নিউজ ডেস্ক, ১০ আগষ্ট : চন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ –১৬ মাৰ্চ, ১৯৭২) হৈছে অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, প্ৰথিতযশা সাহিত্যিক আৰু সমাজ সংস্কাৰক । অসমত নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক হিচাবে গণ্য কৰা হয় চন্দ্ৰপ্ৰভা শইকীয়ানীক (Assamese freedom fighter Chandraprabha Saikiani) ।
তেওঁ হৈছে অসমৰ মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰা বেচৰকাৰী সংগঠন সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ (All Assam Pradeshik Mahila Samiti) প্ৰতিষ্ঠাপক । তেওঁৰ জীৱনজোৰা কৰ্ম আৰু সামাজিক অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৭২ চনত চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে (Padma Shri award to Chandraprabha Saikiani in 1972) । ইয়াৰে তিনি দশক পিছত ভাৰত চৰকাৰে ২০০২ চনত সমাজ সংস্কাৰক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৰণত এটি ডাক টিকট উছৰ্গা কৰে ।
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯৩২ চনৰ আইন অমান্য আন্দোলন (Civil Disobedience Movement of 1932) আৰু ১৯২০-২১ চনৰ অসহযোগ আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল । আনহাতে, অসম বিধানসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ স্বাধীন ভাৰতত ৰাজনীতিত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় । চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী প্ৰসিদ্ধ কবি তথা সাহিত্যিকো আছিল ।
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আদি জীৱন
১৯০১ চনৰ ১৬ মাৰ্চ তাৰিখে কামৰূপ জিলাৰ ডইচিংগৰী গাঁৱত ৰতিৰাম মজুমদাৰৰ ঔৰসত (গাঁওবুঢ়া) আৰু গংগাপ্ৰিয়া মজুমদাৰৰ গৰ্ভত তেওঁৰ জন্ম হৈছিল । জন্মগত নাম আছিল তেওঁৰ চন্দ্ৰপ্ৰিয়া মজুমদাৰ (চন্দ্ৰপ্ৰিয়া দাস) । মাক-দেউতাকৰ এঘাৰটা সন্তানৰ ভিতৰত তেওঁ সপ্তম আছিল আৰু তেওঁ নিজেই নিজৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানী নামটো বাছনি কৰি লৈছিল ।
তেওঁ তেওঁৰ ভগ্নী ৰজনীপ্ৰভা শইকীয়ানীৰ সৈতে কেইবা কিলোমিটাৰ বাট আঁঠুৱনি বোকা ভাঙি চাইকেল চলাই ল'ৰাৰ বিদ্যালয়ত পঢ়িবলৈ গৈছিল । কিয়নো সেই সময়ত তাত কোনো ছোৱালীৰ বিদ্যালয় নাছিল । উল্লেখ্য যে তেওঁৰ ভগ্নী ৰজনীপ্ৰভা শইকীয়ানী হৈছে অসমৰ প্ৰথম মহিলা চিকিৎসক হৈছিল (Rajaniprabha Saikiani first woman doctor of Assam) । এই দুয়োগৰাকী বায়েক-ভনীয়েকৰ মনোবলে নীলকান্ত বৰুৱা নামৰ এগৰাকী বিদ্যালয়ৰ উপ-পৰিদৰ্শকক প্ৰভাৱিত কৰিছিল আৰু তেওঁক এক বৃত্তি প্ৰদান কৰি নগাঁও মিছন স্কুললৈ লৈ গৈছিল ।
নগাঁও মিছন স্কুলত গৈ তেওঁ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিয়নো সেই সময়ত তাত এগৰাকী ছোৱালীয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে তেওঁক হোষ্টেলত থাকিবলৈ দিয়া নাছিল । চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ইয়াৰ প্ৰবল প্ৰতিবাদ কৰিছিল । পিছত তেওঁ তেওঁৰ উক্ত প্ৰতিবাদৰ সুফল হাতে পাইছিল । কিয়নো তেওঁৰ প্ৰতিবাদত সেও মানি অৱশেষত বিদ্যালয় কৰ্তৃপক্ষই ছোৱালীজনীক হোষ্টেলত থাকিবলৈ দিছিল ।
আনহাতে, স্কুল ছুটিৰ পিছত তেওঁ স্থানীয় নিৰক্ষৰ ছোৱালীবোৰক একত্ৰিত কৰিছিল আৰু বিদ্যালয়ৰ ওচৰৰ অস্থায়ী গোহালি এটাত তেওঁ স্কুলত শিকা কথাবোৰ শিকাইছিল । ইয়াৰ পৰাই আৰম্ভ তেওঁৰ সামাজিক সক্ৰিয়তা । লগতে তেওঁ হোষ্টেল অধীক্ষকে হিন্দু শিক্ষাৰ্থীসকলক কৰা বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল ।
