bharat / bharat

Modi surname case : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ - Modi surname case

প্ৰদান কৰা হ’ল ‘মোডী উপাধি’ সংক্ৰান্তীয় মানহানি গোচৰৰ ৰায়দান ৷ ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ ইয়াৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তথা সাংসদ পদ লাভৰ সম্ভাৱনাও ম্লান পৰিল কংগ্ৰেছ নেতাগৰাকীৰ ।

Rahul Gandhi defamation case
কাৰ পক্ষে হ’ব গুজৰাট উচ্চতম ন্যায়ালয়ৰ ৰায়
author img

By

Published : Jul 7, 2023, 10:41 AM IST

Updated : Jul 7, 2023, 11:26 AM IST

নেশ্যনেল ডেস্ক, 7 জুলাই : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ পুনৰ লাভ কৰাক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱশেষত অন্ত পৰিল ৷ ‘মোডী উপাধি’ সংক্ৰান্তীয় মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনক খাৰিজ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকে কৰে এই ৰায়দান । ইয়াৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তথা সাংসদ পদ লাভৰ সম্ভাৱনাও ম্লান পৰিল কংগ্ৰেছ নেতাগৰাকীৰ ।

উল্লেখ্য যে, মে’ মাহত ন্যায়াধীশ প্ৰচ্চাকে গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰিছিল আৰু ইতিমধ্যে সমাপ্ত হোৱা গ্ৰীষ্মকালীন ছুটীৰ পিছত চূড়ান্ত আদেশ জাৰি কৰা হ’ব বুলি উল্লেখ কৰিছিল । আবেদনখনত ৰাহুল গান্ধীৰ বিৰুদ্ধে জাৰি কৰা শাস্তি স্থগিত ৰখাৰ দাবী উত্থাপন কৰা হৈছে । ইফালে, যোৱা 4 জুলাইত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ‘মোডী উপাধি’ মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । এই সন্দৰ্ভত পৰৱৰ্তী শুনানি 16 আগষ্টত হ’ব বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মে’ মাহত গুজৰাট উচ্চ ন্যায়ালয়ে 2019 চনৰ ‘মোডী উপাধি’ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাত স্থগিত ৰখাৰ বাবে কৰা আবেদন জনাইছিল । আদালতে ৰাহুল গান্ধীক কোনো ধৰণৰ অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে । ৰাহুল গান্ধীয়ে 25 এপ্ৰিলত গুজৰাট উচ্চ ন্যায়ালয়ত গুজৰাটৰ চুৰাট সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাইছিল ।

যোৱা 23 মাৰ্চৰ দিনা চুৰাটৰ এখন মহানগৰ দণ্ডাধীশ আদালতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পূৰ্ণেশ মোডীয়ে 2019 চনত দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ 499 আৰু 500 ধাৰাৰ অধীনত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ বাবে শাস্তি প্ৰদান কৰিছিল ৷ এই ৰায়দানৰ পিছতে কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা গান্ধীক জনপ্ৰতিনিধিত্ব আইনৰ বিধান অনুসৰি সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয় । গান্ধীয়ে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

লগতে পঢ়ক : Arms laying down ceremony : অন্ত পৰিল 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ

Last Updated : Jul 7, 2023, 11:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.