ETV Bharat / bharat

ত্ৰিপুৰাৰ জনজাতীয় নিবনুৱা যুৱক-যুৱতীৰ বাবে চৰকাৰৰ বিশেষ পাঠ্যক্ৰম - ত্ৰিপুৰা চৰকাৰৰ জনজাতীয় কল্যাণ বিভাগ

ত্ৰিপুৰাৰ চৰকাৰে ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ বাবে এটাৰ পাছত আনটো উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে । এইবাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ । নিযুক্তিৰ ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে নিবনুৱাসকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে ?

software programming courses
ত্ৰিপুৰাৰ জনজাতীয় নিবনুৱা যুৱক যুৱতীৰ বাবে চৰকাৰৰ বিশেষ পাঠ্যক্ৰম
author img

By

Published : Sep 21, 2021, 12:26 PM IST

আগৰতলা, ২১ ছেপ্টেম্বৰ : ত্ৰিপুৰা চৰকাৰে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এইবাৰ জনজাতীয় লোকৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । নিবনুৱাসকলক নিযুক্তিৰ বাবে সাজু কৰাৰ উদ্দেশ্যে ছফ্টৱেৰ প্ৰগ্ৰামিং পাঠ্যক্ৰম (software programming courses) প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

জনজাতীয় কল্যাণ বিভাগৰ সূত্ৰৰ মতে ত্ৰিপুৰা চৰকাৰে নৱগুৰুকুল প্ৰতিষ্ঠানৰ (Navgurukul Institution) সৈতে ইতিমধ্যে চুক্তিবদ্ধ হৈছে । সূত্ৰটোৱে জনোৱা মতে এই পাঠ্যক্ৰমে নিশ্চিতভাৱে নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে নিবনুৱাসকল উপকৃত হ'ব আৰু মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ (Chief Minister Biplab Kumar Deb) আত্মনিৰ্ভৰশীলতাৰ প্ৰতিশ্ৰুতি বাস্তৱ ৰূপত ৰূপায়িত হ'ব ।

software programming courses
ত্ৰিপুৰাৰ জনজাতীয় নিবনুৱা যুৱক যুৱতীৰ বাবে চৰকাৰৰ বিশেষ পাঠ্যক্ৰম

এই পাঠ্যক্ৰমৰ জৰিয়তে বহুজাতিক কোম্পানীবোৰে আগবঢ়োৱা উচ্চ বেতনৰ চাকৰিত যোগদান কৰিবলৈ প্ৰাৰ্থীসকল সক্ষম হ'ব ।

ত্ৰিপুৰা চৰকাৰৰ জনজাতীয় কল্যাণ বিভাগ হৈছে এক কাৰ্যকৰী সংস্থা যিয়ে ইতিমধ্যে নামভৰ্তিৰ বাবে পৰ্টেল খুলিছে । গোটেই পাঠ্যক্ৰমটো ১.৫ বছৰৰ বাবে আৱাসিক মোডৰ (residential mode) হ'ব । চৰকাৰে নিম্নতম ২০,০০০ টকাৰ দৰমহাৰ সৈতে নিযুক্তি প্ৰদানৰো আশ্বাস দিব ।

মেট্ৰিক পৰীক্ষা বা তাতকৈ বেছি উত্তীৰ্ণ যিকোনো শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব আৰু পাঠ্যক্ৰমৰ সময়ত আহাৰ আৰু আৱাসৰ ব্যয় চৰকাৰে বহন কৰিব । শীৰ্ষ বিষয়াসকলে জনোৱা মতে জনজাতীয় শিক্ষাৰ্থীসকলে যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যাপ্ত নিযুক্তি লাভ কৰিব পাৰে তাৰ বাবে এই ধৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক:সীমান্তৰে ভ্ৰমণৰ ক্ষেত্ৰত শিথিলতা জাৰি বাংলাদেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.