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ মাক-দেউতাকে এগৰাকী তেওঁতকৈ জ্যেষ্ঠ ব্যক্তিলৈ বিয়া দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া অস্বীকাৰ কৰিছিল আৰু অসমৰ এগৰাকী সাহিত্যিক দণ্ডিনাথ কলিতাৰ সৈতে বিয়া ঠিক কৰে । তেওঁৰ লগত হোৱা সম্পৰ্কৰ ফল স্বৰূপে বিবাহৰ পূৰ্বেই মাতৃত্ব ধাৰণ কৰে । কিন্তু দণ্ডিনাথ কলিতাই পিছত আন এগৰাকী মহিলাক বিয়া কৰোৱাত তেওঁ চিৰ জীৱনৰ বাবে কুমাৰী মাতৃ হৈয়ে থাকে (Chandraprabha Saikiani remained spinster for life) ।
তেওঁ তেওঁৰ পুত্ৰক কুমাৰী মাতৃ হিচাপে ডাঙৰ-দীঘল কৰাৰ ক্ষেত্ৰত ৰক্ষণশীল সমাজৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল বুলি জনা যায় । কিন্তু জ্যোতিপুৰলৈ গৈ তেওঁৰ জীৱনে এক নতুন গতি লাভ কৰে । তাত তেওঁ চন্দ্ৰনাথ শৰ্মা (Chandranath Sharma), অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা (Jyotiprasad Agarwalla) আৰু লক্ষীধৰ শৰ্মাৰ (Lakhidhar Sarma) দৰে সামাজিক আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰে আৰু তেওঁলোকৰ লগত মত বিনিময়ৰ সুযোগ পায় ।
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সামাজিক আৰু ৰাজনৈতিক জীৱন
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তাৰ পিছত তেওঁ তেজপুৰৰ ছোৱালী এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হৈছিল । তেজপুৰত থকাৰ সময়ত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা, লক্ষীধৰ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ সৈতে জড়িত হৈ পৰিছিল । 1918 চনত অসম ছত্ৰ সন্মিলনৰ তেজপুৰ অধিবেশনত (Tezpur session of Asom Chhatra Sanmilan) তেৱেঁই আছিল একমাত্ৰ মহিলা প্ৰতিনিধি আৰু কানি খোৱাৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত এক বিশাল জনসমাগমক সম্বোধন কৰি ইয়াক নিষিদ্ধ কৰাৰ আহ্বান জনাইছিল । এইটোৱেই আছিল প্ৰথম অনুষ্ঠান, য'ত এগৰাকী অসমীয়া মহিলাই এক বৃহৎ সমাবেশৰ সন্মুখত বক্তব্য ৰাখিছিল ।
১৯২১ চনত জাতীয়তাবাদৰ উত্থানৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ মহাত্মা গান্ধীৰ অসহযোগিতা আন্দোলনত (non cooperation movement of Mahatma Gandhi) যোগদান কৰে আৰু পঞ্চায়তৰ মহিলাসকলৰ মাজত স্বাধীনতা আন্দোলনৰ বাৰ্তা প্ৰচাৰ কৰা কাম আৰম্ভ কৰে । তেওঁ ১৯২৫ চনত অসম সাহিত্য সভাৰ নগাঁও অধিবেশনৰ (Assam Sahitya Sabha Nagaon session) আমন্ত্ৰিত বক্তা আছিল । তাত তেওঁ পৃথক স্থানত বহি থকা মহিলাসকলক এই বৈষম্যৰ বাধাৰ প্ৰচীৰবোৰ ভাঙিবলৈ আহ্বান জনাইছিল আৰু মহিলাসকলক মুকলি হৈ ওলাই অহাৰ আহ্বান জনাই মাত মাতিছিল ।
নিজৰ গাঁৱলৈ উভতি আহি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কালজিৰাপাৰা বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল । কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৱাহাটী অধিবেশনত উপস্থিত থাকিবলৈ বিচৰা অনুমতি অস্বীকাৰ কৰাৰ বাবে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰিছিল । ইয়াৰ মাজতে তেওঁ নিজৰ সামাজিক সক্ৰিয়তা অব্যাহত ৰাখি ১৯২৬ চনত বাল্য বিবাহ, বহুবিবাহ আৰু মন্দিৰত মহিলাসকলক প্ৰৱেশৰ ক্ষেত্ৰত দেখুওৱা বৈষম্যৰ বিৰুদ্ধে কাম কৰিবলৈ আৰু নাৰী শিক্ষা আৰু স্ব-নিযুক্তিৰ দৰে বিষয় গ্ৰহণ কৰিবলৈ অসম প্ৰাদেশিক মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল (Assam Pradeshik Mahila Samiti) ।
