নেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : কুকুৰে কামোৰা সম্পৰ্কীয় এক ভুৱা গোচৰৰ বাবে অপূৰ্ব পাঠক নামৰ এজন লোকে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । ন্যায়পালিকাক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ তেওঁৰ যি ইচ্ছা আছিল সেয়াও বিপদত পৰা দেখা গৈছে । যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰাৰ লগতে পাঠকে ২০১৮ চনত নিৰ্দোষ সাব্যস্ত হোৱাৰ পাছতো এক দীঘলীয়া আইনী যুঁজৰ সন্মুখীন হৈছে ।
অৱশ্যে শেহতীয়াকৈ তেওঁক আদালতে সকাহ প্ৰদান কৰা দেখা গৈছে । উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশ ন্যায়িক সেৱাৰ বাবে ন্যায়িক বিষয়া (অসামৰিক ন্যায়াধীশ, কনিষ্ঠ বিভাগ) পদৰ বাবে তেওঁৰ নিযুক্তিৰ বিৰুদ্ধে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক আদেশ বাতিল কৰিছে ।
ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু সুধাংশু ধুলিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয় যে তেওঁলোকৰ মনত কোনো সন্দেহ নাই যে উচ্চ ন্যায়ালয়ে প্ৰশাসনিক দিশত লোৱা সিদ্ধান্ত সদিচ্ছাপূৰ্ণ । কিন্তু আবেদনকাৰীৰ প্ৰতি এক গুৰুতৰ অন্যায় বুলিও বিচাৰপীঠে উল্লেখ কৰিছে । শীৰ্ষ ন্যায়ালয়ে এই মাহৰ আৰম্ভণিতে এক নিৰ্দেশত কয় যে উচ্চ ন্যায়ালয়ে আবেদনকাৰীক নিযুক্তি নিদিয়াৰ বাবে যি ভিত্তি প্ৰস্তুত কৰিছে সেয়া উচিত নহয় ।
২০২২ চনৰ ৫ ডিচেম্বৰত গৃহীত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো আঁতৰাই বিচাৰপীঠে কয় যে আবেদনকাৰীক অসামৰিক ন্যায়াধীশ (কনিষ্ঠ বিভাগ) পদত নিযুক্তি দিয়া হ'ব আৰু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে তেওঁৰ জ্যেষ্ঠতাৰ সিদ্ধান্ত বাছনিৰ তাৰিখৰ ভিত্তিত গ্ৰহণ কৰা হ'ব ।
বিচাৰপীঠে উল্লেখ কৰিছে যে উচ্চ ন্যায়ালয়ে উত্থাপন কৰা আপত্তিবোৰ শুদ্ধ নহয় । তেওঁ ইতিমধ্যে ২০১৭ বৰ্ষৰ বাবে বাছনিৰ প্ৰথম পৰ্যায়ত নিৰ্বাচিত হৈছিল কিন্তু নিযুক্তি দিয়া হোৱা নাছিল । যাৰ বাবে তেওঁ দীৰ্ঘদিনে সমস্যাৰ সন্মুখীন হৈ আহিছে । পৰৱৰ্তী বাছনি প্ৰক্ৰিয়াত একে কাৰণতে তেওঁক পুনৰ শাস্তি দিয়াটো আদালতৰ মতে ন্যায়সঙ্গত নহয় । সহজভাৱে ক'বলৈ গ'লে আবেদনকাৰীৰ বিৰুদ্ধে ধাৰা ২৮৯ আইপিচিৰ অধীনত এটা অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল কিন্তু ২০১৮ চনত তেওঁক নিৰ্দোষ সাব্যস্ত কৰা হৈছিল । তাৰ পাছত পুনৰ নিযুক্তি প্ৰদানত বাধা দিয়াটো উচিত নহয় বুলিও বিচাৰপীঠে উদ্বেগ প্ৰকাশ কৰিছে । ইফালে তেওঁৰ বিৰুদ্ধে থকা গোচৰটো তেনে সাধাৰণ আৰু তেওঁ ইতিমধ্যে নিৰ্দোষী সাব্যস্তও কৰিছে ।
উল্লেখ্য যে ২০১৮ চনৰ ফেব্ৰুৱাৰীত উত্থাপন কৰা এক অভিযোগ অনুসৰি আবেদনকাৰী পাঠকে তেওঁৰ পোহনীয়া কুকুৰটোক অভিযোগকাৰীক কামুৰিবলৈ বাধ্য কৰাইছিল আৰু তাৰ পাছত মানুহৰ জীৱনৰ বাবে যিকোনো সম্ভাৱ্য বিপদ বা গুৰুতৰ আঘাতৰ পৰা ৰক্ষা কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ লোৱা নাছিল ।