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ (Hayagriva Madhava Temple) মহিলাসকলৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা আছিল অতুলনীয় । আইন অমান্য আন্দোলনত জড়িত হোৱাৰ ফলত তেওঁ ১৯৩০ চনত কাৰাবৰণ কৰিবলগা হৈছিল । পিছত ১৯৪৩ চনত অসহযোগিতা আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়তো তেওঁ পুনৰ কাৰাবৰণ কৰিছিল । ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ছচিয়েলিষ্ট পাৰ্টীত যোগদান কৰে । কিন্তু পিছত পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ উভতি যায় আৰু 1957 চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে যদিও সফল হ'ব পৰা নাছিল । উল্লেখ্য, তেওঁৰ পুত্ৰ অতুল শইকীয়া এজন ৰাজনীতিবিদ আৰু অসম বিধানসভাৰ প্ৰাক্তন সদস্য ।
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সাহিত্যিক অৱদান, বঁটা আৰু সন্মান
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰথম চুটি গল্প প্ৰকাশ পায় ১৯১৮ চনত ১৭ বছৰ বয়সত বাঁহী আলোচনীত । তাৰ পিছত কেইবাখনো গ্ৰন্থ যেনে পিতৃভিথা (১৯৩৭), চিপাহী বিদ্ৰোহত, দিল্লীৰ সিংহাসন আৰু কবি অনৱ ঘোষ আদি প্ৰকাশ কৰে । তেওঁ মহিলা সমিতিৰ আলোচনী অভিযাত্ৰীৰ সম্পাদক হিচাপে সাত বছৰ কাৰ্যনিৰ্বাহ কৰিছিল আৰু সৰ্বভাৰতীয় অসম কৃষক সন্মিলনৰো নেতৃত্ব দিছিল ।
চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী প্ৰসিদ্ধ কবি আৰু প্ৰসিদ্ধ লেখক আছিল । তেওঁ ১৯৩৭ চনত পিতৃভিথা শীৰ্ষক এখন উপন্যাস প্ৰকাশ কৰে । ভাৰত চৰকাৰে তেওঁৰ মৃত্যুৰ কিছুদিন পিছতে ১৯৭২ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে । আনহাতে, 2002 চনত ভাৰত চৰকাৰে তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট মুকলি কৰে ।
১৯৭২ চনৰ ১৬ মাৰ্চত কৰ্কট ৰোগত আক্ৰান্ত হৈ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ৭১ সংখ্যক জন্মদিনত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ কেইমাহমান পূৰ্বে ভাৰত চৰকাৰে তেওঁক 1972 চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে ।তেওঁৰ মৃত্যুৰ পিছত গুৱাহাটীৰ চৰকাৰী পলিটেকনিকখন তেওঁৰ নামেৰে নামকৰণ কৰা হয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে উত্তৰ-পূব ভাৰতত মহিলা শিক্ষাৰ প্ৰচাৰৰ বাবে 2009 চনত তেওঁৰ নামত চন্দ্ৰপ্ৰভা শইকীয়ানী চেণ্টাৰ ফৰ উইমেন ষ্টাডিজ (Chandraprabha Saikiani Center for Women’s Studies, CSCWS) নামৰ এটা মহিলা কেন্দ্ৰ স্থাপন কৰে ।
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন বৃত্তান্ত চাৰিখন জীৱনীমূলক গ্ৰন্থত লিপিবদ্ধ কৰা হৈছে :
পুষ্পলতা দাসৰ 'অগ্নিস্নাতা চন্দ্ৰপ্ৰভা' (১৯৯৮),
অচ্যুত কুমাৰ শৰ্মাৰ 'চন্দ্ৰপ্ৰভা শইকীয়ানী' (২০০১),
হিৰণময়ী দেৱীৰ 'মুক্তিসংগ্ৰামী চন্দ্ৰপ্ৰভা' (২০০২) আৰু
অঞ্জলি শৰ্মাৰ 'চন্দ্ৰপ্ৰভা' (2011) ।
'অভিযাত্ৰী : এটা জীৱন বহু নদী' চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ এক কাল্পনিক চিত্ৰৰে প্ৰখ্যাত ঔপন্যাসিক নিৰুপমা বৰগোহাঞিয়ে লিখা এখন উপন্যাস । এই উপন্যাসখনৰ বাবেই নিৰুপমা বৰগোহাঞিয়ে ১৯৯৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । পিছলৈ প্ৰদীপ্ত বৰগোহাঞিয়ে অভিযাত্ৰীক ইংৰাজীলৈ অনুবাদ কৰে আৰু সাহিত্য অকাডেমি বঁটা লাভ কৰে ।
লগতে পঢ়ক :Azad ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী